২৯ মে’লৈ সংৰক্ষিত শ্যামকানু মহন্তৰ জামিনৰ ৰায়দান
ৰঙিলী বাৰ্ত্তাসেৱা-গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৯ মে’ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ওপৰত ৰায়দান কৰিব। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিনৰ আবেদনৰ তৃতীয়টো শুনানি। ২২ মে’ৰ শুনানিত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিছিল অতিৰিক্ত শপতনামা। জুবিনৰ মৃত্যু দুৰ্ঘটনা বুলি যুক্তি দিছিল জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই। জুবিনৰ মৃত্যুৰ বাবে শ্যামকানু দায়ী নহয় বুলি কেইবাটাও যুক্তি দিছিল আদালতত। আজি শ্যামকানুৰ জামিন নাকচৰ বাবে আদালতত যুক্তি দৰ্শায় মহাধিবক্তা দেৱজিৎ শইকীয়াই। শ্যামকানু কিয় জামিন দিব নালাগে তাৰ পক্ষত আজি যুক্তি দৰ্শালে দেৱজিৎ শইকীয়াই। দুয়োটা পক্ষৰ যুক্তি তৰ্ক শুনি ৰায় আদালতে সংৰক্ষিত ৰাখিলে শ্যামকানু মহন্তৰ জামিনৰ ৰায়। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই শ্যামকানু মহন্ত মালয়েছিয়ালৈ পলায়ন কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ইফালে, চৰকাৰী অধিবক্তাই আদালতত যুক্তি দাঙি ধৰি কয় যে যদি শ্যামকানু মহন্তই জামিন লাভ কৰে, তেন্তে তেওঁ পুনৰ পলায়ন কৰাৰ আশংকা আছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে আজি গ্রহণ কৰিছিল জামিনৰ শুনানি। শুনানিত শ্যামকানুৰ হৈ যুক্তি দিছিল জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই আৰু জামিন নাকচৰ বাবে যুক্তি দর্শাই মহাধিবক্তা দেৱজিৎ লন শইকীয়াই যুক্তি দাঙি ধৰিছিল। এই সন্দৰ্ভত ২৯ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ে চূড়ান্ত ৰায়দান দিব।
