গুৱাহাটীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচি
ৰঙিলী বাৰ্ত্তাসেৱা- অসমবাসীৰ বাবে সুখবৰ। জুলাই মাহত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইছি। গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-জাপান সন্মিলন। উল্লেখ্য যে জাপানৰ সৈতে তথ্য-প্রযুক্তি তথা কাৰিকৰী দিশত একেলগে আগবঢ়াৰ লক্ষ্যৰে ইতিপূর্বে কেইবাখনো বুজাবুজি চুক্তিত উপনীত হোৱাৰ পাছত এইবাৰ প্ৰতিৰক্ষা, বাণিজ্য, অর্থনৈতিক সুৰক্ষাক লৈ এছিয়াৰ সূর্য উঠা দেশখনৰ সৈতে হ’ব আন কেইবাখনো চুক্তি। অসমত ইতিহাস সৃষ্টি কৰাৰ লক্ষ্যৰে হ’বলগা দুয়ো দেশৰ এই সম্মিলনক লৈ ইতিমধ্যে আৰম্ভ হৈছে বিশেষ তৎপৰতা। দিল্লীৰ পৰা দিছপুৰলৈ চলা এই তৎপৰতাৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মন্ত্রী পৰিষদক লৈ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। নতুন মন্ত্ৰীসকলৰ লগতে মুখ্য সচিব তথা প্রশাসনিক বিষয়াসকল উপস্থিত থকা এই বৈঠকতে ভাৰত-জাপান সন্মিলন সন্দর্ভতো বিভিন্ন দিশত আলোচনা হয়। বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° শর্মাই সবিশেষ প্ৰকাশ কৰাৰ পৰিৱর্তে মাথোঁ কয়- ‘এটি বিশেষ বিষয়, এখন বিশেষ বৈঠক আৰু এক ঐতিহাসিক ক্ষণলৈ অপেক্ষা।’ অৱশ্যে তেওঁ শীঘ্রেই সবিশেষ অৱগত কৰিম বুলিও জানিবলৈ দিয়ে। মন কৰিবলগীয়া কথা যে জাপানাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমলৈ অহাৰ বাবে ২০১৯ চনতে এক কার্যসূচী হাতত লৈছিল। কিন্তু সেই সময়ত নাগৰিকত্ব সংশোধনী আইন (কা)ক কেন্দ্ৰ কৰি ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ আছিল। বিদেশী ৰাষ্ট্ৰ নেতাগৰাকীৰ ভ্ৰমণৰ সময়ত পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰি শেষত উক্ত ভ্রমণসূচী বাতিল কৰা হৈছিল, যাৰ ফলত অসমৰ বহু ক্ষতি হৈছিল। উল্লেখযোগ্য যে এই সন্মিলনৰ বাবে গুৱাহাটীত উপস্থিত হ’ব জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মুখ্যতঃ ইণ্ডো-পেচিফিক সুৰক্ষা সম্পৰ্কত দুয়ো দেশৰ মাজত হ’বলগা চুক্তিৰ লগতে যুদ্ধ জাহাজ, ব্রাহ্মোছ মিছাইলক লৈও দুয়োখন দেশৰ মাজত চুক্তিৰ সম্ভাৱনা আছে। তদুপৰি দুয়োখন দেশৰ সম্পৰ্কত এই দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে নতুন গতি দিয়াৰ চেষ্টা চলিব এই বৈঠকত। সমান্তৰালভাৱে ছেমিকণ্ডাক্টৰ, এআইক লৈ সন্মিলনত হ’ব বিশেষ আলোচনা। দক্ষিণ-পুব এছিয়াৰ যাতায়াত ব্যৱস্থাৰ বিকাশ সন্দৰ্ভত উদ্যোগ-বাণিজ্যসহ প্ৰতিৰক্ষাৰ আন কেইবাটাও দিশৰ সম্পৰ্কত এই সন্মিলনত আলোচনা হোৱাৰ সম্ভাৱনা আছে।
