আৰক্ষীৰ গুলীত মৰিকলঙৰ ডকাইতিৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও চহৰৰ মৰিকলঙত এমাহৰ পূৰ্বে সংঘটিত লোমহর্ষক ডকাইতি ঘটনাৰ লগত জড়িত এজন দুর্ধর্ষ ডকাইত আৰক্ষীৰ গুলীত নিহত হয়। মঙলবাৰে পুৱতিনিশা প্রায় ২.৩০ বজাত নগাঁও জিলাৰ নগাঁও সদৰ আৰক্ষী থানাৰ অধীনস্থ ৰাঙলু আৰক্ষী চকীৰ অন্তৰ্গত বৰকন্দলি মিকিৰপাৰত আৰক্ষীৰ গুলীচালনাত ডকাইতটো নিহত হয়। দুর্ধর্ষ ডকাইত লখিমপুৰৰ খাইৰুল আলী ওৰফে মণিৰ নেতৃত্বত ৫-৬জনীয়া ডকাইতৰ দলে নগাঁৱত ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিল। গোপন সূত্রে এই খবৰ লাভ কৰি নগাঁও আৰক্ষীয়ে নগাঁও সদৰ থানা আৰু ৰাঙলু আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত বৰকন্দলি মিকিৰপাৰ অঞ্চলত অভিযান চলায়। পুৱতিনিশা ডকাইতৰ দলটো আৰক্ষীৰ মুখামুখি হোৱাত আৰক্ষী দলটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত দুর্ধর্ষ ডকাইত খাইল আলী গুৰুতৰভাৱে আহত হয়। তেওঁৰ শৰীৰত দুটা গুলী লাগে। অতি সংকটজনক অৱস্থাত ততাতৈয়াকৈ তেওঁক নগাঁও মেডিকেল কলেজ হাস্পতাললৈ অনা হয় যদিও চিকিৎসকে ডকাইতটোক মৃত বুলি ঘোষণা কৰে। ডকাইতৰ গুলীচালনাত আৰক্ষীৰ এখন বাহনৰ ক্ষতিসাধন হয়। অৱশ্যে আৰক্ষী দলটোৰ কোনো ক্ষতি হোৱা নাই। ডকাইত আৰু আৰক্ষীৰ গুলীচালনা ঘটনাত খাইৰুল নিহত হ’ল যদিও আন্ধাৰৰ সুযোগ গ্রহণ কৰি আনকেইটা ডকাইত পলাই যাবলৈ সক্ষম হয়। উল্লেখ্য যে নগাঁও চহৰৰ মৰিকলং সেউজ নগৰত ২৪ এপ্ৰিলৰ পুৱতিনিশা ডাঃ ৰঞ্জিত শইকীয়াৰ ঘৰত সংঘটিত লোমহর্ষক ডকাইতিৰ ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল আৰক্ষীৰ গুলীত নিহত খাইরুল আলী। ২২ এপ্রিলত নগাঁৱৰ ষ্টাৰ হোটেলত বাহৰ পাতি খাইৰুল আলীসহ ডকাইতৰ দলে চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিল। এইক্ষেত্ৰত দলটোক সহযোগিতা কৰিছিল নগাঁও চহৰৰ দুজন ক্ষুদ্ৰ ব্যৱসায়ী হৰিশ শৰ্মা আৰু সতীশ শ্বাহে। হৰিশ আৰু সতীশে ডকাইতৰ দলটোক ডাঃ শইকীয়াৰ গতিবিধি আৰু সকলো তথ্য যোগান ধৰিছিল। জানিব পৰা মতে, হৰিশ আৰু সতীশ দীর্ঘদিনৰ পৰাই খাইৰুলৰ লগত যোগাযোগত আছিল। মৰিকলঙত ডকাইতি কৰিবলৈ খাইৰুলে লখিমপুৰৰ পৰা ডকাইতৰ দলটোক নগাঁৱলৈ আনিছিল। ২৪ এপ্রিলৰ পুৱতিনিশা ডাঃ শইকীয়াৰ ঘৰত ডকাইতিৰ নেতৃত্ব লৈছিল খাইৰুলে। ডাঃ শইকীয়াৰ ঘৰত ডকাইতৰ দলটো প্ৰৱেশ কৰি প্ৰথমতে খাইৰুলে ৰডেৰে ডাঃ শইকীয়াৰ মূৰত প্ৰহাৰ কৰে আৰু তাৰ লগতে আন এজন ডকাইত ৰাজিবুৰ ৰহমানেও প্ৰহাৰ কৰিছিল। এই ডকাইতিৰ ঘটনাত ডাঃ শইকীয়া কিছু আঘাতপ্রাপ্ত হয়। আনহাতে তেওঁৰ পত্নী ৰূপৰেখা শইকীয়াৰ অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ ১০ মে’ত মৃত্যু হয়। উল্লেখ্য যে ডকাইতিৰ ঘটনাৰ লগত জড়িত আঠজনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতকেইটা হ’ল- নগাঁও চহৰৰ মিন্টু হুছেইন, ওমৰ আলী, মৈৰাবাৰীৰ নাজিৰুল ইছলাম, লখিমপুৰৰ ৰাজিবুৰ ৰহমান, ৰেজাক আলী ওৰফে লাম্বা, নূৰ হুছেইন, নগাঁৱৰ হৰিশ শৰ্মা আৰু সতীশ শ্বাহ। গুলীচালনাত ডকাইত খাইৰুল নিহত হোৱাৰ পিছত নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পার্থপ্রতিম দাসে এক সংবাদ মেল আয়োজন কৰি কয় যে আমাৰ এটা খবৰ আছিল যে এটা ডকাইতৰ দলে নগাঁৱত ডকাইতিৰ পৰিকল্পনা কৰিছিল। আমি এইক্ষেত্ৰত নগাঁৱৰ সকলো থানাক সক্রিয় হৈ থাকিবলৈ নির্দেশ দিছিল। সেই অনুসৰি আৰক্ষীয়ে যোৱানিশা ডকাইতৰ সন্ধানত নগাঁও সদৰ থানাৰ অন্তৰ্গত বৰকন্দলি মিকিৰপাৰত অভিযান চলায় আৰু পুৱতিনিশা প্রায় ২.