ভূমিকম্পই জোঁকাৰি গ’ল অসম
ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে নিশাই ভূমিকম্পই জোঁকাৰি গ’ল অসম। ভাৰতীয় সময় অনুসৰি, ৭ জুন, দেওবাৰে নিশা ১১ বাজি ০৬ মিনিটত অনুভূত হ’ল ভূমিকম্পৰ কম্পন। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰ (National Center for Seismology)ৰ তথ্য অনুসৰি, ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৮ ৰিখটাৰ স্কেল। ভূমিকম্পৰ অভিকেন্দ্ৰ ভূটানৰ থিম্ফুৰ পৰা উত্তৰে ১৭ কিলোমিটাৰ নিলগত আৰু ২৬ কিলোমিটাৰ গভীৰত বুলি নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই। অৱশ্যে ভূমিকম্পত ৰাজ্যত কোনো ক্ষয়-ক্ষতিৰ খবৰ অহা নাই।
