ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ শৈক্ষিক সম্প্ৰসাৰণমূলক অনুষ্ঠান সম্পন্ন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ শৈক্ষিক সম্প্ৰসাৰণমূলক অনুষ্ঠান সম্পন্ন

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী প্ৰাধ্যাপক ড০ জিতু বৰা, জিন্টু হাজৰিকা, দীপশিখা বুঢ়াগোহাঁই, জোতিষ্মীতা দত্ত আৰু বনিষা শ‌ইকীয়াৰ উদ্যোগত ৩০ মে’ত ডিব্ৰুগড়ৰ ভগামূৰ নেপালী ব্লক মধ্য ইংৰাজী বিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ দ্বাৰা পৰিচালিত এক শৈক্ষিক সম্প্ৰসাৰণ মূলক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কেইবাগৰাকী শিক্ষাৰ্থী উপস্থিত থাকে আৰু ছাত্ৰ ছাত্ৰী সকলক বিভিন্ন বিভাগত পাঠদান দিয়ে। প্ৰধান শিক্ষক ৰঞ্জিত কলিতাৰ পৌৰহ্যিত আয়োজিত অনুষ্ঠানত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কেশৰাম হাজৰিকাৰ লগতে পৰিচালনা সমিতিৰ সভাপতি, সদস্য, অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে। অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলক- কবিতা আবৃত্তি,গল্প, সাঁথৰ, কুইজ আদিৰ জ্ঞান প্ৰদান কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কাৰ বিতৰণ কৰা হয়।