তামিলনাডুত স্থানীয় লোকৰ প্ৰহাৰত অসমৰ শ্ৰমিকৰ মৃত্যু

Pc Abc News Nigeria

তামিলনাডুত স্থানীয় লোকৰ প্ৰহাৰত অসমৰ শ্ৰমিকৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাইজৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে অসমৰ শ্ৰমিকে । তামিলনাডুৰ থিৰুভাল্লু জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।  জনতাৰ প্ৰহাৰত প্ৰাণ ত্যাগ কৰা শ্ৰমিকজন দুধনৈৰ ৩৫ বছৰীয়া প্রসেনজিৎ দাস।বিগত ২৫ মে’ত তিনি বন্ধুৰ সৈতে চেন্নাইলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা যুৱকজনৰ দুৰ্ভাগ্যজনক অকাল মৃত্যুক লৈ ৰাজ্যজুৰি এতিয়া তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, গোৱালপাৰা জিলাৰ দুধনৈৰ শিয়ালমাৰীৰ বাসিন্দা প্রসেনজিৎ দাস আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। পত্নী, দুই কণমানি সন্তান আৰু মাতৃক সংহাৰত এৰি যোৱা দাসৰ মৃত্যুক লৈ এতিয়া সমগ্র জিলাখনত ক্ষোভৰ সৃষ্টি হৈছে। ঘৰলৈ ভিডিঅ’ কল কৰি সহায় বিচাৰিছিল প্রসেনজিৎ দাসে। পৰিয়ালবৰ্গই জানিবলৈ দিয়া মতে, ২৫ মে’ত দাসে কৃষ্ণ দাস, অজয় দাস আৰু অঞ্জলি দাস নামৰ আন তিনিজন বন্ধুৰ সৈতে কৰ্মৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল।প্ৰাথমিক তদন্তত পোহৰলৈ অহা মতে, নিচাসক্ত অৱস্থাত দাসে পানী বিচৰাৰ অজুহাতত এগৰাকী মহিলাৰ বাসগৃহত গৈ তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপিত হৈছে । ইয়াৰ ফলত মহিলাগৰাকীয়ে নিজৰ সুৰক্ষাৰ বাবে দুৱাৰ বন্ধ কৰি ঘৰৰ ভিতৰলৈ সোমাই যায় ।এগৰাকী মহিলাৰ পৰা খোৱাপানী বিচৰাক লৈয়ে সৃষ্টি হোৱা ভুল বুজাবুজিৰ বাবেই একাংশ উন্মাদপ্রায় লোকে তেওঁক নৃশংসভাবে হত্যা কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।আৰক্ষী সূত্রে লাভ কৰা তথ্য অনুসৰি এই নৃশংস হত্যাকাণ্ড সন্দর্ভত তামিলনাডু আৰক্ষীয়ে ১৬৩/২৬ নম্বৰত বিএনএছৰ ১০৩ (১) নম্বৰ ধাৰাৰ অধীনত গোচৰটো ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। হত্যাকাণ্ডটোৰ সৈতে জড়িত থকা সন্দর্ভত ইতিমধ্যে তিনিজন লোকক তামিলনাডু আৰক্ষীয়ে গ্রেপ্তাৰো কৰিছে।  একমাত্র উপাৰ্জনকাৰীজনক হেৰুৱাই হতাশাত ভাগি পৰা প্রসেনজিৎ দাসৰ মৃতদেহ স্বগৃহলৈ ওভতাই অনাৰ বাবেও অক্ষম দুৰ্ভগীয়া পৰিয়ালটোৱে এইক্ষেত্ৰত ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে।