যোৰাবাটত আর্হি হাস্পতাল উদ্বোধন কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাৰ

Pc Highland Post

যোৰাবাটত আর্হি হাস্পতাল উদ্বোধন কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৰাবাটত উন্নত মানৰ উচ্চ প্ৰযুক্তিৰ ১২০খন বিছনাযুক্ত আর্হি হাস্পতাল আনুষ্ঠানিকভাবে উদ্বোধন কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰাসায়নিক তথা সাৰ মন্ত্রী জে পি নাড্ডাই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মেঘালয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ব্রাইলাডমিকি শ্বাইল্লা, মেঘালয় চৰকাৰৰ মন্ত্রী সষ্টেনেছ ছ’হতুন, অসম চৰকাৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, মেঘালয়ৰ বিধায়ক এ এল হেক, হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ মহামায়া প্ৰসাদ সিংহৰ লগতে অনুষ্ঠানত বিশিষ্ট অতিথি, স্বাস্থ্য বিশেষজ্ঞ, সমাজ নেতা আৰু বহুসংখ্যক সাধাৰণ নাগৰিক। হাস্পতালৰ মূল লক্ষ্য হৈছে সুলভ মূল্যত উচ্চ মানৰ স্বাস্থ্য সেৱা আগবঢ়োৱা। উন্নত ডায়গনষ্টিক সুবিধা, আধুনিক অপাৰেচন থিয়েটাৰ, ক্রিটিকেল কেয়াৰ ইউনিট, জৰুৰীকালীন আৰু ট্রমা কেয়াৰ সেৱাৰ লগতে অভিজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ সৈতে এই চিকিৎসালয়খনক উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এক অন্যতম চিকিৎসা কেন্দ্র হিচাপে গঢ়ি তোলাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। অনুষ্ঠানত চৰকাৰী বিষয়া, স্বাস্থ্য বিশেষজ্ঞ, উদ্যোগপতি, সমাজসেবী সংগঠন আৰু অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ নাগৰিকসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠব বঢ়ায়।