নলিনীবালা দেৱী – নুৰজামাল হক

Pc অসমীয়া ৱিকিপিডিয়া-Wikipedia

নলিনীবালা দেৱী

নুৰজামাল হক, দলগাঁও

সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ
ভক্তি আৰু মানৱতা যাৰ পৰিচয়,
বেদনাৰে ভৰা অবিৰাম জীৱনগাঁথা
সকলোৱে যাক কয়।

সৰু বেলাৰ পৰাই তেওঁৰ
সংবেদনশীল মন,
কবিতাৰ সুৰে জগাই তুলিছিল
হৃদয়ৰ স্পন্দন।

জীৱনৰ পথ সহজ নাছিল,
আছিল দুখৰ ছাঁ,
তথাপিও সাহসেৰে আগবাঢ়ি
জীৱন কৰিলে গাঁথা।

স্বামী আছিল জীৱনৰ
আশা আৰু ভৰসা,
সুখ-দুখৰ দিনবোৰত
দিছিল মৰমৰ ভাষা।

কিন্তু ভাগ্যৰ কঠিন আঘাতে
নামিল বিষাদৰ ৰাতি,
স্বামীৰ মৃত্যুৰ বেদনাই
নুমাই দিলে চাকি।

মাতৃ হৃদয়ৰ স্নেহভৰা
আছিল আপোন পুত্ৰ,
তেওঁৰ হাঁহিত বিচাৰি পাইছিল
জীৱনৰ পোহৰৰ মন্ত্ৰ।

কিন্তু নিষ্ঠুৰ সময় আহি
সেই সুখো নিলে কাঢ়ি,
পুত্ৰ বিয়োগৰ গভীৰ দুখে
হৃদয় দিলে ফাঁড়ি।

এই অসীম বেদনাবোৰ
চকুপানীত নোহোৱা,
কলমৰ সুৰে কবিতাত
হৈ উঠিল কোৱা।

দুখক শক্তি কৰি লৈ
তেওঁ লিখিলে গান,
মানুহৰ হৃদয় স্পৰ্শ কৰা
অমৰ কবিতাৰ ধ্বনি মহান।

নাৰী জীৱনৰ নীৰৱ বেদনা,
সংগ্ৰাম আৰু আশা,
তেওঁৰ সাহিত্যত পাই
প্ৰশান্তিৰ গভীৰ ভাষা।

স্বামী আৰু পুত্ৰৰ স্মৃতি
হৃদয়ত ৰাখি জীয়াই,
সাহিত্যৰ পবিত্র সাধনাৰে
নিজ নাম অমৰ কৰি থৈ যায়।

আজিও অসমীয়া সাহিত্যত
তেওঁ জ্বলন্ত দীপ,
বেদনাৰ মাজতো সৃষ্টিৰ শক্তি
শিকাই যায় অনুপম ৰূপ।