৩০ বজাত ডকাইতৰ দলৰ কাষ পোৱাত ডকাইতৰ দলে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। ফলত আৰক্ষীৰ এখন গাড়ীত গুলী লাগে। আৰক্ষীয়েও লগে লগে প্ৰত্যুত্তৰ দিয়াত খাইৰুল আলী নামৰ ডকাইতটো গুলীবিদ্ধহয়। খাইৰুলৰ দেহত দুটা গুলী লাগে। সেই সময়ত আন্ধাৰ আছিল। খাইৰুল মৰিকলঙৰ ডকাইতৰ মাষ্টাৰমাইণ্ড আছিল। তেওঁ ডকাইতৰ দলটোক নগাঁৱলৈ লৈ অহাৰ কথা উল্লেখ কৰি আৰক্ষী বিষয়াগৰাকীয়ে কয় যে ইতিমধ্যে এই ঘটনাৰ লগত জড়িত ধৃত দুই ডকাইত ৰাজিবুৰ আৰু ৰেজাকে আৰক্ষীৰ জেৰাত খাইৰুলৰ কথা উল্লেখ কৰিছে। আমি খাইৰুলক কৰায়ত্ত কৰিবলৈ অভিযান চলাই আছিলোঁ যদিও সি পলাতক অৱস্থাত আছিল। ইতিপূর্বে খাইৰুলে নগাঁৱত আঠটা চুৰি-ডকাইতিৰ ঘটনা সংঘটিত কৰিছে।। তদুপৰি লখিমপৰত দুটা ডাঙৰ চুৰিকাণ্ড সংঘটিত কৰাৰ লগতে বিহপুৰীয়াতো চুৰিকাণ্ড সংঘটিত কৰিছে। নগাঁও চহৰৰ ষ্টাৰ হোটেলত বাহৰ পাতি নগাঁৱত চুৰি-ডকাইতি খাইৰুলে সংঘটিত কৰি আহিছে। ষ্টাৰ হোটেলৰ স্বত্বাধিকাৰীক ইতিমধ্যে জেৰা কৰাৰ কথা উল্লেখ কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে যে খাইৰুলক সহযোগিতা আগবঢ়াই আহিছিল হৰিশ আৰু সতীশে। তেওঁ লগতে কয় যে ডাঃ শইকীয়াক ৰডেৰে প্ৰথমে মূৰত মাৰিছিল খাইৰুলে। পিছত ভুক্তভোগীয়ে ডকাইত খাইরুল আৰু নাজিবুৰক চিনাক্ত কৰিছিল। আমি ঘটনাস্থলীৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল, দুটা খালী কার্টিজ, এখন দা আৰু কিছু ৰড উদ্ধাৰ কৰিছোঁ। সেয়া আমাৰ ধাৰণা হয় দলটোৱে ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিল। মৰিকলঙৰ ডকাইতিৰ ঘটনাত সংকটজনক অৱস্থাত আহত হোৱা ডাঃ শইকীয়াৰ পত্নীৰ কেইদিনমানৰ পিছত মৃত্যু হয়। সেয়ে এই গোচৰৰ লগত হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। খাইৰুলৰ নগাঁৱত এগৰাকী পৰিয়ালৰ লোক আছে বুলি আমি গম পাইছোঁ। এই বিষয়টো তদন্তৰ আওতাত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে তদন্তৰ পিছতহে বিষয়টো অৱগত কৰা হ’ব। আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে মৰিকলঙৰ ঘটনাৰ লগত জড়িত আঠজনক গ্রেপ্তাৰ কৰা হৈছে। ইপিনে ডকাইতৰ আক্ৰমণত আহত হোৱা চিকিৎসক ডাঃ ৰঞ্জিত শইকীয়াই সংবাদ মাধ্যমৰ আগত মূল অভিযুক্ত খাইৰুল আৰক্ষীৰ গুলীত নিহত হোৱাৰ খবৰ শুনি অতিকৈ সুখী বুলি মন্তব্য কৰি কয় যে ভগৱান আছে আৰু ভগৱানে নিশ্চিতভাৱে দোষীক শাস্তি দিব। আৰক্ষীৰ ভূমিকাক ধন্যবাদ জনাই কয় যে অসম আৰক্ষী শক্তিশালী। ডকাইতৰ দলৰ আক্ৰমণত আমি পতি-পত্নী আহত হৈছিলোঁ। ইতিমধ্যে পত্নীৰ মৃত্যু হৈছে। এজন ডকাইতৰ আৰক্ষীৰ গুলীত মৃত্যু হোৱাত শান্তি পাইছোঁ। ভাল পাইছোঁ। আৰক্ষীয়ে আমাৰ ঘটনাৰ লগত জড়িত সকলোকে ক্ষিপ্ৰতাৰে কৰায়ত্ত কৰিছে। এই ঘটনাৰ লগত যদি আন কোনো লোক জড়িত আছে সেইসকলৰ বিৰুদ্ধেও ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছোঁ। মোৰ বিশ্বাস আছে আৰক্ষীয়ে সেয়া কৰিব। ভগৱানে ন্যায় দিব আৰু মই ন্যায় পাম।
