ডিব্ৰুগড় জিলাত বেটি বচাও বেটি পঢ়াও আঁচনি

ডিব্ৰুগড় জিলাত বেটি বচাও বেটি পঢ়াও আঁচনি :ঋতুস্ৰাৱৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু ব্যৱস্থাপনা  দিৱস:১৪ বিদ্যালয়ৰ ১৪৫৭ গৰাকী কিশোৰী অংশগ্ৰহণ 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাত বেটি বচাও বেটি পঢ়াও আঁচনি :ঋতুস্ৰাৱৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু ব্যৱস্থাপনা  দিৱসৰ  লগত সংগতি ৰাখি ২৯ মে’ আৰু ৩০ মে’ তাৰিখে ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত তথা স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ (অসম গ্ৰামীণ জীৱিকা অভিযান) আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ প্ৰাতঃকালীন প্ৰাৰ্থনা সভাত কিশোৰী সকলৰ মাজত মাহেকীয়া ঋতুস্ৰাৱৰ ওপৰত সজাগতা আনিবলৈ চেষ্টা কৰা হয়।ইয়াৰ সমান্তৰালকৈ বিভিন্ন  গাঁও পঞ্চায়ত সমূহত মহিলা সভাৰ আয়োজন কৰি মহিলা সকলৰ মাজতো সজাগতা আনিবলৈ চেষ্টা কৰা হয়। সভাত স্বাস্থ্য বিভাগৰ সমল ব্যক্তি সকলে বিশেষকৈ ঋতুস্ৰাৱৰ প্ৰক্ৰিয়া, ঋতুস্ৰাৱ আৰু অন্ধবিশ্বাস,পৰিস্কাৰ- পৰিচ্ছন্নতা, পুষ্টিকৰ খাদ্য, শাৰীৰিক অনুশীলন আদি বিষয় সমূহ সামৰি বক্তব্য প্ৰদান কৰে।  সভাত ১৪ খন বিদ্যালয়ৰ প্ৰায় ১৪৫৭ গৰাকী কিশোৰী আৰু ৬৭ গৰাকী  শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে মহিলা সভাবোৰত ৫ খন গাওঁ পঞ্চায়তৰ প্ৰায় ৩৮৭ গৰাকী মহিলা উপস্থিত থাকে।