ডিব্ৰুগডৰ কানৈ মহাবিদ্যালয়ত ‘সপ্তজ্যোতি’ শীর্ষক সদৌ অসম ভিত্তিত আন্তঃমহাবিদ্যালয় কুইজ প্রতিযোগিতা সম্পন্ন: যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ে শ্ৰেষ্ঠ দল হিচাপে নগদ বিশ হাজাৰ লাভ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ‘সপ্তজ্যোতি’ কেৱল এখন কুইজ প্রতিযোগিতা নহয়, ই জ্ঞান, স্মৃতি আৰু প্ৰেৰণাৰ এক মিলনস্থলী। কুইজে ছাত্ৰ-ছাত্ৰীৰ বুদ্ধিমত্তা, আই কিউ আৰু প্ৰতিযোগিতা- মূলক মানসিকতা বিকাশত বিশেষ ভূমিকা পালন কৰে। ভাৰতীয় ইতিহাস সংকলন সমিতি, ডিব্ৰুগড় জিলাৰ উদ্যোগত তথা কানৈ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নির্ণায়ক কোষ আৰু সমাজতত্ত্ব বিভাগৰ যৌথ সহযোগত ২০২৩ চনৰ ২৯ মে’ত সংঘটিত এক মর্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা অসম অভিযান্ত্রিক মহাবিদ্যালয়, জালুকবাৰী, গুৱাহাটীৰ ৭ নং ছাত্ৰাৱাসৰ সাতগৰাকী শিক্ষার্থীৰ সোঁৱৰণত অনুষ্ঠিত ‘সপ্তজ্যোতি’ শীর্ষক সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয় কুইজ প্ৰতিযোগিতাৰ আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্রাক্তন মন্ত্রী তথা বর্তমান ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্রশান্ত ফুকনে এইদৰে কয়। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ লালচান্দ কানৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত বিধায়ক ফুকনে কয় – সময়ৰ লগে লগে কুইজৰ ধাৰণাই আধুনিক ৰূপ লাভ কৰিছে যদিও অতীততো বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানমূলক প্রশ্নোত্তৰৰ মাজেৰে কুইজ সংস্কৃতি বিদ্যমান আছিল। মুখ্য দ্বাৰৰ পৰা গায়ন- বায়নেৰে উষ্ম আদৰণি জনাই অনা অনুষ্ঠানত তেওঁ পুৰণি ধেমেলীয়া কুইজৰ উদাহৰণ দাঙি ধৰি অনুষ্ঠানটোক অধিক সজীৱ কৰি তোলে। শিল্পী শিবাণী কোঁৱৰৰ বৰগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত বিধায়কগৰাকীয়ে কয়- কুইজ প্রতিযোগিতাই ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞানচাৰ্চা আৰু প্ৰতিযোগিতামূলক মনোভাব গঢ়ি তোলে। মানুহৰ বুদ্ধিমত্তা বা আই কিউ পৰীক্ষাৰ ক্ষেত্ৰতো কুইজৰ বিশেষ ভূমিকা আছে ।বুলি মত প্ৰকাশ কৰি তেওঁ কয়— সময়ৰ লগে লগে কুইজৰ ধাৰণা সলনি হৈছে।কানৈ মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অধ্যাপিকা কৰিশ্মা জে কে বৈষ্ণৱীয়ে আঁতধৰা অনুষ্ঠানত ভাৰতীয় ইতিহাস সংকলন সমিতি, ডিব্ৰুগড় জিলাৰ সভাপতি তথা কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই কয়— সাতগৰাকী ছাত্ৰৰ অকাল বিয়োগৰ যি শোক সেই শোকক এনে মহৎ অনুষ্ঠানে শক্তিলৈ ৰূপান্তৰিত কৰিব আৰু এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে প্ৰয়াত শিক্ষাৰ্থীসকলৰ স্মৃতিক সন্মান জনোৱাৰ লগতে ছাত্ৰ- ছাত্ৰীৰ মাজত জ্ঞানচর্চা, বৌদ্ধিক বিকাশ আৰু প্ৰতিযোগিতামূলক মানসিকতাৰ বিকাশ সাধন কৰা।