প্রখ্যাত কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় সংগীত জগতৰ লগতে অসমীয়া সংগীততো বহু কালজয়ী গীত পৰিৱেশন কৰি জীৱন নাট সামৰিলে নেপথ্য সংগীতৰ স্বৰ্ণ যুগৰ অন্যতম কোকিলকণ্ঠী গায়িকা সুমন কল্যাণপুৰে। মুম্বাইৰ আন্ধেৰীৰ লোখাণ্ডাৱালা কমপ্লেক্সৰ নিজা বাসভৱনত দেওবাৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাবটি লয় সুমন কল্যাণপুৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। হিন্দী, মাৰাঠী, বাংলা, উড়িয়া, অসমীয়া আদিকে ধৰি ভাৰতীয় ভাষাৰ বহু ভাষাত অসংখ্য জনপ্রিয় সংগীত উপহাৰ দিয়া সুমন কল্যাণপুৰৰ মৃত্যু ভাৰতীয় সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি। ‘আজকল তেৰে মেৰে প্যাৰ কে চৰ্চে’, ‘না না কৰতে প্যাৰ’, ‘তুমনে পুকাৰা অউৰ হম চলে আয়ে’ আদি জনপ্রিয় হিন্দীগীতৰ জৰিয়তে ভাৰতীয় সংগীত জগতত জনপ্রিয়তা লাভ কৰা সুমন কল্যাণপুৰ অসমীয়া সংগীত জগতৰো এটা অতিশয় জনপ্রিয় নাম। ‘অ’ই অ’ই আকাশ চুব’, ‘মিলনৰ এই শুভক্ষণ’, ‘জীৱন ঘড়ীৰ প্ৰতিটো পল’, ‘আকাশৰে নীলাই পৃথিৱী সাবটে’, ‘অ’ নয়নমণি’, ‘সপোনত শুনো মধুৰ আৱেগ’ আদি বহুকেইটা জনপ্রিয় অসমীয়া সুমধুৰ গীত কোনো অসমীয়াই পাহৰিব নোৱাৰে। ভাৰতীয় সংগীত জগতৰ এক উজ্জ্বল নক্ষত্র, পদ্মভূষণ বঁটা বিজয়ী সুমন কল্যাণপুৰৰ মৃত্যুত শোকাহত হৈ পৰিছে সমগ্ৰ সংগীত জগত। ১৯৩৭ চনৰ ২৮ জানুৱাৰীত ঢাকাত জন্মগ্রহণ কৰা সুমন কল্যাণপুৰৰ সংগীত যাত্ৰা আৰম্ভ হৈছিল সংগীতৰ প্ৰতি তেওঁৰ একান্ত অনুৰাগৰ পৰা। কৰ্ণাটকৰ সাৰস্বত ব্ৰাহ্মণ পৰিয়ালৰ সন্তান সুমন কল্যাণপুৰে শৈশৱৰ পৰাই সংগীত আৰু চিত্ৰকলাৰ প্ৰতি গভীৰ আগ্রহ প্রকাশ কৰিছিল। মুম্বাইলৈ স্থানান্তৰিত হোৱাৰ পিছত তেওঁ পণ্ডিত কেশৱ ৰাও ভোলে, ওস্তাদ খান, আব্দুল ৰহমান খান আৰু মাষ্টাৰ নৱৰঙৰ দৰে বিশিষ্ট গুৰুৰ ওচৰত সংগীতৰ শিক্ষাগ্রহণ কৰিছিল। ১৯৫৪ চনত তেওঁ মুম্বাইত সংগীত জীৱন আৰম্ভ কৰে। পঞ্চম দশকৰ পৰা সপ্তম দশকৰ মাজভাগলৈ সুমন কল্যাণপুৰে এটাৰ পিছত এটাকৈ বহুতো জনপ্রিয় সংগীত উপহাৰ দিয়ে। সেই সময়ত ভাৰতীয় চিনেমাৰ সংগীতত লতা মংগেশকাৰৰ একছত্ৰী প্ৰভাৱ আছিল। তাৰ মাজতো সুমন কল্যাণপুৰে নিজৰ মধুৰ কোমল আৰু সুৰীয়া কণ্ঠৰে নিজৰ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল। সেই সময়ত বহুতে তেওঁৰ কণ্ঠক লতা মংগেশকাৰৰ কণ্ঠ বুলিয়েই ভুল কৰিছিল। সুমন কল্যাণপুৰে হিন্দী বোলছবি জগতত ‘বাত এক ৰাত কী’, ‘দিল এক মন্দিৰ’, ‘নুৰজাহান’, ‘দিল হে’ তু হায়’, ‘জাহানাৰা’, ‘পাকিজা’ আদি চিনেমাত সংগীত পৰিৱেশন কৰি ভূয়সী প্রশংসা লাভকৰিবলৈ সক্ষম হৈছিল। উচ্চাংগ সংগীতৰ গভীৰ জ্ঞান, শাস্ত্রীয় শুদ্ধতা আৰু আৱেগৰ অপূর্ব সমন্বয়ত সংগীত পৰিৱেশন কৰা সুমন কল্যাণপুৰক সমসাময়িক শিল্পীসকলৰ মাজত বিশেষ স্থান দিয়া হৈছিল। তথাপিতো তেওঁৰ অসাধাৰণ প্ৰতিভাৰ তুলনাত তেওঁক কম স্বীকৃতি দিয়া বুলি আজিও চর্চা চলে। অসমীয়া সংগীত জগতৰ অতি চিনাকি নাম সুমন কল্যাণপুৰৰ কণ্ঠ প্ৰত্যেকগৰাকী অসমীয়াৰ বাবে অতি আপোন কণ্ঠ। অসমীয়া সংগীতত সুমন কল্যাণপুৰক চিনাকি কৰাই দিছিল প্ৰয়াত ড° ভূপেন হাজৰিকাই। সুমন কল্যাণপুৰৰ কণ্ঠই স্বকীয় বৈশিষ্ট্য গভীৰভাৱে ড° ভূপেন হাজৰিকাই উপলব্ধি কৰিব পাৰিছিল। তেওঁৰ কণ্ঠত থকা কোমলতা, মাধুর্য, আৱেগ প্ৰকাশৰ ক্ষমতা আৰু সুৰৰ শুদ্ধতাক ভিত্তি কৰি ড° ভূপেন হাজৰিকাই একাধিক কালজয়ী অসমীয়া গীতত তেওঁক সংগীত পৰিৱেশন কৰাইছিল। ষাঠিৰ দশকত অসমীয়া সংগীত জগতলৈ আগমন ঘটা সুমন কল্যাণপুৰে অসমীয়া নোহোৱাকৈও নিখুঁত উচ্চাৰণেৰে অসমীয়া গীত পৰিৱেশন কৰিছিল। যি আজিও অসমৰ শ্ৰোতাসকলক মন্ত্রমুগ্ধ কৰি ৰাখিছে। শব্দৰ উচ্চাৰণ, আৱেগৰ নিয়ন্ত্ৰণ আৰু ভাষাটোৰ সুৰ-মাধুৰ্যৰ সৈতে একাত্ম হোৱা ক্ষমতাই সুমন কল্যাণপুৰক এগৰাকী অসমীয়া জীয়ৰী যেনেই অনুভৱ কৰাইছিল। ড° ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত আৰু নির্মিত প্রতিধ্বনি ছবিখনৰ ‘অ’ই অ’ই আকাশ শুব’ গীতটোত সুমন কল্যাণপুৰে অসমীয়া ভাষাৰ প্ৰথমটো গীত হিচাপে কণ্ঠদান কৰিছিল। ১৯৬৯ চনত মুক্তি লাভ কৰা চিকমিক বিজুলীত মিলনৰে এই শুভক্ষণ, বিজুলীৰ পোহৰ মোৰ নাই শীর্ষক গীতত তেওঁ কণ্ঠদান কৰিছিল। কাঁচঘৰ ছবিৰ জীৱন ঘড়ীৰ প্ৰতিটো পল শীৰ্ষক গীতটোৰ জৰিয়তে সুমন কল্যাণপুৰে অসমীয়া ছবি জগতত বিশেষ প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। সুমন কল্যাণপুৰে কৃষ্ণচূড়া, নয়নমণি, পোনাকণ, ৰজনীগন্ধা আদি কেইবাখনো বোলছবিত সংগীত পৰিৱেশন কৰিছিল। পোনাকণ বোলছবিত সুমন কল্যাণপুৰে তিনিটা গীতত কণ্ঠদান কৰিছিল। উক্ত বোলছবিত ‘আকাশৰে নীলাই পৃথিৱী সাবটে’ আৰু ‘ফুল ভৰা ফুলনিৰ কি যে মিঠা হাঁহি’ এই দুয়োটা গীতে অসমীয়া সংগীত জগতক চহকী কৰিছিল। এইদৰে অসমীয়া সংগীত জগতলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই যোৱা সুমন কল্যাণপুৰে তেওঁৰ দীর্ঘ জীৱনত মুঠ ৮৫৭টা হিন্দী গীতত কণ্ঠদান কৰি ভাৰতীয় সংগীতৰ ভঁৰাল চহকী কৰি থৈ গৈছে। কেৱল হিন্দী ভাষাতেই নহয়, মাৰাঠী, অসমীয়া, বাংলা, গুজৰাটী, কন্নড়, ভোজপুৰী, ৰাজস্থানী, উড়িয়া, পাঞ্জাবী ভাষাতো তেওঁ অসংখ্য গীতত কণ্ঠদান কৰিছে। আনহাতে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে শোক প্ৰকাশ কৰি লিখিছে, সুৰৰ পৃথিৱীত আজিৰে পৰা নামি আহিল আৰু এক নীৰৱতা৷ দেশৰ প্ৰখ্যাত সংগীত শিল্পী সুমন কল্যাণপুৰ ডাঙৰীয়ানীৰ প্ৰয়াণৰ বাতৰি কিছু মুহূৰ্ত পূৰ্বে জানিব পাৰি অতি ব্যথিত হ’লোঁ৷ অন্যান্য ভাৰতীয় ভাষাৰ লগতে তেখেতৰ মধুৰ কণ্ঠই অসমীয়া গীতৰ ভঁৰালকো সমৃদ্ধ কৰিছিল। তেখেতৰ সুৰীয়া কণ্ঠত গোৱা বহু অসমীয়া গীত আজিও সংগীতপ্ৰেমীৰ হৃদয়ত জীয়াই আছে। এগৰাকী অসাধাৰণ প্ৰতিভাৰ অধিকাৰী শিল্পী সুমন কল্যাণপুৰ ডাঙৰীয়ানীৰ কালজয়ী গীতৰ মাজেৰে চিৰদিন আমাৰ মাজত জীয়াই থাকিব। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ৷ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা অজস্ৰ গুণমুগ্ধলৈ গভীৰ সমবেদনা জনালোঁ৷
