শিশুৰ ব্যক্তিত্ব গঠনত পিতৃ-মাতৃৰ ভূমিকা – দৰ্শনা দত্ত

Pc Pexels

শিশুৰ ব্যক্তিত্ব গঠনত পিতৃ-মাতৃৰ ভূমিকা 

দৰ্শনা দত্ত
দেৰগাঁও,গোলাঘাট 

মানুহ সামাজিক জীৱ। সমাজত জীয়াই থাকিবলৈ,সুস্থ পৰিৱেশ এটা গঢ় দিবলৈ আৰু এজন সফল ব্যক্তি হ’বলৈ সৎ চৰিত্ৰ তথা সুন্দৰ ব্যক্তিত্বৰ প্ৰয়োজন। মানু্হৰ এই ব্যক্তিত্ব গঠনৰ প্ৰক্ৰিয়াটো শিশু অৱস্থাৰ পৰাই আৰম্ভ হয়।শৈশৱকাল মানুহৰ সমগ্র জীৱনৰ আটাইতকৈ সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ সময়। এই সময়ছোৱাতে শিশুৰ চৰিত্ৰ,মানসিকতা আৰু ব্যক্তিত্বৰ বীজ অংকুৰিত হয়। ঘৰখনেই হৈছে শিশুৰ জীৱনৰ প্রথম পাঠশালা আৰু পিতৃ-মাতৃয়েই হৈছে তেওঁলোকৰ প্ৰথম শিক্ষক তথা পথ প্ৰদৰ্শক। গতিকে শিশু এটিক ভৱিষ্যতে সমাজৰ এজন সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ পিতৃ-মাতৃৰ মৰম,যতন আৰু সক্ৰিয় দায়িত্ববোধৰ অতি প্ৰয়োজন।

শিশুসকল জন্মগতভাৱেই অনুকৰণপ্ৰিয়।শিশুসকলে মুখেৰে বুজোৱা কথা আৰু উপদেশবোৰতকৈ চকুৰ আগত দেখা কাৰ্যবোৰহে সোনকালে শিকে আৰু সেইবাৰ গ্ৰহণ কৰে। ঘৰুৱা জীৱনত পিতৃ-মাতৃৰ কথা- বতৰা,আচাৰ-ব্যৱহাৰ,ধৈৰ্য্যতা,সৰলতা,পৰোপকাৰী মনোভাৱ,ক্ষমা আৰু নিয়মানুৱৰ্তিতাৰ দৰে গুণবোৰ শিশুৱে লক্ষ্য কৰে আৰু অজ্ঞাতসাৰে তেনে গুণবোৰক নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈও শিকে। অৰ্থাৎ মাক-দেউতাকে যদি পৰস্পৰক সন্মান কৰে,পৰিয়ালৰ লোক তথা জ্যেষ্ঠসকলক শ্ৰদ্ধা কৰে আৰু অন্যান্য সৎ গুণবোৰ শিশুৰ আগত প্ৰদর্শন কৰে,তেতিয়া শিশুৰ মাজতো তেনে গুণবোৰ আপোনা-আপুনি গঢ়ি উঠে। তদুপৰি শিশুৱে কৰা সৰু সৰু ভাল কামবোৰৰ প্ৰশংসা কৰা,কিবা ভুল কৰিলে অধিক গালি-শাস্তি নিদি তাক কেনেকৈ শুধৰাব পাৰি তাক মৰেমেৰে বুজাই দিয়া আদিবোৰে শিশুসকলৰ মনত কাৰ্যক্ষমতাৰ মনোভাৱ আৰু আত্মবিশ্বাস বহু পৰিমাণে বঢ়াই তোলে।ইয়াৰোপৰি,নিজৰ সৰু-সুৰা কামবোৰ নিজে কৰাৰ অভ্যাস সৰুৰে পৰা কৰালে শিশুৰ মনত স্বাৱলম্বী হোৱাৰ মানসিকতা গঢ়ি উঠে। ইয়াৰ বিপৰীতে,ঘৰৰ উচ্ছৃংখল পৰিৱেশ,মাক-দেউতাকৰ অসৎ আৰু খঙাল আচৰণে শিশুৰ মনস্তত্ত্বত গভীৰ আৰু ঋণাত্মক প্ৰভাৱ পেলায়।