পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্রতিবাদ

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্রতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- ইন্ধন জাত সামগ্রী পেট্রল, ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাবনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে  সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰ হায় হায়, কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী মুর্দাবাদ, পেট্র’ল-ডিজেলৰ মূল্য হ্রাস কৰক, কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ আদি শ্ল’গানেৰে উত্তাল কৰি তোলে। ঠায়ে ঠায়ে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ । পেট্র’ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে মঙলবাৰে গুৱাহাটীৰ উজানবজাৰত কেন্দ্রীয় পেট্র’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্রতিবাদকাৰীসকলে হাতত পেট্ৰ’ল পাম্পৰ প্ৰতীকী আৰ্হি তথা প্লে’কার্ড লৈ চৰকাৰী ব্যৰ্থতাৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰি কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী হৰদীপ সিং পুৰীৰ পুত্তলিকা দাহ কৰে । লগতে পেট্র’ল, ডিজেল আৰু ৰন্ধন গেছৰ ক্ৰমাগত দাম বৃদ্ধি অনতিপলমে নিয়ন্ত্ৰণ কৰা আৰু সৰ্বসাধাৰণ ৰাইজৰ ওপৰত জাপি দিয়া আর্থিক বোজা হ্রাস কৰিবলৈ চৰকাৰক তৎকালীনভাৱে পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনায় । ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সন্দৰ্ভত কয় যে পেট্ৰ’ল, ডিজেলৰ দাম অবাধে বৃদ্ধি হোৱাৰ প্রতিবাদত আৰু শীঘ্ৰেই দাম হ্রাস কৰাৰ দাবীত ছাত্ৰ সন্থাৰ আহ্বানমর্মে প্ৰতিখন জিলা সদৰত প্ৰতিবাদ সাব্যস্ত কৰা হয়। পাঁচখন ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰে পৰা দেশজুৰি পেট্ৰ’ল-ডিজেলৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে। একেবাৰতে দুটকাতকৈ বেছিও দাম বৃদ্ধি পাইছে। এটা মাহতকৈ কম সময়ৰ অন্তৰালত চাৰি বাৰ পৰ্যন্ত দাম বৃদ্ধি পাইছে। এয়া কোনো কাৰণতেই গ্রহণযোগ্য নহয়, এয়া জনসাধাৰণৰ মূৰত মাধমাৰ। পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিয়ে সকলো বস্তুৰে পৰিবহণ খৰচ বৃদ্ধি কৰে। এনেই দামৰ জুয়ে দহি থকা বজাৰত বস্তুৰ দাম পুনৰ বাঢ়িব। চাউল, দালি, আলু, পিঁয়াজ, কণী, গাখীৰকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ দামে আকাশ চুইছে। অবিশ্বাস্য ধৰণে এটা বাণিজ্যিক চিলিণ্ডাৰৰ দামে তিনি হাজাৰ টকা অতিক্রম কৰিছে। ঔষধৰ দাম বাঢ়িছে। তাৰ মাজতে পেট্ৰ’ল-ডিজেলৰ দাম অবাধে বঢ়াই থকা কার্যই জনসাধাৰণৰ জীৱন দুর্বিসহ কৰি তুলিছে। ছাত্ৰ সন্থাই শীঘ্রেই সকলো সামগ্ৰীৰে দাম বৃদ্ধিনিয়ন্ত্ৰণ কৰিবলৈ আৰু দাম হ্রাস কৰিবলৈ দাবী জনাইছে। দাম বৃদ্ধি কৰাৰ পৰিৱৰ্তে শক্তিশালী অর্থনৈতিক নীতি গ্ৰহণ কৰি দাম হ্রাস কৰাৰ ব্যৱস্থা কৰি ৰাইজক সকাহ দিবলৈ আছু নেতৃত্বই চৰকাৰক দাবী জনাইছে। অন্যথা প্রতিবাদ অধিক তীব্ৰতৰ কৰাৰো সকীয়নি দিয়ে আছুৱে।