উৰহীৰ ওৰ – জুনুকা পাঠক

Pc Black Forest Tree Service

অণুগল্প

উৰহীৰ ওৰ

জুনুকা পাঠক
বৰপেটা

ৰ’দ- বৰষুণ, দিন- ৰাতি  একাষৰীয়া কৰি  হাড় ভঙা পৰিশ্ৰমত ঠন ধৰি উঠা  হলধৰৰ বাগানখন   ঘৰখনৰ লগতে গোটেই চুবুৰীতে    জাকত- জিলিকা আৰু সমাদৃত ।  তাৰ অহৰহ সৎ চিন্তা  — বোলো এক গুলিত দুই চিকাৰ । উদ্ভিদৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বী   হোৱাৰ লগতে    গোলকীয় উত্তাপত প্ৰদূষিত  প্ৰকৃতিয়ো নিষ্কাষণ হ’ব ! তথাপি, নোপোজা দুখ এটাই তাক  অন্তৰ খাই পেলায় ।  ক’ৰ ক’ৰ পৰা   আনি   সি ৰোপন কৰিলে , কিন্তু আজিলৈকে বাঁহ গছ এজোপা থিয় কৰাই ল’ব পৰা নাই। এইবাৰ  বাঁহ পুলিটো ৰুই সি  কাৰণটো ভালকৈ নিৰীক্ষণ কৰাত  লাগিল।

—-ঐ নৰেন ,  ৰহ-ৰহ  ; কি কৰিছ ?
 আধামৰা  পুলিটো   চাই হলধৰে চিৎকাৰ কৰি উঠিল ;
— ঘৰ শত্ৰু বিভীষণ …