ইয়াৰ ফলত শিশু খঙাল,জেদী বা অন্তৰ্মুখী হোৱাৰ সম্ভাৱনা থাকে। পিতৃ-মাতৃয়ে কঠিন পৰিস্থিতি শান্তভাৱে চম্ভালিলে শিশুৱেও ভৱিষ্যতে ধৈৰ্য্যশীল হ’বলৈ শিকে।গতিকে,শিশুক ভাল শিক্ষা আৰু সুস্থ পৰিৱেশ দিয়াৰ আগতে পিতৃ-মাতৃ নিজেই আদৰ্শ ব্যক্তি আৰু সুচৰিত্ৰৰ অধিকাৰী হোৱাটো অত্যন্ত জৰুৰী।

প্ৰতিটো শিশুৰ মাজতে নিজস্ব কৌতূহলতা আৰু সৃষ্টিশীলতা গুণ নিহিত হৈ থাকে। সন্তানৰ ওপৰত মানসিক চাপ প্ৰয়োগ নকৰি তেওঁলোকৰ ইচ্ছা থকা ইতিবাচক ক্ষেত্ৰসমূহ পিতৃ-মাতৃয়ে নিৰীক্ষণ তথা সমৰ্থন কৰি সেই ক্ষেত্ৰসমূহত  আগবাঢ়ি যাবলৈ সুযোগ দিয়াটো উচিত। শিশুৱে যেতিয়া নিজে ভালপোৱা ক্ষেত্ৰখনত কাম কৰাৰ সুযোগ পায়,নতুন বস্তু শিকা বা নতুন বিষয় অন্বেষণ কৰা সুবিধা পায়,তেতিয়া তেওঁলোকৰ একাগ্ৰতা, সৃজনীশীলতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা স্বতঃস্ফূৰ্তভাৱে বৃদ্ধি পাই গৈ থাকিব। এনে ক্ষেত্ৰত নতুন নতুন কথা জানিবলৈ আৰু শিকিবলৈ বিভিন্ন সঁজুলি,কিতাপ আদি যোগান দিয়াৰ লগতে নিদিৰ্ষ্ট ক্ষেত্ৰখনত শিশুক প্ৰশিক্ষণৰ সুবিধা কৰি দিয়াটো পিতৃ-মাতৃৰ অন্যতম কৰ্তব্য। ইয়াৰ পৰিৱৰ্তে সন্তানৰ নিজা আগ্ৰহ আৰু প্ৰতিভাক গুৰুত্ব নিদি পিতৃ-মাতৃয়ে কেৱল নিজৰ অপূৰ্ণ সপোন আৰু ইচ্ছাবোৰ সন্তানৰ ওপৰত জোৰকৈ জাপি দিয়ে। ফলত সন্তানৰ প্ৰতিভা বিকাশত বাধাৰহে সৃষ্টি হয়।উদাহৰণস্বৰূপে,সাহিত্য বা চিত্ৰকলাৰ প্ৰতি প্ৰবল ধাউতি থকা এজন ল’ৰা বা এজনী ছোৱালীক যেতিয়া মাক-দেউতাকে বলপূৰ্বকভাৱে বিজ্ঞান বা অভিযান্ত্ৰিক শাখাত পঢ়িবলৈ বাধ্য কৰাই,তেতিয়া সেয়া তেওঁলোকৰ বাবে এক মানসিক বোজাহে হৈ পৰে। ফলস্বৰূপে তেওঁলোকৰ মাজত এক চিৰস্থায়ী হীনমান্যতা,মানসিক অৱসাদ আদিৰ সৃষ্টি হয় আৰু তেনে ল’ৰা-ছোৱালীয়ে জীৱনত স্বতঃস্ফূৰ্তভাৱে সফলতা অৰ্জন কৰাত বাধা আহি পৰে। গতিকে শিশু অৱস্থাৰ পৰাই মাক- দেউতাকে সন্তানৰ নিজস্ব প্ৰতিভাবোৰক গুৰুত্ব সহকাৰে লৈ তাৰ প্রতি সঠিক সহাঁৰি আৰু অনুপ্ৰেৰণা দিয়াটো আৱশ্যক।

