আজিৰে পৰা ফাষ্টট্রেক আদালত জুবিন হত্যা গোচৰৰ বিচাৰ

Pc The Economic Times

আজিৰে পৰা ফাষ্টট্রেক আদালত জুবিন হত্যা গোচৰৰ বিচাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ফাষ্টট্রেক আদালতত আজিৰ পৰা অনুষ্ঠিত হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ মূল বিচাৰ প্ৰক্ৰিয়া। ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতে আজিৰ পৰা জুবিন গাৰ্গ হত্যাকাণ্ডৰ সৈতে জড়িত বিভিন্ন সাক্ষীৰ সাক্ষ্যগ্রহণ কৰিব। উল্লেখ্য যে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত মৰিগাঁও থানাত দাখিল কৰা হৈছিল প্ৰথমখন এজাহাৰ। সেয়েহে আজি অধিবক্তা ৰাতুল বৰা, মৰিগাঁৱৰ তদানীন্তত এছ পি হেমন্ত কুমাৰ দাস, অ’চি ভাস্কৰ বৰ্মন আৰু এছ আই প্ৰণৱ শইকীয়াই প্রথমে আদালতত সাক্ষ্য প্রদান কৰিব। বিগত ২০২৫ বৰ্ষৰ অভিশপ্ত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰৰ বুকুত ৰহস্যজনকভাৱে মৃত্যু হৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে সমগ্ৰ গোচৰটো তদন্ত কৰি ১২ সহস্রাধিক পৃষ্ঠাৰ এক বৃহৎ কলেৱৰৰ অভিযোগনামা আদালতত দাখিল কৰিছিল। পৰৱৰ্তী সময়ত গোচৰটোৰ দ্রুত শুনানিৰ বাবে চৰকাৰে গঠন কৰি দিয়া বিশেষ ফাষ্টট্রেক আদালতলৈ গোচৰটো অনা হয়। শেহতীয়াকৈ জুবিন গাৰ্গ হত্যাকাণ্ডৰ মূল ৭ অভিযুক্তৰ বিৰুদ্ধে আদালতে চার্জফ্ৰেম কৰিছে। কাইলৈৰ পৰা আদালতে গোচৰটোৰ সৈতে জড়িত ৩৯৪ গৰাকী সাক্ষীৰ সাক্ষ্যগ্রহণ প্ৰক্ৰিয়া আৰম্ভ কৰিব। এই প্ৰক্ৰিয়া পৰৱৰ্তী ২০ জুনলৈ অব্যাহত থাকিব। ভাৰতীয় ন্যায় সংহিতাৰ ৩৬,৩৭,৩৮ ধাৰাৰ অধীনত এই বিচাৰ প্ৰক্ৰিয়া চলিব । উল্লেখ্য যে সাক্ষ্যদানৰ প্ৰক্ৰিয়াত পুনৰ সাক্ষী দিবলৈ তলব কৰা হ’ব ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলক।