জুবিন হত্যাৰ গোচৰৰ ৭ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জফ্রেম ফাষ্টট্রেক আদালতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে ফাষ্টট্রেক আদালতে। বিগত এমাহৰো অধিক সময় ধৰি এই গোচৰক লৈ ফাষ্টট্রেক আদালতে বিভিন্ন পক্ষৰ যুক্তি শুনাৰ পাছত মঙলবাৰে গোচৰটোত অভিযুক্তসকলৰ বিৰুদ্ধে কি কি ধাৰাত বিচাৰ চলোৱা হ’ব সেয়া নির্ধাৰণ কৰিলে ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্রেক আদালতে। উল্লেখ্য যে ২০২৫ বৰ্ষৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ মহাসাগৰৰ বুকুত ৰহস্যজনকভাৱে মৃত্যুক সাবটি লোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰিছিল বিশেষ তদন্তকাৰী গোট, চমুকৈ এছআইটি। চিআইডিৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তাৰ নেতৃত্বত গঠিত এছআইটিয়ে এই গোচৰৰ তদন্ত কৰিবলৈ ভাৰতীয় ন্যায় সংহিতাৰ ৩ (৬)/৩ (৭)/৩ (৮)/৬১(২) /১০৩(১)/১০৫/২৩৮/৩০৮(২)/৩১৮(৪)/৩১৬ (৫) নং ধাৰাৰ অধীনত ২০২৫ বৰ্ষৰ ২০ ছেপ্টেম্বৰত ৰুজু কৰিছিল ১৮/২০২৫ নম্বৰৰ গোচৰ। প্ৰায় তিনি শতাধিক লোকৰ সাক্ষ্য-প্ৰমাণৰ অন্তত যোৱা ১৩ ডিচেম্বৰত কামৰূপ (মহানগৰ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত প্রায় ১২ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা এছআইটিয়ে দাখিল কৰিছিল। পৰৱৰ্তী সময়ত ৰাইজ তথা জুবিন অনুৰাগীৰ প্ৰবল দাবীৰ পাছতে চৰকাৰে প্ৰাণৰ শিল্পীৰ হত্যাকাণ্ড গোচৰৰ বিচাৰৰ বাবে ফাষ্টট্রেক আদালত গঠন কৰি দিছিল। পৰৱৰ্তী সময়ত মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ পৰা এই গোচৰটো ফাষ্টট্রেক আদালতলৈ প্ৰেৰণ কৰা হৈছিল। নিয়মীয়াকৈ গোচৰৰ শুনানিৰ অন্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতে অভিযুক্ত ৭জনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত কি কি ধাৰাত বিচাৰ চলিব সেয়া নিৰ্ধাৰণ কৰে। মন কৰিবলগীয়া যে আদালতে আজি অভিযুক্তসকলৰ বিৰুদ্ধে আৰোপ কৰা ধাৰাসমূহৰ ভিতৰত হত্যাকাণ্ডটোৰ অন্যতম চাৰি মূল অভিযুক্ত ক্রমে নর্থ-ইষ্ট ফেস্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মা, বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী আৰু গায়িকা অমৃতপ্রভা মহন্তৰ বিৰুদ্ধে আৰোপ কৰিছে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ১০৩(১) শীৰ্ষক হত্যাৰ ধাৰা। জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক বাদ দি আন ৬ অভিযুক্তৰ বিৰুদ্ধে আদালতে ৬১(২) অপৰাধমূলক ষড়যন্ত্ৰৰ ধাৰাও আৰোপ কৰিছে। চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে সদৰী কৰা মতে, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩ (৬)/৩ (৭)/৩ (৮)/৬১(২) /১০৩ (১)/৩১৬ (৫)ৰ ধাৰাৰ অধীনত বিচাৰ চলিব। একেদৰে দ্বিতীয়জন অভিযুক্ত শ্যামকানু মহন্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩ (৬)/৩ (৭) /৩(৮)/৬১(২)/১০৩ (১)ৰ উপৰি ৩০৮ (২), ৩১৮ (৪), ২৩৮ ধাৰা আৰোপ কৰা হৈছে। সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে ধাৰ্য কৰা ধাৰাসমূহৰ বিপৰীতে অতিৰিক্তভাৱে শ্যামকানু মহন্তৰ ক্ষেত্ৰত বিএনএছৰ ৩০৮(২), ৩১৮(৪) আৰু ২৩৮নং ধাৰাকেইটা অতিৰিক্তভাৱে আদালতে আৰোপ কৰিছে। তৃতীয়জন অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে ৩ (৬)/৩ (৭)/৩ (৮) /৬১(২)/১০৩(১)/৩১৬ (৫) নং ধাৰা আৰোপ কৰা হৈছে। অমৃতপ্রভা মহন্তৰ বিৰুদ্ধেও ৩ (৬)/৩ (৭)/৩ (৮)/৬১(২)/১০৩ (১) নং ধাৰাৰ লগতে ২৩৮ নং ধাৰা আৰোপ কৰা হৈছে। উল্লেখ্য যে শ্যামকানু মহন্তৰ ক্ষেত্ৰতো বিএনএছৰ ২৩৮নং ধাৰা আদালতে আৰোপ কৰিছে। জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গৰ ক্ষেত্ৰত বিএনএছৰ কেৱল ১০৫ নম্বৰ ধাৰাহে বিচাৰৰ বাবে আদালতে আৰোপ কৰিছে। একেদৰে আন দুই অভিযুক্ত তথা জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ দুই ধাৰা ক্ৰমে ৬১ (২) আৰু ৩১৬ (৫) আদালতে আৰোপ কৰিছে। জানিব পৰা মতে, আদালতে আজি আৰোপ কৰা ধাৰাসমূহৰ ভিতৰত অন্যতম কেতবোৰ ধাৰা অনুসৰি ১০৩(১) নং ধাৰা হত্যাৰ ক্ষেত্ৰত প্রযোজ্য হয়। ৬১(২) ধাৰা অপৰাধমূলক ষড়যন্ত্ৰৰ ক্ষেত্ৰত প্রযোজ্য হয়। ৩১৬ (৫) নং ধাৰা অপৰাধমূলক বিশ্বাস ভংগৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাৰ লগতে ৩১৮ (৪) ধাৰা ঠগ-প্ৰৱঞ্চনা, ২৩৮ ধাৰা তথ্য-প্রমাণ নষ্ট কৰা বা মিছা তথ্য-প্রমাণ দিয়া অপৰাধীৰ ক্ষেত্ৰত প্রযোজ্য হয়। লক্ষণীয়ভাবে আদালতে ২৩৮ ধাৰা হত্যাকাণ্ডটোৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু অমৃতপ্রভা মহন্ত দুয়োৰে ক্ষেত্ৰত আৰোপ কৰিছে। ইয়াৰ বাহিৰেও বিএনএছৰ ৩ (৬) ধাৰা বিভিন্ন লোকৰ দ্বাৰা অপৰাধমূলক অভিপ্ৰায়েৰে সংঘটিত হোৱা অপৰাধৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাৰ লগতে ৩ (৮) নং ধাৰা বিভিন্ন অভিপ্ৰায়েৰে সংঘটিত কৰা অপৰাধৰ ক্ষেত্ৰত প্রযোজ্য হয়। চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে সদৰী কৰা মতে, আদালতে সমগ্র শুনানিত সন্তুষ্ট হৈ আজি গোচৰৰ ধাৰাসমূহ আৰোপ কৰিছে। অহা ৮ জুনৰ পৰা নিয়মীয়াকৈ গোচৰটোৰ বিচাৰ প্রক্রিয়া চলিব। সেইদিনাৰ পৰাই প্রায় তিনি শতাধিক সাক্ষীৰ সাক্ষ্য আদালতে গ্ৰহণ কৰিব। প্রতিদিনে এই সাক্ষ্যগ্রহণ প্রক্রিয়া চলিব। আজি ধাৰাসমূহ আৰোপ কৰাৰ পাছত আদালতে ভিডিঅ’ কনফাৰেঞ্চিংযোগে ৭ অভিযুক্তক এই সন্দৰ্ভত অৱগত কৰে। অৱশ্যে অভিযুক্ত ৭জনে নিজৰ দোষ মানি লোৱাৰ সলনি বিচাৰ প্ৰক্ৰিয়াৰ বাবে প্রস্তুত বুলি আদালতক জনায়। ইপিনে, ৭ অভিযুক্তৰ বিৰুদ্ধে ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতৰ ৰায়ক লৈ সন্তুষ্টি প্রকাশ কৰি গৰিমা শইকীয়া গার্গে কয় যে আদালতৰ ওপৰত আমি যেনেদৰে আশা কৰিছিলোঁ আৰু আস্থা ৰাখিছিলোঁ আজি সেই মতে ৰায়দান পাইছোঁ। ভগৱান সদায় সত্যৰ পক্ষত থাকিব। চৰকাৰী লোক অধিবক্তাৰ দল তথা এছআইটিৰ বিষয়াসকলকো কৃতজ্ঞতা প্রকাশ কৰি গৰিমা গার্গে কয় যে আমি বিচৰা মতে যিখিনি কথা প্রতিষ্ঠা কৰিব লাগে, তেওঁলোকে সেই মতে আগবাঢ়িছে। ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস, আস্থা আছে। অসমৰ ৰাইজে যেনেকৈ আশা কৰিছিল, তেনেদৰেই দোষীয়ে চৰম শাস্তি পাব লাগে। অৱশ্যে বিচাৰ প্ৰক্ৰিয়া কিছু দীঘলীয়া হ’ব বুলি মন্তব্য কৰি গৰিমা গার্গে কয় যে প্রায় ৩৯৪জন সাক্ষীৰ সাক্ষ্য আদালতে গ্ৰহণ কৰিব। গতিকে স্বাভাৱিকতে বিচাৰ প্ৰক্ৰিয়া কিছু দীঘলীয়া হ’ব। দীঘলীয়া হ’লেও আমি ধৈৰ্যৰে ন্যায়প্রাপ্তিলৈ বাট চাম। ভগৱান আমাৰ সৈতে আছে। উচিত ন্যায় আমি লাভ কৰিম।
