ৰাহুল-গিলৰ শতকৰ সহায়ত প্ৰথম দিনাই ভাৰতৰ ৩৬৮ ৰান সংগ্ৰহ

Pc Mr Cricket UAE

ৰাহুল-গিলৰ শতকৰ সহায়ত প্ৰথম দিনাই ভাৰতৰ ৩৬৮ ৰান সংগ্ৰহ

ৰঙিলী বাৰ্ত্তাসেৱা- আলহী দল আফগানিস্তানৰ বিপক্ষে শনিবাৰৰ পৰা আৰম্ভ হোৱা একমাত্র টেষ্টৰ প্ৰথমদিনাই নিজৰ স্থিতি শক্তিশালী কৰে ভাৰতে। প্রথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা ভাৰতে অধিনায়ক শুভমন গিলৰ অপৰাজিত শতক আৰু অ’পেনাৰ লোকেশ ৰাহুলৰ শতকৰ সহায়ত প্রথমদিনৰ খেলৰ অন্তলৈকে প্রথম ‘ইনিংছত তিনিটা উইকেট হেৰুৱাই ৩৬৮ ৰান সংগ্ৰহ কৰে। দিনান্তত অধিনায়ক গিলে ১০৩ আৰু ঋষভ পন্টে ৫০ ৰান কৰি নটআউট হৈ থাকে। ইনিংছ – আৰম্ভণি সুখকৰ নাছিল ভাবতৰ। দলীয় স্ক’ৰ ৪১ বানত জয়ছোৱালৰ ৰূপত প্রথমটো উইকেট হেৰুবায় ঘৰুৱা দলটোবে। জয়ছোবালে মাত্র ২৪ ৰান কৰে। অৱশ্যে টেষ্ট ক্রিকেটত তৃতীয়টো শতক অর্জন কৰা ৰাহুলে সাই সুদৰ্শনৰ সৈতে লগ লাগি দ্বিতীয় উইকেটত ১৩৯ ৰান সংগ্ৰহ কৰি দলৰ বিপৰ্যয় ৰোধ কৰে। সুদর্শনে ৮১ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে ৰাহুলে ১০০ ৰানৰ অৰিহণা আগবঢ়ায়। ইফালে, গিল আৰু পন্টে চতুর্থ উইকেটত অপৰাজিতভাৱে ১২১ ৰান সংগ্ৰহ কৰি দলক শক্তিশালী স্থিতিত  উপবিষ্ট কৰায়। টেষ্ট ক্রিকেটত একাদশসংখ্যক শতক অর্জন কৰা গিলে ১৪৩টা বলত ১০৩ আৰু পন্টে ৭০টা বলত ৫০ ৰান কৰি অপৰাজিত হৈ থাকে।