গোৱালপাৰাত টিফিনত গো-মাংস আনি হিন্দু ছাত্রক খাবলৈ হেঁচা মুছলমান ছাত্ৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গোৱালপাৰা জিলাৰ কৃষ্ণাইত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । বিদ্যালয়ত মুছলমান সম্প্ৰদায়ৰ ৫জন ছাত্রই টিফিনত নিষিদ্ধ গো-মাংস ভক্ষণ কৰাৰ লগতে দুজন হিন্দু ছাত্রক গো-মাংস খাবলৈ হেঁচা প্ৰয়োগ কৰাকলৈ সমগ্র জিলাখনতে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ অনুসৰি কৃষ্ণাইৰ হাৱাঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্র দুজনে টিফিন খাই থকা অৱস্থাতে মুছলমান সম্প্রদায়ৰ আন পাঁচজন ছাত্রই গো-মাংসৰে বিৰিয়ানী খোৱাৰ লগতে হিন্দু ছাত্র দুজনকো গো-মাংস খাবলৈ হেঁচা প্রয়োগ কৰে। পাছত হিন্দু ছাত্র দুজনে লগে লগে শ্ৰেণীকোঠাৰ পৰা দৌৰি গৈ বিদ্যালয়খনৰ এগৰাকী সহকাৰী শিক্ষকক অৱগত কৰি বিষয়টো বিদ্যালয়ৰ প্ৰধান শিক্ষকক অৱগত কৰে। সহকাৰী শিক্ষক গৰাকীয়ে মুছলমান ছাত্র পাঁচজনক অনুশাসনমূলক ধমকি দি হিন্দু ছাত্র দুজনক এই কথা বাহিৰত প্ৰকাশ নকৰিবলৈ নির্দেশ দিয়ে। পাছত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৱাল মজিদ শ্বেখৰ পৌৰোহিত্যত শিক্ষক-শিক্ষয়িত্রীসকলে এখন সভা অনুষ্ঠিত কৰি সমগ্ৰ বিষয়টো বন্ধ কোঠাৰ ভিতৰতে মীমাংসা কৰি বিষয়টো বাহিৰৰ লোকে যাতে গম নাপায় তাৰ বাবে সকলোকে কঠোৰ নিৰ্দেশনা দিয়াৰ লগতে ভুক্তভোগী ছাত্র দুজনক বিষয়টো ঘৰত ক’বলৈ মানা কৰিছিল। ইফালে সন্ধিয়া হিন্দু ছাত্র দুজনে ঘটনাৰ সবিশেষ পৰিয়ালৰ জ্যেষ্ঠসকলক অৱগত কৰাৰ লগে লগে তীব্র ক্ষোভৰ সৃষ্টি হয়। অভিযোগ উঠা মতে, বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে এই ঘটনা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকো অৱগত নকৰাকৈ বিষয়টো থাপি-থুপি ৰাখিবলৈ চেষ্টা কৰিছিল। পাছত পৰিয়ালৰ লোকে যোৱানিশাই কৃষ্ণাই থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। পাছত আৰক্ষীয়ে ঘটনাটো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰে। ইফালে শনিবাৰে পুৱাই ভুক্তভোগী দুই হিন্দু পৰিয়ালৰ লগতে বহু স্থানীয় দল-সংগঠনে বিদ্যালয় চৌহদত নিষিদ্ধগো-মাংসৰ ঘটনাটোক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি প্রতিবাদ সাব্যস্ত কৰে। বিদ্যালয়ৰ মূল প্রবেশদ্বাৰত প্ৰতিবাদকাৰীসকলে ‘আমাক ন্যায় লাগিবই’, ‘হিন্দু ঐক্য জিন্দাবাদ’, ‘বিদ্যালয় কর্তৃপক্ষ হায় হায়’, ‘হিন্দুক অপমান কৰা নচলিব’, ‘ভাৰত মাতা কি জয়’ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ইফালে প্ৰতিবাদকাৰীৰ প্ৰতিবাদৰ মাজতে জিলা আযুক্ত প্রদীপ টিমুং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত বিদ্যালয়খনত উপস্থিত হয়। জিলাৰ মুৰববী দুয়োগৰাকী বিষয়াই বিদ্যালয় কর্তৃপক্ষৰ সৈতে সমগ্ৰ ঘটনাৰ বুজ লৈ সাংবাদিকৰ আগত মন্তব্য কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে বিদ্যালয়ত এনে ঘটনা অবাঞ্ছিত। আমি বিষয়টো অতি গুৰুত্বসহকাৰে লৈছোঁ আৰু তদন্তৰ জৰিয়তে দোষীক উচিত শাস্তি বিহা হ’ব বুলি আশ্বাস দি সকলো শ্ৰেণীৰ ৰাইজক শান্তি-সম্প্রীতি বজাই ৰাখিবলৈ আহ্বান জনায়। অভিভাৱকসকলকো সাৱধানতা অৱলম্বনৰ আহ্বান জনায়। টিফিনত বিশেষকৈ মাছ-মাংস পৰিহাৰ কৰা উচিত বুলি উল্লেখ কৰে আয়ুক্তগৰাকীয়ে। তাৰ পাছত মূল প্ৰৱেশদ্বাৰত প্ৰতিবাদ কৰি থকা প্রতিবাদকাৰীসকলক তদন্তৰ জৰিয়তে দোষীক শাস্তি প্রদানৰ আশ্বাস দিয়াত প্রতিবাদ স্থগিত ৰাখে। ইফালে পৰিয়ালে আৰক্ষীক দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৫জন ছাত্ৰৰ লগতে অভিভাৱকক আটক কৰি থানালৈ আনে। সোধা-পোছাৰ অন্তত আৰক্ষীয়ে ঘৰৰ পৰা গো-মাংস-লৈ অহা ছাত্ৰজনক আটক কৰাৰ লগতে মাতৃ নুৰ চাহিদা বেগমক গ্ৰেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰে। ইফালে ঘটনাৰ বিষয়ে জানিবলৈ বিদ্যালয়খনত উপস্থিত হোৱা সংবাদ মাধ্যমৰ আগত বিদ্যালয় কর্তৃপক্ষই জনায় যে, কালি নৱম শ্ৰেণীৰ কেইজনমান ছাত্ৰই টিফিনৰ সময়ত নিষিদ্ধ মাংস অনা বুলি গম পালোঁ । এজন শিক্ষকে কথাটো গম পোৱাত মোৰ ওচৰলৈ লৈ আহে । তাৰ পিছতে জ্যেষ্ঠসকলৰ সৈতে বহি বিষয়টো সন্দৰ্ভত ছাত্ৰকেইজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা কৰোঁ আৰু ভৱিষ্যতে যাতে এনে কাম নকৰে তাৰ প্ৰতিশ্ৰুতি লিখি স্বাক্ষৰ কৰি ল’লো । তাৰ পিছত ঘটনাৰ জটিলতাৰ কথা চিন্তা কৰি আমি গোটেই ষ্টাফ বহি আলোচনা কৰিলোঁ আৰু বিষয়টো যাতে গভীৰতালৈ নাযায় বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে তেওঁলোকক প্ৰথমবাৰৰ বাবে ক্ষমা কৰি দিলোঁ । তেওঁ লগতে কয়, আমি ভাবিছোঁ যে ইয়াত ছাত্ৰকেইজনৰো ভুল নাই বা আমাৰো ভুল হোৱা নাই । তেওঁলোকৰ অভিভাৱক সষ্টম থাকিব লাগিছিল । নিষিদ্ধ মাংস তেওঁলোকে স্কুলত পঠিয়াব নালাগিছিল । ছাত্ৰকেইজনে আন সম্প্ৰদায়ৰ ছাত্ৰক নিষিদ্ধ মাংস খুৱাই দিম বুলি কৈছিল ।
