দিল্লীত ৰাজনাথ সিং- এছ জয়শংকৰৰে বৈঠক মুখ্যমন্ত্ৰীৰ 

দিল্লীত ৰাজনাথ সিং- এছ জয়শংকৰৰে বৈঠক মুখ্যমন্ত্ৰীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- চাৰিদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লী ভ্ৰমণৰত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এক বৈঠকত মিলিত হয়। কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ দিল্লীস্থিত চৰকাৰী বাসভৱনত হোৱা বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই প্ৰতিৰক্ষা সম্পৰ্কীয় ঔদ্যোগিক উন্নয়ন আৰু কৌশলগত আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অনাগত দিনত অসমক প্ৰতিৰক্ষা উৎপাদন খণ্ডৰ এক অন্যতম কেন্দ্র হিচাপে গঢ়ি তোলাৰ বাবে আহ্বান জনায়। ৰাজ্য চৰকাৰৰ এক প্ৰেছ বিবৃতি অনুসৰি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত দেশত প্ৰতিৰক্ষা উৎপাদন শক্তিশালী কৰাৰ যি প্রয়াস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অব্যাহত ৰাখিছে তাৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড° শর্মাই কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ পৰা অসমৰ বাবে আজি দিক-নির্দেশনা কামনা কৰিছে। আনহাতে সামাজিক মাধ্যম এক্স’ৰ জৰিয়তে উক্ত বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বিবৃতি প্রদান কৰি প্ৰতিৰক্ষা মন্ত্ৰী সিঙক জ্ঞান আৰু প্ৰজ্ঞাৰ ভঁৰাল বুলি অভিহিত কৰে। লগতে অসম বিধানসভা নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী সিঙে চলোৱা নিৰ্বাচনী প্ৰচাৰৰ বাবেও মুখ্যমন্ত্রী ড° শর্মাই ধন্যবাদ জ্ঞাপন কৰে।

পুৱাৰ ভাগত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° শৰ্মাই দুপৰীয়া কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰৰ সৈতেও আন এখন বৈঠকত মিলিত হয়। কেন্দ্ৰীয় চৰকাৰৰ ‘এক্ট ইষ্ট পলিচী’ অধিক শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্রী ড° শর্মাই কেন্দ্রীয় বিদেশিক মন্ত্রী জয়শংকৰক আহ্বান জনায়। চৰকাৰী বিবৃতি অনুসৰি বৈঠকত মুখ্যমন্ত্রী ড° শর্মাই দক্ষিণ-পূব এছিয়া আৰু সমগ্ৰ ভাৰত-প্রশান্ত মহাসাগৰীয় (ইণ্ডো-পেচিফিক) অঞ্চলৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক গভীৰ কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা উক্ত নীতিক বাস্তৱায়িত কৰাৰ পদক্ষেপসমূহক অধিক ত্বৰান্বিত কৰাৰ দিশত আলোচনা কৰে। উত্তৰ-পূব তথা দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে অসমৰ কৌশলগত অৱস্থানক ব্যৱহাৰ কৰি ওচৰ-চু বুৰীয়া দেশসমূহৰ সৈতে বাণিজ্য আৰু পৰ্যটন সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত অসমে কেনে ভূমিকা পালন কৰিব পাৰে, সেই সন্দর্ভত কেন্দ্রীয় বৈদেশিক মন্ত্রী ড° জয়শংকৰৰ সৈতে মুখ্যমন্ত্রী ড° শৰ্মাই মত বিনিময় কৰে। গোলকীয় পৰিক্ৰমা আৰু ভূ-ৰাজনৈতিক প্রত্যাহ্বানসমূহ ভাৰতে কেনেকৈ মোকাবিলা কৰি আছে সেই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ দৃষ্টিভংগীক মুখ্যমন্ত্রী ড° শর্মাই উচ্চ প্রশংসা কৰে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰ কৰি আঞ্চলিক যোগাযোগ তথা অর্থনৈতিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ভৱিষ্যতেও তেওঁৰ পৰা সহায়-সহযোগিতা তথা দিক-নির্দেশনা লাভ কৰিব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই আশা ব্যক্ত কৰে।

মুখ্যমন্ত্ৰীজনে কেন্দ্রীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰী তথা ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালকো তেওঁৰ দিল্লীস্থিত চৰকাৰী বাসভৱনলৈ গৈ সাক্ষাৎ কৰে। ৰাজ্যৰ জলপথ আন্তঃগাঁথনিৰ উন্নয়ন তথা গুৱাহাটীকে ধৰি তেজপুৰ আৰু ডিব্ৰুগড়ৰ প্ৰস্তাৱিত ‘ৱাটাৰ মেট্র’ প্রকল্পক লৈ মুখ্যমন্ত্রী ড° শর্মাই সোণোৱালৰ সৈতে আলোচনা কৰা বুলি জানিব পৰা গৈছে। পাছত ৰাজ্য চৰকাৰে জাৰি কৰা প্ৰেছ বিবৃতি অনুসৰি ‘বিকশিত অসম’ৰ লক্ষ্যক সমুখত ৰাখি ৰাজ্যৰ দুই জ্যেষ্ঠ নেতাই আজিৰ বৈঠকত আলোচনা কৰে। আনহাতে নিজৰ এক্স পৃষ্ঠাত সোণোৱালৰে হোৱা বৈঠক সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়, ‘সৰ্বানন্দ সোণোৱালৰ সৈতে প্ৰতিখন বৈঠকেই এখন বিকশিত অসম গঢ়ি তোলাৰ সম্ভাৱনাক লৈ আলোচনা আৰু পৰ্যালোচনা কৰাৰ এক সুযোগ। আজি দিল্লীত তেওঁৰ সৈতে হোৱা বৈঠকখনো ব্যতিক্রম নাছিল, য’ত আমি যোৱা এটা দশকত হোৱা প্ৰগতি আৰু অসমৰ উন্নয়নৰ যাত্ৰাক কেনেকৈ অধিক ত্বৰান্বিত কৰিব পাৰি, সেই বিষয়ে আলোচনা কৰোঁ।’