ৰাজ্যিক কৰ্মচাৰীলৈ অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচ
ৰঙিলী বাৰ্ত্তাসেৱা- মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পাছত শুকুৰবাৰে ১৬ গৰাকী মন্ত্রীক লৈ অসম চৰকাৰৰ কেবিনেট বৈঠক বহিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত মুখ্যমন্ত্রীয়ে কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে । এই কেবিনেট বৈঠকতেই ৰাজ্যৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ মৰণীয়া ভাট্টা আৰু মৰগীয়া সকাহ ২ শতাংশ বৃদ্ধিত অনুমোদন জনোৱা হয়। সেই অনুসৰি ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰি থকা বৰ্তমানৰ ৫৮ শতাংশ মৰণীয়া বানচ ৬০ শতাংশলৈ বৃদ্ধি কৰা হয়। নতুন মন্ত্ৰী পৰিষদক লৈ অনুষ্ঠিত এই কেবিনেট বৈঠকত আন কেইবাটাও উল্লেখযোগ্য সিদ্ধান্ত গ্রহণ কৰা হয়। কেবিনেট বৈঠকৰ সিদ্ধান্ত সদৰীত মুখ্যমন্ত্রী ড° শৰ্মাই প্রকাশ কৰা অনুসৰি কেবিনেটে ডিব্ৰুগড়ত দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল হিচাপে ঘোষণা কৰাৰ লগতে দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ, ডিব্ৰুগড় গঠনৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অঞ্চলটোৱে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ডিব্ৰুগড় ৰাজধানী কমপ্লেক্সক কেন্দ্ৰ কৰি ২০ কিলোমিটাৰ ব্যাসার্ধৰ এলেকা সামৰি ল’ব। আনহাতে দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ, ডিব্ৰুগড়ে দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু কেন্দ্ৰীয় পৰ্যায়ৰ উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশ কৰিড’ৰ আৰু নগৰ সম্প্ৰসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব। এই প্ৰাধিকৰণৰ অধ্যক্ষৰূপে থাকিব ডিব্ৰুগড়ৰ বিধায়কগৰাকী। অধ্যক্ষগৰাকীয়ে লাভ কৰিব কেবিনেট মর্যাদা। আনহাতে গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী প্ৰাধিকৰণৰ উপাধ্যক্ষ হিচাপে থাকিব, ডিব্ৰুগড় জিলা আয়ুক্তগৰাকী হ’ব সদস্যসচিব। আনহাতে সদস্য হিচাপে থাকিব দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া, ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া আৰু সকলো বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বী বিষয়াসকল। দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ সৈতে জড়িত সকলো কাম-কাজ সম্পাদনৰ বাবে সংশ্লিষ্ট লাইন-বিভাগসমহৰ বাজেটত ৫০০ কোটি টকাৰ এক বিশেষ পুঁজি আবণ্টন কৰা হ’ব। ৰাজ্যিক কেবিনেটে আজি কৰ্মৰত চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলক তৃতীয় বৰ্গৰ পদলৈ পদোন্নতি প্ৰদানৰ প্ৰক্ৰিয়া সুসংগঠিত আৰু নিয়ন্ত্ৰিত কৰাৰ উদ্দেশ্যে মূল বিধিসমূহৰ ধাৰা ৫ (২) আৰু ধাৰা ১৬ (৪) সংশোধন কৰি অসম মাধ্যমিক শিক্ষা (প্রাদেশীকৃত বিদ্যালয়সমূহ) সেৱা (সংশোধনী) বিধি ২০২৬ৰ সংশোধনী প্রস্তাৱত অনুমোদন জনায়। কেবিনেটে আজি ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে বিধায়ক এলেকা উন্নয়ন আঁচনিৰ অধীনত আবণ্টিত পুঁজিৰ পৰিমাণ এক কোটিৰ পৰা ১.৫ কোটি টকালৈ বৃদ্ধি কৰাত অনুমোদন জনায়। আনহাতে ২০২৭-২৮ বিত্তীয় বৰ্ষৰ পৰা এই অনুদানৰ পৰিমাণ প্ৰতিগৰাকী বিধায়কৰ বাবে ২ কোটি টকালৈ বৃদ্ধি কৰা হ’ব। কেবিনেটে বিধায়ক এলেকা উন্নয়ন আঁচনিৰ নিৰ্দেশনা সংশোধন আনি বার্ষিক পুঁজিৰ সৰ্বাধিক ১০ শতাংশ সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সহায়ক সামগ্রী ক্ৰয় আৰু বিতৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাত অনুমোদন জনায়।
