খনিজ সম্পদৰ ক্ষেত্ৰত ভাৰত-আমেৰিকাৰ মাজত চুক্তি স্বাক্ষৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু মার্কিন বিদেশ সচিব মার্কো ৰুবিঅ’ৰ উপস্থিতিত খনিজ সম্পদৰ ক্ষেত্রত এক ঐতিহাসিক চুক্তিখন স্বাক্ষৰ কৰা হয়। চুক্তিখনৰ মূল উদ্দেশ্য আৰু গুৰুত্ব হৈছে ই প্রধানকৈ বৈদ্যুতিক বাহন, অর্ধপৰিবাহী, প্ৰতিৰক্ষা সঁজুলি আৰু নৱীকৰণযোগ্য শক্তিৰ বাবে প্রয়োজনীয় বিৰল খনিজ সম্পদৰ খনন, প্ৰক্ৰিয়াকৰণ আৰু পুনৰাৱৰ্তনৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি কৰিব। ইয়াৰ ফলত লিথিয়াম, ক’বাল্ট আৰু অন্যান্য বিৰল খনিজ সম্পদৰ যোগান নিশ্চিত কৰিব। তদুপৰি খনিজ সম্পদৰ খনন আৰু প্ৰক্ৰিয়াকৰণ খণ্ডত আমেৰিকাৰ পৰা বৃহৎ পৰিমাণৰ ব্যক্তিগত মূলধন বিনিয়োগৰ পথ প্রশস্ত হ’ব। এই চুক্তিয়ে চীনৰ ওপৰত বিৰল খনিজ পদাৰ্থৰ নিৰ্ভৰশীলতা হ্রাস কৰিব। বৰ্তমান এই খনিজ সম্পদসমূহৰ বিশ্বৰ বজাৰত চীনৰ প্ৰায় ৮০ শতাংশ আধিপত্য আছে। নতুন চুক্তিয়ে ভাৰতক চীনৰ যোগানৰ ওপৰত নিৰ্ভৰ নকৰাকৈ নিজৰ উচ্চ প্রযুক্তি উদ্যোগসমূহ চলাই নিয়াত সহায় কৰিব। এই সন্দৰ্ভত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰে কয়, বিশ্বৰ বৰ্তমান প্রত্যাহ্বানমূলক পৰিস্থিতিত গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ ক্ষেত্ৰত স্বাক্ষৰিত হোৱা চুক্তি অত্যন্ত সময় উপযোগী আৰু উল্লেখযোগ্য হিচাপে বিবেচিত হৈছে। ই আমাৰ যোগান শৃংখলাক অধিক শক্তিশালী আৰু বৈচিত্র্যপূৰ্ণ কৰি তুলিব। ইফালে মার্কিন বিদেশ সচিব মার্কো ৰুবিঅ’ই এই চুক্তিক ভাৰত-আমেৰিকাৰ কৌশলগত অংশীদাৰিত্বৰ এক বাস্তৱ উদাহৰণ বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে কোনো এখন দেশৰ একচেটিয়া অধিকাৰৰ বাবে আমাৰ উদ্ভাৱনমূলক অর্থনীতি ৰুদ্ধ হৈ নাথাকে, সেয়া নিশ্চিত কৰাই এই চুক্তিৰ মূল্য লক্ষ্য।
