লক্ষ্মীনাথ বেজবৰুৱা আৰু বুঢ়ী আইৰ সাধু : এক আলাপ – শিল্পা প্ৰিয়ম কুণ্ডিণ্য

Pc Amazon.in

লক্ষ্মীনাথ বেজবৰুৱা আৰু বুঢ়ী আইৰ সাধু : এক আলাপ

শিল্পা প্ৰিয়ম কুণ্ডিণ্য
গুৱাহাটী, সাতগাঁও

অসমীয়া সাহিত্যৰ আকাশত লক্ষ্মীনাথ বেজবৰুৱা এজন দীপ্তিমান নক্ষত্ৰ। আধুনিক অসমীয়া সাহিত্যৰ ভেটি সুদৃঢ় কৰোঁতাসকলৰ ভিতৰত তেওঁ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক। কবিতা, নাটক, প্ৰবন্ধ, উপন্যাস, ব্যংগ, শিশুসাহিত্য—সকলো ক্ষেত্ৰতে তেওঁৰ অসামান্য প্ৰতিভাৰ স্বাক্ষৰ ৰৈ গৈছে। কিন্তু তেওঁৰ সাহিত্যসাধনাৰ মাজত “বুঢ়ী আইৰ সাধু” এক বিশেষ স্থান অধিকাৰ কৰি আছে। এই গ্ৰন্থখন কেৱল সাধুকথাৰ সংকলন নহয়; ই অসমৰ লোক-সংস্কৃতি, সামাজিক জীৱন আৰু মানৱীয় মূল্যবোধৰ এক জীৱন্ত প্ৰতিচ্ছবি।

সাহিত্যৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা পৰিচয়-

১৮৬৪ চনত নগাঁও জিলাৰ আঁহতগুৰিত জন্মগ্ৰহণ কৰা লক্ষ্মীনাথ বেজবৰুৱা “ৰসৰাজ” নামেৰে খ্যাত। তেওঁ অসমীয়া ভাষা আৰু সাহিত্যক নতুন জীৱন দান কৰিছিল। সেই সময়ত অসমীয়া ভাষাই নানা সংকটৰ সন্মুখীন হৈছিল; কিন্তু বেজবৰুৱাৰ সাহিত্যচৰ্চাই ভাষাটোক শক্তিশালী আৰু সমৃদ্ধ কৰি তুলিলে। তেওঁৰ ৰচনাত দেশপ্ৰেম, সমাজসংস্কাৰ, মানৱতা আৰু ৰসিকতা এক অপূৰ্ব সংমিশ্ৰণত প্ৰকাশ পাইছে।

বেজবৰুৱাই উপলব্ধি কৰিছিল যে কোনো জাতিৰ মূল শক্তি তাৰ লোকসংস্কৃতি আৰু মৌখিক সাহিত্য। সেই উপলব্ধিৰ পৰাই তেওঁ অসমৰ গাঁৱে-ভূঞে মুখে মুখে চলি অহা সাধুকথাবোৰ সংগ্ৰহ কৰি “বুঢ়ী আইৰ সাধু” গ্ৰন্থখন ৰচনা কৰে।

“বুঢ়ী আইৰ সাধু” : লোক- চেতনাৰ ভঁৰাল-

“বুঢ়ী আইৰ সাধু” প্ৰথম প্ৰকাশ পায় ১৯১১ চনত। এই গ্ৰন্থখনত সন্নিবিষ্ট সাধুবোৰ বহু যুগ ধৰি অসমীয়া সমাজত মুখে মুখে প্ৰচলিত হৈ আহিছিল। বেজবৰুৱাই এইসাধুবোৰক সৰল অথচ সজীৱ ভাষাত লিখিত ৰূপ দিয়ে। এই সাধুবোৰত নৈতিক শিক্ষা,বুদ্ধিমত্তা, সাহস, সততা আৰু সমাজজীৱনৰ বাস্তৱ চিত্ৰ ফুটাই তোলাল ফলত অসমৰ লোকসাহিত্য সংৰক্ষিত হোৱাৰ লগতে নতুন প্ৰজন্মৰ মাজতো ই জনপ্ৰিয় হৈ উঠে।

এই সাধুবোৰৰ মাজত কল্পনা, ৰহস্য, ৰোমাঞ্চৰ এক অপূৰ্ব সমন্বয় দেখা যায়। “তেজীমলা”, “চিলনী জীয়েকৰ সাধু”, “পঞ্চভূতৰ সাধু”, “কুকুৰ আৰু শিয়াল” আদি কাহিনীবোৰত অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয়, সততাৰ মৰ্যাদা আৰু সাহসৰ মূল্য সুন্দৰভাৱে প্ৰতিফলিত হৈছে।

ভাষাশৈলী আৰু সাহিত্যিক সৌন্দৰ্য-

“বুঢ়ী আইৰ সাধু”ৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ ভাষা। বেজবৰুৱাই সাধুবোৰত এনে এক কথনভংগী ব্যৱহাৰ কৰিছে, যিয়ে পাঠকৰ মনত আইতাকৰ মুখে শুনা সাধুৰ অনুভূতি জগাই তোলে। ভাষা সৰল, প্ৰাঞ্জল আৰু সংগীতধৰ্মী। ইয়াৰ ফলত শিশুৰ পৰা বৃদ্ধলৈ সকলো পাঠকে সমানে আনন্দ লাভ কৰে।

সাধুবোৰত অসমৰ গাঁওজীৱন, লোকবিশ্বাস, সামাজিক ৰীতি-নীতি আৰু প্ৰাকৃতিক পৰিৱেশৰ সুন্দৰ চিত্ৰ অংকিত হৈছে। এইদৰে “বুঢ়ী আইৰ সাধু” কেৱল সাহিত্য নহয়; ই অসমৰ সমাজ-সংস্কৃতিৰ এক ঐতিহাসিক দলিল।

  শিশুমনৰ গঠন আৰু নৈতিক শিক্ষা-

এই গ্ৰন্থখন শিশুসাহিত্য হিচাপে বিশেষ গুৰুত্বপূর্ণ। সাধুবোৰৰ মাজেৰে শিশুসকলে সততা, সাহস, দয়া, বুদ্ধিমত্তা আৰু ন্যায়বোধৰ শিক্ষা লাভ কৰে। কল্পনাৰ জগতত বিচৰণ কৰাৰ লগে লগে তেওঁলোকৰ মানসিক বিকাশো ঘটে। সেয়েহে “বুঢ়ী আইৰ সাধু” আজিও অসমীয়া শিশুসাহিত্যৰ এক অনবদ্য সম্পদ হিচাপে বিবেচিত।

উপসংহাৰ-

লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ এক যুগন্ধৰ ব্যক্তিত্ব। তেওঁৰ “বুঢ়ী আইৰ সাধু” অসমীয়া লোকসাহিত্যৰ এক অমূল্য ধন, যিয়ে যুগে যুগে পাঠকক আনন্দ আৰু শিক্ষা দি আহিছে। এই গ্ৰন্থই অসমীয়া সংস্কৃতিৰ শিকাৰুক দৃঢ়ভাৱে ধৰি ৰাখিছে আৰু নতুন প্ৰজন্মক নিজৰ ঐতিহ্যৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সহায় কৰিছে। সেয়েহে “বুঢ়ী আইৰ সাধু” কেবল এখন সাধুকথাৰ পুথি নহয়; ই অসমীয়া জাতিসত্তাৰ আত্মাৰ প্ৰতিধ্বনি।