বৰ্তমানৰ আধুনিক আৰু ডিজিটেল যুগত শিশুৰ ব্যক্তিত্ব গঠন কৰাটো পিতৃ-মাতৃৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। শেহতীয়া সময়ছোৱাত ম’বাইল,ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰ অতিমাত্ৰা প্ৰভাৱৰ বাবে শিশুসকল ক্ৰমান্বয়ে বাস্তৱ জগতখনৰ পৰা আঁতৰি এক কৃত্ৰিমতাৰ জগতত সোমাই পৰিছে,যাৰ ফলত তেওঁলোকৰ মাজত ধৈৰ্য্যহীনতা,একাকীত্ব,খঙাল মনোভাৱ,অসামাজিকতা আৰু অমনোযোগিতাৰ দৰে সমস্যাই দেখা দিছে। আনহাতে,আধুনিক জীৱনশৈলীত কৰ্মব্যস্ততাৰ বাবে পিতৃ-মাতৃয়ে সন্তানক পৰ্যাপ্ত গুণগত সময় দিব নোৱাৰাটোও এক ডাঙৰ সমস্যা হিচাপে দেখা দিছে। অৰ্থনৈতিক প্ৰয়োজনীয়তা পূৰণৰ বাবে বৰ্তমান সময়ত মাক আৰু দেউতাক দুয়ো ব্যস্ত হৈ থাকিবলগীয়া হয়। ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰৰ তীব্ৰ প্ৰতিযোগিতা আৰু মানসিক চাপে তেওঁলোকক ঘৰলৈ অহাৰ পিছতো সন্তানৰ সৈতে মুকলিকৈ কথা পাতিবলৈ বা সময় কটাবলৈ মানসিক অৱকাশ নিদিয়ে। বৰ্তমানৰ যুগত যুটীয়া পৰিয়াল প্ৰথা বিলুপ্ত হৈ একক পৰিয়ালৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে ঘৰখনত শিশুসকলক সংগ দিবলৈ ককা-আইতা বা আন কোনো আত্মীয়ও নাথাকে। সেয়ে বহু সময়ত পিতৃ-মাতৃয়ে নিজৰ ব্যস্ততাৰ বাবে বা সন্তানক শান্ত কৰিবলৈ তেওঁলোকৰ হাতত ম’বাইল, কম্পিউটাৰ আদি তুলি দিয়ে,যিয়ে পৰৱৰ্তী সময়ত আসক্তিৰ ৰূপ লয়। এনে ক্ষেত্ৰত একেখন ঘৰতে থাকিও পিতৃ-মাতৃৰ সন্তানৰ সৈতে থকা আৱেগিক দূৰত্ব ক্ৰমান্বয়ে বাঢ়ি যায়।তদুপৰি বৰ্তমানৰ চৰম প্ৰতিযোগিতামূলক শিক্ষাব্যৱস্থাত নৈতিকতাৰ জ্ঞানতকৈ অধিক নম্বৰ লাভ কৰাৰ অন্ধ দৌৰ আৰু আনৰ সন্তানৰ সৈতে নিজৰ সন্তানক তুলনা কৰাৰ মানসিকতা গঢ় লৈ উঠিছে,যিয়ে শিশুৰ স্বাভাৱিক সৃষ্টিশীলতা আৰু প্ৰতিভাক মষিমূৰ কৰি পেলাইছে। শিশুসকলক প্ৰযুক্তি আৰু সামাজিক মাধ্যমৰ নেতিবাচক প্ৰভাৱৰ পৰা মুক্ত কৰি এক সুস্থ ব্যক্তিত্ব প্ৰদান কৰাৰ বাবে পিতৃ মাতৃয়ে ম’বাইল বা টিভি ব্যৱহাৰৰ এক নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়াটো উচিত। তদুপৰি ইতিবাচক অনুশাসনৰ জৰিয়তে সন্তানক প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ শিকোৱাটো আৱশ্যক। সন্তানৰ ম’বাইলৰ আসক্তি কমাবলৈ তেওঁলোকক ঘৰৰ সৰু-সুৰা