ডিব্ৰুগড় জিলাৰ প্ৰাপ্তবয়স্ক শিক্ষা বিভাগৰ কৰ্মচাৰী যোগেন গগৈৰ অৱসৰৰ বিদায় সম্বৰ্ধনা
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা প্ৰাপ্তবয়স্ক শিক্ষা বিভাগৰ কৰ্মচাৰী যোগেন গগৈয়ে সুদীৰ্ঘ কাল চাকৰিৰ অন্তত অহা ৩১ মে’ত অৱসৰ গ্ৰহণ কৰিব। ১৯৮৮ চনত প্ৰাপ্তবয়স্ক শিক্ষা বিভাগত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰূপে যোগদান কৰা গগৈ প্ৰায় ২২ বছৰ ধৰি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ নজৰত শাখাতো সেৱা আগবঢ়াইছিল। জিলা প্ৰাপ্তবয়স্ক শিক্ষা বিভাগৰ জিলা সমন্বয়ক হেমন্ত হাজৰিকাৰ নেতৃত্বত বিভাগৰ কৰ্মচাৰী সকলে যোগেন গগৈক বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে গামোচা,শৰাই আদি আগবঢ়ায়। বিদায়ী অনুষ্ঠানত ধ্ৰুৱ চেতিয়া পৰ্যবেক্ষক, গুনীন শেনচোৱা, অনিল প্ৰসাদ সিংহ, এচ ফুকন, আদিত্য চাহ, দিপ্তীমা গগৈ, সঞ্জীৱ কুমাৰ বৰুৱা, মুনমী চেতিয়া কোঁৱৰ, পৰশমণি হাজৰিকা, সংগীতা সোণোৱাল, ঝৰণা শইকীয়া, নীহাৰিকা দিহিঙ্গীয়া, চয়নীকা গগৈ, ইমন গগৈ, জ্যোতিৰ্ময়ী শইকীয়া, মুস্কান খনিকৰ, ৰেচৱ মজুমদাৰ আদিকে ধৰি বিভাগীয় কৰ্মচাৰীসকল উপস্থিত থাকে।
