৩ জুনৰ পাছত হ’ব মন্ত্রীসভাৰ সম্প্ৰসাৰণঃমুখ্যমন্ত্ৰী

৩ জুনৰ পাছত হ’ব মন্ত্রীসভাৰ সম্প্ৰসাৰণঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ১২ মে’ত চাৰিজন সতীৰ্থক লগত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাবে ডঃ হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ কৰাৰ পিছত মন্ত্রীসভাৰ সম্প্ৰসাৰণক লৈ ব্যাপক জল্পনা-কল্পনা আৰম্ভ হৈছে ৷ অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণক লৈ জল্পনা তুংগত উঠাৰ সময়তে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অহা তিনি জুনৰ পাছতহে তেওঁৰ মন্ত্রীসভাখনৰ সম্প্ৰসাৰণ ঘটাব বুলি জানিবলৈ দিছে। বুধবাৰে বিধানসভা চৌহদত মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, “ক্ৰমান্বয়ে মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ কাম চলি থাকিব ৷ জুন মাহৰ প্ৰথম সপ্তাহত মন্ত্রীসভাৰ সম্প্ৰসাৰণ হৈ যাব । কিন্তু ৩ জুনলৈকে ৰাজ্যপাল মংগোলীয়াত থাকিব । গতিকে যি হ’ব ৩ জুনৰ পাছতেহে হ’ব ।” ইয়াৰ পূৰ্বেও মুখ্যমন্ত্রীয়ে জুন মাহৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব বুলি ঘোষণা কৰিছিল । ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চাৰিজনীয়া মন্ত্রীসভাত চাহ জনগোষ্ঠী আৰু মহিলা প্ৰতিনিধিৰ লগতে দুই মিত্রদল অগপ আৰু বি পি এফৰ প্ৰতিনিধি অন্তৰ্ভুক্ত হৈছে । শেহতীয়া নিৰ্বাচনত ৮২ খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ পাছতো বিজেপিয়ে দুই মিত্রদল অগপ আৰু বি পি এফক এটাতকৈ অধিক মন্ত্রীপদ দিব বিচৰা নাই বুলি ভিন্ন মহলত চৰ্চা হৈছে ৷ যাৰ বাবে এতিয়াও মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ বিজেপিৰ ভিতৰত উৎকণ্ঠা বৃদ্ধি পাইছে । উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনত ৰাজ্যবাসীৰ অভিলেখপূৰ্ণ সঁহাৰিৰে ১০২খন আসন লাভ কৰি পুনৰ ক্ষমতালৈ উভতি আহিছে বিজেপি নেতৃত্বাধীন এনডিএ। জনাদেশ লাভৰ পাছতে যোৱা ১২ মে’ত পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ড° শর্মাই। সেইদিনা মুখ্যমন্ত্রী ড° শৰ্মাৰ লগত শপত লৈছিল বিজেপিৰ ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অগপৰ অতুল বৰা আৰু বিপিএফৰ চৰণ বড়োৱে। এতিয়া মন্ত্রীসভাৰ খালী পদকেইটাৰ বাবে মুখ্যমন্ত্রী ড° শর্মাই কোন কোন বিধায়কক বাছনি কৰে সেয়া লক্ষণীয় হ’ব।