সপোন এক নীৰৱ সংগ্ৰাম ..!
অৰ্ণৱ কটকী
জাঁজী যোৰহাট
মাজনিশা বা ওৰে নিশা সাৰ পাই অকল প্ৰেমিক প্ৰেমিকাই নাথাকে। এনে বহু জন ব্যক্তি থাকে যি নিজক লৈ, নিজৰ সপোনক লৈ চিন্তিত। ভৱিষ্যত আমি আগতীয়াকৈ কোনেও নেদেখোঁ। নিজক যেতিয়া অকলে আন্ধাৰ কোঠাত আৱদ্ধ কৰি টোপনি আহিবলৈ বুলি যুঁজা যায় তেতিয়াহে বুজা যায় সপোনৰ ওজন কিমান বেছি! যি দুচকুৰ টোপনি কাঢ়ি নিব পাৰে । বৰ সাহস , বৰ নিষ্ঠুৰ এই সপোন দিনটোৰ সকলো কষ্ট পিছতো টোপনি বিচাৰি থাকিব লগা হয়। সকলো পৰা আঁতৰি যেতিয়া আন্ধাৰক সাৱটি লোৱা যায় তেতিয়াই যেন হেজাৰ চিন্তাই জুমুৰি দি খুলি খুলি খাই। নিশা গভীৰ হয়, চাৰিও ফালে নিতাল,নিস্তব্ধ গধূৰ নিশা নামি আহে তেতিয়াই যেন মনৰ মাজত হেজাৰ চিন্তাৰ ভাৱনাই একেলগে চিঞৰি উঠে , নীৰৱতাৰ মাজত এক বৃহৎ সমদল হৈ, বুকুৰ মাজত।
নিসংগতা নাইবা নীৰৱতা সৃষ্টিৰ বাবে ভাল , মানুহৰ মাজত থাকি নিসংগ হোৱাটো হে কিন্তু বেয়া।
জীৱনৰ অচিনাকী বাটত আগুৱাই গৈ থাকোঁতে হেৰাই গৈছোঁ লাহে লাহে, য’ৰ পৰা উভতি অহাটো সম্ভব নহয়। নিজেই নিজৰ পৰা ক্ৰমশ আঁতৰি গৈছোঁ, বয়সৰ পৰিৱৰ্তনৰ লগে লগে। ভিতৰি ভিতৰি কিমান ক্লান্ত,কিমান ভাগৰুৱা সেইয়া যেন বুজিবলৈ আজি কোনো নাই, মাথোঁ মিছা মায়া জাল এখন পিন্ধি অভিনয় কৰি গৈছোঁ, সমাজৰূপী দৰ্শকৰ মাজত। প্ৰতিদিনেই নিজক বুজাওঁ, প্ৰতিদিনেই আনৰ সাহস হওঁ তাৰ পিছতো ভাগৰো। নিশা কাষলৈ যোৱা আপোন বিচনা খনো যেন অচিনাকী হৈ পৰে। মুক্ত জোনাকী পৰুৱাই হাঁহে…. স্বাধীন বুলি কোৱা প্ৰতিটো মনক বিদ্ৰূপ কৰে।
বিনিদ্ৰ ৰজনী পাৰ কৰা প্ৰতিজন কিন্তু প্ৰেমিক প্ৰেমিকা নহয়। প্ৰেমিক মনৰ গৰাকী হ’লেও; কাৰণ প্ৰেম অবিহনে জীৱন জীয়াই নাথাকে । অৱশিষ্ট হৈ বুকুত জমা হোৱা বহু সপোনে ব্ৰহ্ম তালুত খোঁট দিয়ে নিশা হ’লেই….নিজেই নিজক কাষত অকলে পালে। এক নীৰৱ সংগ্ৰামৰ নাম সপোন; ঠিক মনটোৰ দৰে ঠুনুকা।