অধ্যক্ষ গৰাকীয়ে অসমৰ বিভিন্ন শিক্ষানুষ্ঠাৰ পৰা অহা ছাত্র- ছাত্রীসকলক উদ্দেশ্যি কয় – সফলতা লাভ কৰিবলৈ হ’লে সময়ক গুৰুত্ব প্ৰদান কৰি আগুৱাই যাব লাগিব। তেওঁ অসমৰ প্ৰান্তে প্রান্তে কুইজ ক্লাৱ গঠন কৰিবলৈ আহ্বান জনাই কয় কুইজে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক, বৌদ্ধিক বিকাশত অধিক প্রভাৱ পেলায়। অনুষ্ঠানত প্রয়াত ছাত্ৰ নিয়ৰ ডেকাৰ পিতৃ অনিল ডেকাই আদৰণি ভাষণ প্ৰদান কৰি কয় যে সপ্তজ্যোতি অনুষ্ঠানটো কেৱল এক আয়োজন নহয়, বৰঞ্চ সাত গৰাকী প্রয়াত শিক্ষাৰ্থীৰ স্মৃতি, বেদনা আৰু সপোনৰ সৈতে জড়িত এক আবেগ। তেওঁ কয়— এই অনুষ্ঠানৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত জ্ঞানচর্চা, যুক্তিবোধ, সহমর্মিতা আৰু ইতিবাচক প্রতিযোগিতাৰ মানসিকতা গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে। ৰাষ্ট্ৰীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, শিলচৰ,যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়কে ধৰি অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰপৰা অহা ছাত্ৰ- ছাত্ৰী সকলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত কুইজ মাষ্টাৰ হিচাপে উপস্থিত থাকে ‘দৈনিক অসম’ কাকতৰ উপ-সম্পাদক দীপাঙ্কৰ কৌশিক। অনুষ্ঠানটিত প্রয়াত সাতগৰাকী ছাত্ৰৰ পিতৃ-মাতৃৰ লগতে কানৈ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ পার্থ গাংগুলী, আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ সমন্বয়ক ড০ দীপংকজ গগৈ, শৈক্ষিক পৰিষদৰ সদস্য সচিব ড০ জ্যোতি প্রসাদ ফুকন, কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা সুদক্ষিণা দাস, ডিব্ৰুগড় মইনা পাৰিজাতৰ উপ-সভাপতি ৰঞ্জন দত্তকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি আৰু তিনি শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে। প্রতিযোগিতাত অংশ গ্রহণ কৰি ক্ৰমে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয় দলে প্রথম পুৰস্কাৰ নগদ ২০,০০০ (বিশ হাজাৰ) টকা, ৰাষ্ট্ৰীয় প্রযুক্তি বিদ্যা প্রতিষ্ঠান, শিলচৰ দলে দ্বিতীয় পুৰস্কাৰ নগদ ১৫,০০০ (পোন্ধৰ হাজাৰ) টকা আৰু শিক্ষাভেলী বিদ্যালয়, ডিব্ৰুগড় দলে তৃতীয় পুৰস্কাৰ নগদ ১০,০০০ (দহ হাজাৰ)টকা লাভ কৰে। উল্লেখ্য যে প্রতিযোগিতাখনিত অংশ গ্রহণ কৰা প্ৰত্যেকগৰাকী প্রতিযোগীক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লগতে দুগৰাকী দর্শককো বিশেষ বঁটা প্ৰদান কৰা হয়। শেষত শলাগ জ্ঞাপন কৰে গুৱাহাটীস্থিত লাচিত পুঁথি ভড়াঁলৰ সদস্য উপেন গোস্বামীয়ে।
