সিংহ আৰু নিগনি
বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও
এক আছিল সিংহ মামা
এলাহ কৰি ভাল পায়,
শুই কটাই দিৱস-নিশাই
ইফাল-সিফাল কম যায়।
মামাই এদিন শুই থাকোঁতে
ভাগিন নিগনিয়ে দেখা পায়,
সিংহৰ পিঠিত উঠি বেচেৰাই
বাৰে বাৰে জুমি চায়।
সিংহ মামাই খঙৰ ভমকত
থাপ মাৰি ধৰিল,
কাকুতি-মিনতিত সিংহ মামাই
ক্ষমা-মাৰ্জনা কৰিল।
দিনচেৰেক যোৱাৰ পিছত
সিংহ জালত পৰিল,
সাউৎকৰে নিগনি আহি
সিংহক মুকলি কৰিল।
মামা-ভাগিনৰ খেলখনি
বৰকৈ জমিচে হয়,
বীৰ সিংহই পালে বুজি
দৰ্প কৰা উচিত নহয়।