কাম কৰোৱা,যেনে— ফুলত পানী দিয়া বা পাকঘৰৰ সৰু সৰু কামত নিয়োজিত কৰাৰ লগতে আবেলি সময়ত সমনীয়াৰ সৈতে মুকলি পথাৰত শাৰীৰিক ক্ৰীড়া কৰিবলৈ উৎসাহিত কৰিব লাগে। কাৰণ ক্ৰীড়াই শিশু এজনৰ সামগ্ৰিক বিকাশ সাধন কৰি তেওঁলোকক জীৱনৰ বাবে সাজু কৰে। খেলা-ধূলাই শিশুৰ মাংসপেশী মজবুত কৰে,ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু ম’বাইল,ছ’চিয়েল মিডিয়াৰ নিচাৰ দূৰ কৰি শৰীৰ সুস্থ ৰাখে। ই শিশুৰ মানসিক চাপ কমায়,মনোযোগ বৃদ্ধি কৰে আৰু ক্ষিপ্ৰতাৰে সিদ্ধান্ত লোৱাৰ ক্ষমতা গঢ়ি তোলে। খেলপথাৰত দলে-বলে খেলোঁতে শিশুৱে বন্ধুত্ব,সহযোগিতা,অনুশাসন আৰু নেতৃত্বৰ দৰে সামাজিক গুণসমূহ আয়ত্ত কৰে। আজিকালিৰ শিশুৰ মাজত হ্ৰাস পাই অহা ধৈৰ্য শক্তি ঘূৰাই আনিবলৈ সাধুকথা বা মহৎ লোকৰ জীৱনীমূলক কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাটো আন এটা সুন্দৰ উপায়। শিশুৰ ব্যক্তিত্ব গঠনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে পিতৃ-মাতৃয়ে সন্তানৰ লগত গুণগত সময় কটোৱা তথা এক সুদৃঢ় বন্ধুত্বৰ সম্পৰ্ক গঢ়ি তোলা। কেৱল শাসন আৰু ভয়ৰ সম্পৰ্কতকৈ বন্ধুসুলভ সম্পৰ্কইহে সন্তানক অধিক মানসিক সুৰক্ষা প্ৰদান কৰে বুলি ক’ব পাৰি। এই বন্ধুত্ব গঢ়ি তোলাৰ প্ৰথম খোজটোৱেই হৈছে সন্তান আৰু পিতৃ মাতৃৰ মাজত মুক্ত আৰু দ্বিধাহীন যোগাযোগ। দিনটোৰ অন্তত সন্তানে যাতে নিজৰ মনৰ সৰু-সৰু উচ্ছাস-আনন্দ,ভয়,সংশয় বা বিদ্যালয়ৰ অভিজ্ঞতাৰ কথাবোৰ অসংকোচে পিতৃ-মাতৃৰ আগত প্ৰকাশ কৰিব পাৰে,ঘৰখনত তেনে পৰিৱেশ এটা থকাটো অতি জৰুৰী। একেদৰে, পিতৃ-মাতৃয়েও সন্তানৰ কথাবোৰ মাজতে কাটি নিদিয়াকৈ বা তৎক্ষণাত গালি নিদিয়াকৈ এজন প্ৰকৃত বন্ধুৰ দৰে গুৰুত্ব আৰু ধৈৰ্যৰে শুনা উচিত। যেতিয়া সন্তানে বুজি পায় যে তেওঁলোকৰ মতামতৰ মাক-দেউতাকৰ ওচৰত গুৰুত্ব আছে আৰু ভুল কৰিলে গালি খোৱাৰ সলনি মৰমেৰে সমাধান বিচাৰি পোৱা যাব,তেতিয়া তেওঁলোকৰ মনৰ পৰা সংশয় আঁতৰি যায় আৰু নিজৰ জীৱনত ঘটা সকলো ঘটনাই মাক দেউতাকৰ আগত কোনো সংকোচ নোহোৱাকৈ প্ৰকাশ কৰিব পাৰে। পিতৃ-মাতৃৰ লগত থকা এই নিভাজ বন্ধুত্বই শিশুক কেৱল মানসিক