পথিক – এছ ইছলাম

Pc- Shutterstock

পথিক

এছ ইছলাম, শিক্ষক 
পশ্চিম মইনবৰী, বৰপেটা 

হে পথিক,
ঘিট্ মিট্ আন্ধাৰৰ বুকুত
আগুৱাই যোৱা খুপি খুপি,
দুখৰ ডাঙৰি বান্ধোতে
ক’ত যে হেৰুৱালা
শুষ্ক জীৱনৰ মৰুময় হিয়া!
তুমিতো নাজানা,
নিৰ্জনতাৰ আমনিৰ নামনিত শুই থকা
শিলৰ হৃদয়ত গজি উঠা নিৰাশা-লতাই
কিয় বসন্তৰ বা দিয়ে
তোমাৰ ঘৰ্মাক্ত শৰীৰত ?
হে পথিক,
বাট এৰি অবাটে নাযাবা,
কোনো দূৰ দূৰণিত ৰৈ আছে প্ৰেয়সী
তোমালৈ বাট চাই
মাটিৰ চাকিৰ মিঠা পোহৰকে ধিয়াই।
তুমিতো নাজানা,
আশাৰ ফুল ফুলে নে নুফুলে
শীতৰ শুকান সৰাপাত গচকি অহা
সেউজীয়া বসন্তত !