শব্দৰ বৰষুণ জাক
বাহাৰুল ইছলাম
শব্দই শান্তি, শব্দই ক্লান্তি
শব্দবিনে সৱেই অশান্তি
আলফুলীয়া মাতে কঢ়িয়াই
জীপাল আনন্দৰ লহৰ
অন্ধকাৰ জীৱনৰ পোহৰ।
এপাত শৰবিদ্ধ শব্দৰ আঘাতত
প্ৰাণ বায়ু যায় পলাই
সৰগেই নৰগ হয়
এই শব্দৰ ভৰত
মৃতপ্ৰায়ে প্ৰাণ পায়
যোৱা জনো উভতে
একেটি শব্দৰ বানত।
শব্দৰ বৰষুণ জাকত তিতি-বুৰি
তিতা-মিঠা,কেঁহাৰ জুতি বুজি
দিনক দিনে যায় আগুৱাই
কদাপি গিলি খায়
কদাপি জুমি চায়
হৰ্ষ-বিৰহৰ গীত গায়।
গৰাখহনীয়া হৈ খহি পৰে
জীৱনৰ ৰেহৰূপ
বলীয়া বান হৈ হৃদয়ক ডুবাই মাৰে
জীৱনৰ কোনোবা কেঁকুৰিত
মহৌষধ হৈ নিৰ্মুল কৰে
শত-সহস্ৰ জনক।
লেখ-জোখ কৰি সেয়ে মাৰিবা বান
জীৱনৰ প্ৰতিটো পলত
থাকিবা তুষ্টি ৰাখিবা দৃষ্টি–
শব্দই অস্ত্ৰ শব্দই বস্ত্ৰ
শব্দবিনে সৱেই বাধাগ্ৰস্থ
হেন জানি সাহ কৰি আগুৱাই যাওঁ
শব্দৰ স্নিগ্ধ বৃষ্টিৰে সুৰীয়া গীত গাওঁ।
