গ্রন্থ উন্মোচনী অনুষ্ঠান আৰু ইয়াৰ প্রাসংগিকতা
দুলুমণি দেৱী
মাকুম
গ্রন্থ উন্মোচনী অনুষ্ঠান আৰু ইয়াৰ প্রাসংগিকতা বর্তমান সময়ত প্রায়ে গুৰুত্বপুর্ণ বিষয় হৈ পৰিছে।গ্রন্থ মানৱ সমাজৰ অপৰি হার্য অংগ । এতিয়া কথা হ’ল আমি যেতিয়া এখন কিতাপ লিখো তাৰ উন্মোচনী অনুষ্ঠান পাতো ,এইটো এটা নিয়মত পৰিণত হৈছে । ইয়াৰ প্রয়োজনীয়তা আছে কিয়নো কিতাপ এখন লিখি ৰাইজৰ মাজলৈ লৈ অানিব পৰাটো এক মহান প্রচেষ্টা ।
দৈনন্দিন জীৱনৰ প্রতিটো কামতে আমাৰ সৃষ্টি লুকাই থাকে ৷ সেই সৃষ্টি সমাজত প্রতিফলিত কৰিবলৈ হ’লে প্রথমে লাগিব আমাৰ এটি সুন্দৰ মন আৰু এখন সুন্দৰ মঞ্চ৷সুন্দৰ মনত সুন্দৰ চিন্তাই ঠাই পায়৷ খেলা ধুলাৰ পৰাআৰম্ভ কৰি গীত মাত ,সাহিত্য চর্চা ,ৰন্ধা বঢ়ালৈকে প্রতিটো দিশতে যদি চাওঁ ,প্রত্যেকৰে বেলেগ বেলেগ দিশত নিজস্ব কিছুমান প্রতিভা থাকে আৰু সেইখিনিৰ লগত চিনাকি হবলৈ আমি যিখন মঞ্চ তৈয়াৰ কৰো তাত সম্বন্বয়ৰ এটি বাতাবৰণো সৃষ্টি হয় ।
সাহিত্য সংস্কৃতিৰ মঞ্চখনলৈ যদি মন কৰো ,দেখিম যে ঐক্যৰ এনাজৰীডাল অটুট ৰখাত বিভিন্ন ঠাইৰ সংস্কৃতিৰ লগত পৰিচয় হোৱাত লগতে মনৰ সৰু বৰ অনেক আনন্দ, চিন্তা ,ভাবধাৰা ইত্যাদি প্রকাশকৰাত সাহিত্য মঞ্চখনে আমাক বাট দেখুৱাব পাৰে৷সাহিত্য সংস্কৃতি এটা জাতিৰ মেৰুদণ্ড ৷ সাহিত্য সংস্কৃতিৰ জৰিয়তে এটা জাতি ,এখন সমাজ ,তথা এখন দেশ উন্নতিৰ পথত আগুৱাই যাব পাৰে৷প্রত্যেক জাতি জনজাতিৰ সুকীয়া সুকীয়া বৈশিষ্ট্যৰাজিৰ লগত চিনাকি হোৱাত এনে মঞ্চই সহায় কৰি আহিছে ৷উন্মোচনী অনুষ্ঠান পাতিবও লাগে যাৰ জৰিয়তে তেনে একোখন মঞ্চ আমি পাব পাৰো ।
বর্তমান বিশ্বায়নৰ যুগত আমাৰ সৃষ্টিৰাজি প্রদর্শন কৰিবৰ বাবে বিভিন্ন ধৰণৰ ঠাই বিচাৰিলেই পাওঁ ৷ইণ্টাৰনেট ব্যৱস্থাৰ যোগেদি বহুখিনি আমি উপকৃত হৈছো ,বিশেষকৈ বেলেগ দেশৰ কৃষ্টি সংস্কৃতিৰ লগত চিনাকি হোৱাৰ সুন্দৰ সুযোগ লাভ কৰিব পৰা যায়৷বেলেগ সংস্কৃতিৰ লগত পৰিচয় হোৱাৰ উপৰিও আমাৰ সংস্কৃতিৰ বিষয়েও জানিৱলৈও বিভিন্ন দেশেসুবিধা পায় ,যেনেকৈ বিহু বিশ্বদৰৱাৰত প্রতিষ্ঠা কৰাৰ চিন্তাই সম্প্রীতিৰ এনাজৰীডাল অটুট ৰখাৰ লগতে আমি আমাৰ সংস্কৃতিক লৈ গৌৰৱ কৰাৰ সুবিধা পাইছো৷
শব্দৰ সাঁকোৱেদি বগাই গৈয়ে আমি পাব পাৰো বহুগুণসম্পন্ন বহু পুৰোধা ব্যক্তিৰ সান্নিধ্য ,যাৰ সান্নিধ্যই দিব পাৰে অযুত প্রাপ্তি ,লগতে ন ন সৃষ্টিৰ দুৱাৰ মুকলি কৰি পৃথিৱীপৃষ্ঠৰ সমাজখনত হাতে হাত ধৰি আগবাঢ়ি যাবলৈ অনুপ্রেৰণা৷
