ধপাতমুক্ত অসম সপোন নে বাস্তৱ
অঞ্জু শাণ্ডিল্য
যোৱা ২৬মে’ত ”অসমীয়া প্ৰতিদিন’ত ৰাতুল মহন্তৰ ‘ড্ৰাগছ -সুৰা-ধপাতমুক্ত অসম সপোন নে বাস্তব’ পঢ়ি মনত বৰ বেজাৰ লাগিল।আমি যি সময়ত যোৰহাটত আছিলো,সেই সময়ৰ যোৰহাটক লৈ গৌৰৱ কৰিছিলো ।মহন্তৰ লেখাটোত যোৰহাট নগৰৰ দুটামান কথাই মন চুই গ’ল ।আমাৰ শৈশৱ,কৈশোৰ আৰু যৌৱনৰ এছোৱা সময় যোৰহাটত অতিবাহিত হৈছিল ।তেতিয়াৰ যোৰহাট খনত মহন্তৰ লেখাটোত পোৱা যোৰহাট খন নাছিল।আমি দেখা যোৰহাট খনেই আজি আৰু নাই ।ৰাতুল মহন্তৰ লেখাটো পালো, “বাঘচোঙৰ নিচিনা গ্ৰাম্য এলেকাত একে ঠাইতে দুখনকৈ বিলাতী সুৰাৰ দোকান!”_এই বাক্যটো পঢ়ি আচৰিত হৈ পৰিছো।বাঘচোঙ নালাগে যোৰহাট নগৰৰ মাজ মজিয়া গড় আলিতো আমি থকা সময়ত একে ঠাইতে দুখনকৈ বিলাতী সুৰাৰ দোকান নাছিল।বহুত দূৰত্বৰ ব্যৱধানত এখনহে বিলাতী সুৰাৰ দোকান আছিল।বাঘচোঙৰ ‘কিড ভেলী’ স্কুলৰ কাষত বিলাতী সুৰাৰ দোকান থকা কথাই আৰু আচৰিত কৰিলে।যোৰহাটৰ নাগৰিক,অন্যান্য দল -সংগঠনেও স্কুলৰ কাষত বিলাতী সুৰাৰ দোকান দিয়াত প্ৰতিবাদ নকৰিলে কিয়?
মহন্ত দেৱৰ আৰু এটা বাক্যত মন ইচাট-বিচাট লাগিল __” গেলামালৰ দোকানৰ দৰে পদূলিয়ে পদূলিয়ে বিলাতী সুৰাৰ দোকানৰ বাবেই স্কুলীয়া লৰাৰ মুখতো সুৰাৰ গোন্ধ ।”আমি যেতিয়া যোৰহাটৰ জেবি কলেজত পঢ়িছিলোঁ, তেতিয়া অফ পিৰিয়দত কলেজৰ গেটৰ পৰা বৰুৱা চাৰিআলিলৈকে কলেজীয়া ছাত্ৰসকলৰ জুম।কিন্তু সেইসকল কলেজীয়া ছাত্ৰৰ মুখত সুৰাৰ গোন্ধ বাদেই ধপাত-চিগাৰেটৰ গোন্ধো পাবলৈ নাছিল।সেইটো ৰাস্তাৰে কলেজৰ অধ্যাপক অধ্যাপিকা সকলেও অহা যোৱা কৰে।জানোচা চিগাৰেট ধঁপাত সেৱন কৰিলে তেখেত সকলে গোন্ধ পাই যাব ।আৰু সেই সময়ত ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ আছিল ।সেইবোৰ কাৰণে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গে গুৱাহাটীত ৰাজহুৱা স্থানত ধূমপান কৰা বাবে এজন স্কুলীয়া ছাত্ৰৰ মুখৰ পৰা জোৰেৰে চিগাৰেট টানি পেলাই দিবলৈ কুণ্ঠাবোধ কৰা নাছিল।শিল্পী জনৰো শৈশৱ কৈশোৰ যোৰহাটত অতিবাহিত হৈছিল ।আৰু পঢ়িছিল জেবি কলেজত ।এজন যোৰহটীয়াৰূপে তেওঁ এই পদক্ষেপ লৈছিল ।
সময় বাগৰাৰ লগে লগে যোৰহাটৰ পৰিৱেশ সলনি হৈছে ।নহলেনো কলা লৰাই দিন দুপৰতে যুৱক এজনক হত্যা কৰিব পাৰেনে!ড্ৰাগছ সুৰা আসক্ত হৈ যোৰহাটৰ কিশোৰ-যুৱকে কিমান অশালীন, অনৈতিক ,কূটাঘাত মূলক কামকাজ কৰি আহিছে, সংবাদ মাধ্যমে প্ৰকাশ কৰি আছে।দুদিন মান আগতে সাংবাদিক-ঔপন্যাসিক গোবিন কুমাৰ খাউণ্ডে সামাজিক মাধ্যমত এক বাৰ্তা প্ৰেৰণ কৰিছিল যে যোৰহাটৰ মালৌ আলিত এখন সুৰাৰ দোকান দিয়াৰ যো-জা চলিছে।প্ৰশাসনৰ ফালৰপৰা জাননী দিয়া হৈছিল, কোনোবাই সেইখন ঠাইত সুৰাৰ দোকান দিয়াত আপত্তি থাকিলে জনাই দিব পাৰে ।আচৰিত কথা জাননীখন ঢাকি থোৱা আছে।যোৰহাট নগৰৰ সমীপৱৰ্তী এই অঞ্চল জনবসতি পূৰ্ণ এলেকা।স্থানীয় ৰাইজে সেইখন ঠাইত বিলাতী সুৰাৰ দোকান দিয়াত আপত্তি কৰাত বিলাতী সুৰাৰ দোকান খন দিব নোৱাৰা যেন অৱস্থা হৈছে ।যোৰহাটৰ বিভিন্ন ঠাইৰ ৰাইজে আকৌ নতুনকৈ বিলাতী সুৰাৰ দোকান দিয়াত আপত্তি কৰে,নৱপ্ৰজন্ম ৰক্ষা পৰিব ।শেষত মহন্তৰ বাক্যটো আছিল__”এতিয়া অসমত ধঁপাত জাতীয় সামগ্ৰী, সুৰা আৰু ড্ৰাগছৰ মুকলি বেহা সম্পূৰ্ণ বন্ধ কৰি ডক্টৰ শৰ্মাই জনসাধাৰণক ‘উচপ খুৱাব’ পাৰিলে তেওঁ ‘আমুৱাই যোৱাকৈ’ জনপ্ৰিয়তা লাভ কৰিব সেইটো নিশ্চিত ।”
