জ্যোতি-বিষ্ণু কলা মন্দিৰত মন্ত্ৰীৰূপে শপত ল’লে ১২বিধায়কে
ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে সম্প্ৰসাৰণ কৰা হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভা ৷ শুকুৰবাৰে মুঠ ১২ গৰাকী বিধায়কে মন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰাৰ লগে লগে মুখ্যমন্ত্ৰীসহ ১৭ জনীয়া হ’ল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভা । দিনৰ ১২.৪৫ বজাত গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত হয় এই শপতগ্ৰহণ অনুষ্ঠান । ১২গৰাকী নৱনিযুক্ত মন্ত্ৰীক ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱালে। উল্লেখ্য যে যোৱা ১২ মে’ত মুখ্যমন্ত্রী ড° শৰ্মাৰ সৈতে চাৰিগৰাকী মন্ত্ৰী ক্ৰমে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে শপত লৈছিল। মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটাই ১২গৰাকী মন্ত্রী ক্রমে অশ্বিনী ৰায় সৰকাৰ, অশোক সিংহল, বিমল বড়া, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, কৌশিক ৰায়, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযূষ হাজৰিকা, সুশান্ত বৰগোহাঁই, আৰু ডাঃ ৰণোজ পেগুরে শপতগ্রহণ কৰে। আজি জাতীয় সাজপাৰ পৰিধান কৰি মন্ত্ৰী বিমল বড়াই সংস্কৃতত শপতবাক্য পঢ়াৰ বিপৰীতে কৌশিক ৰায়ে হিন্দীত আৰু কৃষ্ণেন্দু পালে বঙালীত শপতবাক্য পাঠ কৰে। উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সম্প্ৰসাৰণ ঘটোৱা মন্ত্রীসভাত ৪খন নতুন মুখে স্থান লাভ কৰিলে। পূৰ্বে মন্ত্ৰিত্বৰ অভিজ্ঞতা নথকা চাৰিগৰাকী মন্ত্রী হ’ল- বিশ্বজিৎ দৈমাৰী, নীলিমা দেৱী, সুশান্ত বৰগোহাঁই আৰু অশ্বিনী ৰায় সৰকাৰ। প্ৰথমটো সম্প্ৰসাৰণত বিশেষভাৱে উপস্থিত থাকিল ৰাজ্যত গঠন হোৱা প্ৰথমখন বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে সাংসদ-বিধায়কসহ বহুসংখ্যক বিশিষ্ট ব্যক্তি। গোলকগঞ্জ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা অশ্বিনী ৰায় সৰকাৰে অসমীয়াতে শপতবাক্য পাঠ কৰে ৷ ইফালে পীযুষ হাজৰীকা, অশোক সিংহল, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কেশৱ মহন্ত, নীলিমা দেৱী, ডাঃ ৰণোজ পেগু, সুশান্ত বৰগোঁহায়ে অসমীয়াতে শপত বাক্য পাঠ কৰে ৷ আনহাতে কৌশিক ৰায়ে হিন্দীত, পুনৰ মন্ত্রিত্ব লাভ কৰা কৃষ্ণেন্দু পালে বাংলাত আৰু বিমল বড়াই সংস্কৃতত শপতবাক্য পাঠ কৰে । উল্লেখ্য, আজিৰ এই বাৰগৰাকী মন্ত্ৰীৰ সৈতে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কেবিনেট সদস্যৰ সংখ্যা হ’লগৈ ১৭ গৰাকী। ইয়াৰ পূৰ্বে অতুল বৰা, চৰণ বড়ো, ৰামেশ্বৰ তেলী, অজন্তা নেওগক অসম মন্ত্রীসভাত স্থান দিয়া হৈছিল। ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্রম উন্নয়ন, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ দপ্তৰ, অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন আৰু আবকাৰী দপ্তৰ, অজন্তা নেওগক মহিলা আৰু শিশু উন্নয়ন, পর্যটন দপ্তৰ আৰু চৰণ বড়োক পৰিবহণ আৰু বড়োলেও কল্যাণ দপ্তৰ প্ৰদান কৰা হৈছিল। বন্দে মাতৰম আৰু জাতীয় সংগীতেৰে আৰম্ভ কৰা শপতগ্ৰহণ অনুষ্ঠানত আজি দেখা গ’ল কেইবাজনো মন্ত্ৰীৰ পৰিয়ালক। শপত গ্ৰহণ কৰা ১২ গৰাকী মন্ত্ৰীক কি কি দপ্তৰ দিয়া হ’ব সেইসম্পৰ্কত অদ্যপৰিমিত কোনোধৰণৰ আনুষ্ঠানিক ঘোষণা দিয়া হোৱা নাই। উল্লেখ্য যে মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ ফলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীৰ সংখ্যা ১৭জনলৈ বৃদ্ধি পালে। অৱশ্যে এতিয়াও খালী হৈ আছে দুটাকৈ মন্ত্ৰীৰ পদ।