কিতাপ হ’ল জীৱনৰ গতি নির্ধাৰক ৷কিতাপে দিব পাৰে আনন্দ ,ৰঙীন সপোন বাস্তৱায়িত কৰিবলৈ কিতাপ আমি পঢ়িবই লাগিব৷সৰুৰেপৰা কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিলেহে জীৱনৰ বাকী সময়ছোৱাত কিতাপ জীৱনৰ লগৰী কৰি তুলিবলৈ সহজসাধ্য হৈ পৰে ৷ সেয়েহে আমাৰ শিশুসকলক সৰুৰেপৰা পাঠ্যপুথিৰ উপৰিও অন্যান্য কিছুমান কিতাপ যেনে মহৎ লোকৰ জীৱনী ,সাধুকথাৰ পুথি ইত্যাদি হাতত তুলি দি পঢ়িবলৈ যত্ন কৰোৱা উচিত ,তেতিয়া লাহে লাহে গল্প ,উপন্যাস ,প্রৱন্ধ ইত্যাদি কিতাপ পঢ়িবৰ বাবেও ইচ্চুক হ’ব ৷ এই ভাল অভ্যাসবোৰ সৰুৰেপৰা দিব পাৰিলে ডাঙৰ হলে সিহঁতৰ কিতাপৰ প্রতি আর্কষণ বাঢ়ি যাব ৷
নিত্য নৈমিওিক কিছুমান কামৰ সৈতে যেনেকৈ আমি জৰিত থাকো ঠিক তেনেকৈ এখন ভাল কিতাপ পঢ়াতো সেই তালিকাৰ অন্তভুক্ত কৰিব পাৰিলে জীৱনৰ বহু সমস্যাৰ সমাধান পাব পাৰি৷
আমি প্রায়ে জীৱনত কিছুমান সংঘাত ,সমস্যাৰ সৈতে মুখামুখি হবলগীয়া হয়৷সমাজ জীৱনত খাপ খাবলৈ চেষ্টা কৰোতে কেতিয়াবা খোজে প্রতি উজুতিও খাব লগা হয়,তেনে পৰিস্থিতিত জীৱনটোৰ প্রতি ভাল ভাৱ নোহোৱাৰ দৰে হৈ পৰে ,মানসিকভাৱে অসুস্থও হৈ পৰা দেখা যায় ৷তেনে সময়ত কিতাপ পঢ়াৰ আনন্দ লব পাৰিলে বহুখিনি উপকৃত হব পৰা যায় ৷
কিতাপ হ’ল বিপদৰ বন্ধু অশান্ত মন শান্ত কৰা মহৌষধ ৷আমি যেতিয়া কোনোৱা এঠাইলৈ যাত্রা কৰো লগত এখন ভাল কিতাপ লৈ গ’লে সময়খিনি কেনেকৈ যে অতিবাহিত হৈ যায় গমকে পোৱা নাযায় ,যিখিনি সময়ত বহু নজনা জানিব পৰা যায় ,লগতে সময়খিনিৰো সৎ ব্যৱহাৰ হয়৷ জীৱনৰ কাঁইটীয়া পথ যেতিয়া অতিক্রম কৰিবলগা হয়,কিতাপে আমাক সাহস ,শক্তি আৰু প্রেৰণা দিব পাৰে৷ মহান লেখকৰ লেখনিবিলাকে সমাজত দি গৈছে সুন্দৰ নিদর্শন ৷বহু ব্যক্তি তেওঁলোকৰ আদর্শৰ দ্বাৰা অনুপ্রাণিত হৈ সমাজত সুনাম অর্জন কৰিবলৈও সক্ষম হৈছে৷একঘেয়ামী কামবোৰ আমনিদায়ক হয় ৷ কিন্ত ব্যতিক্রমী ধৰণে সেই একেবোৰ কামকে কৰিবলৈ চেষ্টা কৰিলে তাত আনন্দ পোৱা যায় ৷ কিতাপত তেনে বহু উদাহৰণ পোৱা যায় যি দিব পাৰে নতুনত্ব , অফুৰন্ত জ্ঞানৰ সম্ভাৰ ৷কিতাপত থকা শব্দবোৰৰ সৈতে যেতিয়া মিতিৰালি পতা হয় ,কিছুমান কপাহ কোমল শব্দই মলঙি যোৱা সপোনবোৰ গজালি মেলাত সহায় কৰে ৷ পোহৰৰ সৈতে খেলা কৰাত কিতাপ হব পাৰে অন্যতম এক উপাদান৷
যি কি নহওঁক মানসিক কার্যকলাপ উদ্দীপিত কৰে কিতাপে ৷ মানসিকভাৱে সুস্থ হৈ আগবাঢ়ি যাবলৈ হলে কিতাপক সাৰথি হিচাপে লবই লাগিব গতিকে কিতাপ লিখা আৰু উন্মোচনী সভা পতাৰো প্রয়োজন ৷ উঠি অহা প্রজন্মক কিতাপৰ লগত বন্ধুত্ব গঢ়ি তুলিব পৰাকৈ এটি সুন্দৰ পৰিবেশ দিয়াটো অতি প্রয়োজন ৷
