মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব হিচাপে বিধায়ক তৰংগ গগৈ কৃষ্ণকমল তাঁতীক নিযুক্তি

মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব হিচাপে বিধায়ক তৰংগ গগৈ কৃষ্ণকমল তাঁতীক নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পাছত শুকুৰবাৰে ১৬ গৰাকী মন্ত্রীক লৈ অসম চৰকাৰৰ কেবিনেট বৈঠক বহিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রীড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকতমন্ত্রীসকলৰ দপ্তৰ বিতৰণৰ প্ৰসংগত কয়, শপত গ্ৰহণ কৰা মন্ত্রীসকলৰ মাজত সাতদিনৰ ভিতৰত দপ্তৰ বিতৰণ কৰা হ’ব । দপ্তৰ বিতৰণৰ ক্ষেত্রত অলপ সময় ল’ম । আগৰ মন্ত্রীসকলৰ কাম-কাজ আৰু নতুন মন্ত্রীসকলে কোনটো ক্ষেত্রত বেছি ভালদৰে কাম-কাজ কৰিব পাৰিব, সেইটো পৰ্যালোচনা কৰি খৰখেদা নকৰাকৈ দপ্তৰসমূহ বিতৰণ কৰিম । কিন্তু কাইলৈ অভিভাৱক মন্ত্রীৰ দায়িত্বখিনি আবণ্টন কৰি দিম । যাতে মন্ত্রীসকলে বিভিন্ন জিলালৈ গৈ বান পৰিস্থিতি সম্পৰ্কীয় বিষয় সমূহৰ বুজ ল’ব পাৰে ।উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে ৰঙাপৰাৰ বিধায়ক কৃষ্ণকমল তাঁতী আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈক দায়িত্ব অর্পণ কৰা হৈছে। ইফালে অহা ৬ জুলাইৰ পৰা হ’ব লগা বিধানসভাৰ বাজেট অধিৱেশন সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰে যে চৰকাৰৰ কাৰ্যকালৰ শেষ সময়ত তিনি মাহৰ বাবে পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে লেখানুদান গ্ৰহণ কৰা হয়। ইয়াৰ বাবে ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এই সময়ছোৱাত বন্ধ হৈ আছে। কিছু আঁচনি লেখানুদানৰ ধনেৰে চলাই থকা হৈছে। সেয়েহে ৬ জুলাইত বিধানসভাৰ বাজেট অধিৱেশন আহ্বান কৰা হৈছে যাতে এক আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিৰ সুবিধা নিয়মিতভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ জাননীৰ প্ৰয়োজন হয়। সেই অনুসৰি অহা ৬ জুলাইত এই অধিৱেশন অনুষ্ঠিত হ’ব। এই অধিৱেশনত বাজেট গৃহীত হ’লে ১ আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা পূৰ্বৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব।