ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ বৈভৱ সূৰ্যবংশীৰ

Pc ESPNcricinfo

ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ বৈভৱ সূৰ্যবংশীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ইতিহাস ৰচিলে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে। সদ্যসমাপ্ত আইপিএলত চাঞ্চল্যকৰ বেটিঙেৰে চমক সৃষ্টি কৰা বিস্ময় বালক বৈভৱ সূৰ্যবংশীক প্ৰথমবাৰলৈ ভাৰতীয় ছিনিয়ৰ দললৈ আমন্ত্রণ জনোৱা হৈছে। ইংলেণ্ড, আয়াৰলেণ্ড আৰু এছিয়ান গেমছৰ বাবে শনিবাৰে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডে ঘোষণা কৰা ভাৰতীয় টি-২০ দলটোত স্থান লাভ কৰিছে বৈভৱে। মাত্র ১৫ বছৰ বয়সতে ভাৰতীয় ছিনিয়ৰ দললৈ আমন্ত্রণ লাভ কৰি বিস্ময় বালক বৈভৱ সূর্যবংশীয়ে ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ ৩৬ বছৰ পুৰণি অভিলেখ ভংগ কৰে। ১৫ বছৰ ৭১ দিনত ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভ কৰা বৈভৱ সূৰ্যবংশী হ’ল সর্বকনিষ্ঠ খেলুৱৈ। ইয়াৰ পূর্বে এই অভিলেখ আছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নামত। ১৯৮৯ চনত কৰাচীত পাকিস্তানৰ বিপক্ষে খেলা টেষ্ট মেচখনৰ জৰিয়তে আন্তর্জাতিক ক্রিকেটত অভিষেক ঘটাৰ সময়ত তেণ্ডুলকাৰৰ বয়স আছিল ১৬ বছৰ ২০৫ দিন। বৈভৱে যদি দেশৰ হৈ খেলপথাৰত নামে তেতিয়াহ’লে শচীন তেণ্ডুলকাৰৰ সৰ্বকনিষ্ঠ হিচাপে ভাৰতীয় দলত অভিষেক ঘটাৰ অভিলেখটো ভংগ কৰিব। মুম্বাইস্থিত ব’ৰ্ডৰ মুখ্য কার্যালয়ত ইংলেণ্ড, আয়াৰলেণ্ড আৰু এছিয়ান গেমছলৈ দল ঘোষণা কৰাৰ বাবে ৰাষ্ট্ৰীয় নির্বাচকসকলে বৈঠকত মিলিত হয়। বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়া আৰু মুখ্য নির্বাচক অজিত আগৰকাৰৰ উপস্থিতিত তিনিওটা শৃংখলাৰ বাবে আজি ভাৰতীয় টি-২০ দলটো ঘোষণা কৰা হয়। সদ্যসমাপ্ত আইপিএলত দুর্দান্ত প্রদর্শনেৰে মুঠ ১৬খন মেচত ২৩৭.৩০ ষ্ট্ৰাইক ৰেটেৰে ১টা চেঞ্চুৰী, ৫টা অর্ধশতৰানেৰে ৭৭৬ ৰান সংগ্ৰহ কৰি অ’ৰেঞ্জ কেপৰ লগতে আন চাৰিটাকৈ বঁটা লাভ কৰাৰ পিছতে বৈভৱক ভাৰতীয় দলত অন্তর্ভুক্ত কৰাৰ বাবে কেইবাজনো ক্রিকেট বিশেষজ্ঞই দাবী জনাইছিল। শেষত শনিবাৰে ঘোষণা কৰা তিনিওটা দলতে বৈভৱক অন্তর্ভুক্ত কৰা হয়। উল্লেখ্য যে টীম ইণ্ডিয়াই ২৬ জুন আৰু ২৮ জুনত বেলফেষ্টত আয়াৰলেণ্ডৰ বিপক্ষে দুখন টি-২০ মেচ খেলাৰ পিছতে ১ জুলাইৰ পৰা ১১ জুলাইলৈ ইংলেণ্ডৰ বিপক্ষে পাঁচখন টি-২০ মেচত ভাগ ল’ব। ইফালে, অহা ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানত অনুষ্ঠিত হ’ব এছিয়ান গেমছ।