আৰু আৱেগিকভাৱে শক্তিশালী কৰাই নহয়,বৰঞ্চ তেওঁলোকক ভৱিষ্যতে যিকোনো ভুল পথ বা বেয়া সংগৰ পৰা আঁতৰাই ৰাখি এজন আত্মবিশ্বাসী আৰু দায়িত্বশীল ব্যক্তি হিচাপেও গঢ়ি তোলে। গতিকে এই চৰম প্ৰতিযোগিতামূলক যুগত পিতৃ-মাতৃয়ে সন্তানক দামী বস্তু,উপহাৰ আদি দিয়াতকৈ গুণগত সময় বেছিকৈ প্ৰদান কৰাটোহে অতি প্ৰয়োজনীয়।যেতিয়া সন্তানে ঘৰত মৰম,সুৰক্ষা আৰু পিতৃ-মাতৃৰ এক সংযত তথা ধৈৰ্যশীল আচৰণৰ আদৰ্শ দেখিবলৈ পাব,তেতিয়া তেওঁলোকৰ মাজতো এক দৃঢ়,আত্মবিশ্বাসী আৰু সুস্থ ব্যক্তিত্ব গঢ়ি উঠিব। ইয়াৰ উপৰি নিজৰ সন্তানক আনৰ সন্তানৰ সৈতে তুলনা কৰি মানসিক চাপ দিয়াৰ পৰিৱৰ্তে,তেওঁলোকৰ মানসিক অৱস্থা,স্বাস্থ্য আদিৰ বুজ লোৱাটোহে মাক-দেউতাকৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য।

এখন সুন্দৰ আৰু সবল সমাজ গঠনৰ প্ৰথম চৰ্তই হৈছে শিশুৰ সুচৰিত্ৰ তথা সুস্থ ব্যক্তিত্ব। পিতৃ-মাতৃৰ সচেতনতা,দায়িত্ব,কৰ্তব্য আৰু সঠিক পথ প্ৰদৰ্শনৰ জৰিয়তেহে শিশুৰ সৎ চৰিত্ৰ গঠন আৰু অন্তৰ্নিহিত প্ৰতিভাৰ পূৰ্ণ বিকাশ সম্ভৱ হয়। নিজৰ ঘৰখনত লাভ কৰা মৰম,যত্ন আৰু সংস্কাৰক মূলধন কৰিয়েই শিশুৱে ভৱিষ্যতে সমাজত নিজৰ সবল স্থিতি সাব্যস্ত কৰিবলৈ সক্ষম হয়। বৰ্তমান সময়ত প্ৰতিগৰাকী পিতৃ-মাতৃয়েই নিজৰ সন্তানৰ মানসিক জগতখন বুজি পোৱাটো অতি প্ৰয়োজনীয়। কেৱল অৰ্থ উপাৰ্জন বা ভৌতিক সুখ-সুবিধা প্ৰদান কৰিলেই পিতৃ-মাতৃৰ দায়িত্ব শেষ হয় বুলি ক’ব পৰা নাযায়। ভৌতিক সুখ-সুবিধাতকৈ সন্তানে পিতৃ-মাতৃৰ পৰা মৰম,যত্ন, সময় আৰু মনোযোগহে বেছি বিচাৰে। তাৰোপৰি সন্তানৰ লগত পিতৃ-মাতৃৰ বন্ধুত্বপূৰ্ণ ব্যৱহাৰে সন্তানক নিৰাপত্তা,আত্মবিশ্বাস প্ৰদান কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল আৰু সুন্দৰ হোৱাৰ পথ প্ৰশস্ত কৰে। সৎ ব্যক্তিত্ব আৰু মানৱীয় প্ৰমূল্যবোধেৰে গঢ়ি উঠা শিশুৱেই সমাজ তথা দেশৰ আটাইতকৈ ডাঙৰ সম্পদ। প্ৰতিগৰাকী পিতৃ-মাতৃয়েই নিজৰ শিশুটিৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যক লৈ সম্পূৰ্ণ সচেতন হ’লে নিশ্চিতভাৱে এখন শান্তিপূৰ্ণ আৰু আদৰ্শ সমাজ গঠন কৰাটো সম্ভৱ হৈ উঠিব।