জুবিন গাৰ্গ হত্যা গোচৰৰ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জফ্ৰেমৰ ধাৰা আৰোপ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যা গোচৰৰ ৭ অভিযুক্তৰ বিৰুদ্ধে মঙলবাৰে আদালতে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে । জুবিন গাৰ্গ গোচৰত গ্ৰেপ্তাৰ হোৱা ৭জন অভিযুক্তৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে চাৰ্জ ফ্রেম গঠন কৰে। বিচাৰপতি শর্মিলা ভূঞাৰ ফাষ্ট-ট্রেক আদালতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মা, ড্ৰামাৰ শেখৰজ্যোতি গোস্বামী, সহঃশিল্পী অমৃতপ্রভা মহন্ত, এপিএছ বিষয়া তথা জুবিন গাৰ্গৰ আত্মীয় সন্দীপন গাৰ্গ আৰু দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে চার্জ ফ্রেম গঠন কৰে। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৩(৬), ৩(৭), ৩(৮), ৬১(২) R/W ১০৩(১),৬১(২) R/W ৩১৬(৫) ধাৰা, শ্যামকানু মহন্তৰ বিৰুদ্ধে ৩(৬), ৩(৭), ৩(৮), ৬১(২)R/W ১০৩(১), ৩০৮(২), ৩১৮(৪), ২৩৮ ধাৰা, শেখৰ জ্যোতি গোস্বামীৰ বিৰুদ্ধে ৩(৬), ৩(৭), ৩(৮), ৬১(২)R/W ১০৩(১), ৩১৬(৫) ধাৰা আৰোপ কৰা হৈছে ।ইয়াৰে সমান্তৰালভাৱে অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে ৩(৬), ৩(৭), ৩(৮), ৬১(২) R/W ১০৩(১), ২৩৮ ধাৰা, সন্দীপন গাৰ্গৰ বিৰুদ্ধে ১০৫ ধাৰা, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে ৬১(২) R/W ৩১৬(৫) ধাৰা, পৰেশ বৈশ্যৰ বিৰুদ্ধে ৬১(২)R/W ৩১৬(৫) ধাৰা আৰোপ কৰা হৈছে । চাৰ্জশ্বীটত দিয়া মতেই সকলো অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ লগতে আন কেবাটাও ধাৰা আৰোপ কৰিলে ফাষ্টট্ৰেক আদালতে । ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে এই ৰায়দান কৰে । এই ৰায়দান সন্দৰ্ভত অধিবক্তা জিয়াউৰ কামাৰে কয়, ‘‘আজি শৰ্মিলা ভূঞা আদালতে দুই পক্ষৰ যুক্তি শুনাৰ পাছত ৭ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জফ্ৰেমৰ ধাৰা আৰোপ কৰে । ৮ জুনৰ পৰা সাক্ষীৰ বাবে দিন ধার্য কৰা হৈছে । ৮ জুনৰ পৰা আদালতত আৰম্ভ হ’ব বিচাৰ প্ৰক্ৰিয়া । ৮ তাৰিখৰ পৰা প্ৰতিদিনে হ’ব বিচাৰ প্ৰক্ৰিয়া । যিহেতু এতিয়াৰ পৰা সাক্ষী প্ৰক্ৰিয়া চলিব সেয়ে সাক্ষীৰ তালিকা জমা দিবলৈ আমাক নিৰ্দেশ প্ৰদান কৰিছে ।’’কামাৰে আৰু কয়, ‘‘৩৬, ৩৭, ৩৮ BNSS (ভাৰতীয় ন্যায় সংহিতা)ৰ অধীনত চলিব বিচাৰ প্ৰক্ৰিয়া । ৭ অভিযুক্তৰ ৬ অভিযুক্তৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ কৰাৰ ধাৰা আছে । অৱশ্যে সন্দীপন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ নাই । চাৰ্জশ্বীটত দিয়া ধাৰা অনুসৰি আজি আদালতে চাৰ্জফ্ৰেমৰ কৰিছে । অৰ্থাৎ আৰক্ষীৰ তদন্তত সন্তুষ্ট আদালত সেইকাৰণে আদালতে চাৰ্জফ্ৰেম কৰিবলৈ নিৰ্দেশ দিছে । ২৯ মে’ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ ৰায় দিয়াৰ সম্ভাৱনা আছে ।’’
