এজাক নাহৰফুটুকী বাঘ
তাইৰ পদুলিত এতিয়া
প্ৰতিটো নিশাই
এজাক নাহৰফুটুকী
বাঘ
পিয়াপি দি থাকে
পদূলিৰ ইমূৰৰপৰা
সিমূৰলৈকে
নিতাল মাৰি
তাই
বেৰৰ ফাকেৰ উমান লয়
নিশাৰ গভীৰতাক
অকণমান পোহৰৰ
সন্ধান পালেই
যেন
তাই ওলাই আহি
উশাহ লয়
হেঁপাহ পলুৱাই
তাই যেন যৌৱনা
দেহাটো এবাৰ
খেপিয়াই চায়
ক’ৰবাত তাইৰ
আন্ধাৰৰ আচোঁৰ
পৰিছে বুলি
তাইৰ পদুলিত
এজাক
নাহৰফুটুকী বাঘ।
শৰৎ দাস
গহপুৰ, ব্ৰহ্মাজান, বিশ্বনাথ
সম্পাদক ঃ চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভা।
শিক্ষাগত অৰ্হতা ঃ স্নাতকোত্তৰ ( অসমীয়া)
পেছা ঃ শিক্ষকতা
প্ৰকাশিত গ্ৰন্থ ঃ” জোনাকৰ সুবাস বিচাৰি ”
মুখ্য সম্পাদক ঃগহপুৰৰ পৰা প্ৰকাশিত তিনিমহীয়া আলোচনী “ছন্দ”