বিবাহ বিচ্ছেদ কেতিয়াবা শুদ্ধ সিদ্ধান্তও হ’ব পাৰে –  শংকৰ দেৱ

Pc IRB Law LLP

( এক আলোকপাত ) 

বিবাহ বিচ্ছেদ কেতিয়াবা শুদ্ধ সিদ্ধান্তও হ’ব পাৰে 

 শংকৰ দেৱ, দেৰগাঁও

আজিৰ এই আধুনিকতম পৰিবেশত দ্ৰুতগতিত আগবাঢ়ি অহা শিক্ষিত মানদণ্ডৰে পূৰ্ণ এক নিৰপেক্ষ শিক্ষিত সমাজব্যৱস্থাত বিবাহ বিচ্ছেদ (Divorce)ৰ সিদ্ধান্ত মানেই যে এক ভুল সিদ্ধান্ত, এইটো কেতিয়াও ক’ব নোৱাৰি। বৰ্তমান সময়ত সমাজ ব্যৱস্থা, জীৱনশৈলী আৰু মানুহৰ মানসিকতা দ্ৰুতগতিত সলনি হৈ আহিছে। এই পৰিবৰ্তনৰ মাজতেই বৈবাহিক জীৱন পালন কৰা ধাৰণাটোও এক নতুন দিশলৈ গতি কৰিছে। আগতে বৈবাহিক জীৱন একমাত্ৰ এক অবিচ্ছেদ্য বন্ধন বুলি গণ্য কৰা হৈছিল যদিও, এতিয়া বাস্তৱ জীৱনৰ বহু জটিল পৰিস্থিতিয়ে দেখুৱাইছে যে সকলোৰে বাবে বিবাহিত জীৱন সফল নহবও পাৰে। বিশেষকৈ বিবাহিত জীৱনৰ সফলতা নিৰ্ভৰ কৰে পাৰস্পৰিক বুজাবুজি, বিশ্বাস, সহনশীলতা আৰু এজনে আনজনক জনোৱা সন্মানৰ ওপৰত ।  কিন্তু আধুনিক জীৱনৰ ব্যস্ততা, আৰ্থিক চাপ, কৰ্মক্ষেত্ৰৰ প্ৰতিযোগিতা আৰু ব্যক্তিগত স্বাধীনতাৰ চাহিদাই বহু সময়ত দাম্পত্য জীৱনত বিভিন্ন সংঘাতৰ সৃষ্টি কৰে। ভাৰতীয় পৰিসংখ্যা অনুসৰি চহৰীয়া অঞ্চলত বিবাহ-বিচ্ছেদৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে । বিশেষকৈ শিক্ষিত আৰু কৰ্মৰত মহিলাসকলৰ মাজত আত্ম নির্ভৰশীলতাৰ বৃদ্ধিয়ে নিজৰ অধিকাৰ আৰু সন্মানৰ বাবে দৃঢ় সিদ্ধান্ত লোৱাৰ প্ৰৱণতা বৃদ্ধি পাই উঠিছে।

বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ কাৰণ হৈছে মানসিক আৰু শাৰীৰিক অত্যাচাৰ। এনে ক্ষেত্ৰত বিবাহ বিচ্ছেদ মানেই যে সদায় ভুল সিদ্ধান্ত , ইয়াক দৃঢ়তাৰে  ক’ব নোৱাৰি,  কেতিয়াবা  ই জীৱন সুৰক্ষিত কৰিবলৈ  লোৱা এক সাহসী পদক্ষেপ বুলিও ভাবিব লাগিব। যেতিয়া স্বামী-স্ত্ৰী ৰ  সম্পৰ্কটোত সুখ-শান্তি নাইকিয়া হয়, প্ৰতিদিনে দুখ, অপমান আৰু মানসিক চাপত জীৱন কটাব লগীয়া হয় , তেতিয়া নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ এই বিবাহ বিচ্ছেদৰ পথ বাছি লোৱাটোৱেই এটা শেষ উপায় যেন  হৈ পৰে । গৃহহিংসা, অবহেলা, আসক্তি (মদ বা মাদক দ্ৰব্যৰ প্ৰভাৱ) আৰু অবিশ্বাস আদিৰ দৰে সমস্যাই বহু দাম্পত্য জীৱন ভাঙি পেলায়। এনে পৰিস্থিতিত কেৱল “সমাজে কি ক’ব” বুলি ভাবি এইবোৰ সহ্য কৰি থকা মানেই নিজৰ জীৱন আৰু মানসিক স্বাস্থ্যক বিপদত পেলোৱা হয় । এনে ক্ষেত্ৰত বিবাহ বিচ্ছেদ এজন ব্যক্তিৰ বাবে মুক্তি আৰু আত্মৰক্ষাৰ পথ হিচাপে কাম কৰে।

আজিৰ শিক্ষিত সমাজে বিবাহ বিচ্ছেদক কেৱল ব্যৰ্থতা বা ভুল সিদ্ধান্ত বুলি অভিহিত কৰা উচিত নহয়। ই কেতিয়াবা জীৱনৰ অশান্তি আৰু কষ্টৰ পৰা মুক্ত হৈ এক নতুন জীৱনৰ আৰম্ভণি কৰাৰ সুযোগ হ’বও পাৰে  । সেইয়ে সমাজে এই বিষয়টো অধিক সংবেদনশীলতা, সহানুভূতি আৰু বাস্তৱবোধেৰে লক্ষ্য কৰা উচিত । মানুহৰ সুখ, সুৰক্ষা আৰু আত্মসম্মান সকলোতকৈ গুৰুত্বপূৰ্ণ—এই বোধেৰে বিবাহ বিচ্ছেদৰ দৰে সিদ্ধান্তক মূল্যায়ন কৰাৰ সময় আহি পৰিছে।

অন্য এটা গুৰুত্বপূৰ্ণ দিশ হৈছে সন্তানৰ কল্যাণ। বহুতে ভাবে যে বিবাহ বিচ্ছেদে সন্তানৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব, কিন্তু গৱেষণাই দেখুৱাইছে যে অহৰহ হাই কাজিয়া আৰু অশান্তিৰ মাজত ডাঙৰ হোৱা সন্তানৰ মানসিক বিকাশত অধিক ক্ষতি হয়। তাৰ বিপৰীতে, শান্ত আৰু সুস্থ পৰিৱেশত (যদিও পিতৃ-মাতৃ পৃথক) ডাঙৰ হোৱা সন্তান অধিক সুস্থ মানসিকতা লাভ কৰিব পাৰে।

এইটো অতিকৈ মন কৰিবলগীয়া বিষয় যে বিবাহ বিচ্ছেদ হঠাতে লোৱা কোনো সিদ্ধান্ত নহয়,  ই  জীৱনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।  এই সিদ্ধান্ত আইনগত, সামাজিক আৰু মানসিক প্ৰক্ৰিয়া, যাৰ বাবে সময়, ধৈৰ্য আৰু সুস্থ চিন্তা-ভাৱনাৰ যঠেষ্ট প্ৰয়োজন । পৰামৰ্শদাতা, পৰিয়ালৰ বয়োজ্যেষ্ঠ বা মানসিক স্বাস্থ্য বিশেষজ্ঞৰ সহায় লোৱা এই ক্ষেত্ৰত  অতিকে প্ৰয়োজন।  বহু ক্ষেত্ৰত আলোচনা আৰু বুজাবুজিৰ মাধ্যমেৰেও সমস্যাৰ সমাধান সম্ভৱ হৈ উঠে।

শেষত ক’ব পাৰি যে আমাৰ সমাজত এষাৰ প্ৰচলিত কথা আছে যে ‘ যিয়ে ভোগে, তেওঁহে বুজে’ সেইয়ে বিশেষকৈ বিবাহ বিচ্ছেদ হোৱা মানুহক দোষী সাব্যস্ত কৰি বেয়া দৃষ্টিৰে চাব নালাগে, প্ৰয়োজন অনুসৰি তেওঁলোকক বুজিবলৈ লগতে অনুভৱ কৰিবলৈ হে চেষ্টা কৰিব লাগে । কাৰণ ভুলৰ শুধৰণি কৰি জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে।  কেতিয়াবা এটা সম্পৰ্ক ভাঙি দিয়াটো  জীৱনৰ আটাইতকৈ ডাঙৰ দুখ লগা বিষয় হ’ব পাৰে কিন্তু ই সময় আৰু পৰিস্থিতি অনুযায়ী বাধ্যতা মূলকো হ’ব পাৰে। বহু মানুহে বিভিন্ন সময়ত ব্যক্তি বিশেষে বিবাহ বিচ্ছেদ লোৱা লোকক প্ৰকৃততে বুজি নাপায় আৰু সহজতেই মন্তব্য কৰা দেখা পোৱা যায় যে “এনে কিয় কৰিলে?” ,  “ স্ংসাৰ খন কিয় ভাঙিলে ” ? ইত্যাদি ইত্যাদি। তেওঁলোকে কেৱল এটা দিশহে লক্ষ্য কৰে  কিন্তু এনে পৰিয়ালৰ ভিতৰত থকা দুখ, অশান্তি , অপমান,  মানসিক – শাৰিৰীক নিৰ্যাতন আদি লক্ষ্য  কৰিব নিবিচাৰে । যাৰফলত বহু ক্ষেত্ৰত প্ৰকৃত কাৰণ অদৃশ্য হৈ থাকে।