পোহৰৰ ভাষা
মুন শৰ্মা, লখিমপুৰ
বুকুত ৰ’দে আঁকে,
সোণালী আখৰ।
বতাহে পঢ়ে চুপি চুপি
পাতৰ কাণত ফুচফুচাই,
বৰষুণ আহি ধুই দিয়ে ধূলি ৰ অভিমান,
সেউজীয়া ই মিচিকিয়ায়,
নতুন জন্মৰ অজস্ৰ গান।
পাহাৰৰ টিঙত বহি ,
ডাৱৰে লিখে এখন চিঠি,
শিলে সামৰি থয় নিজৰ বুকুত।
মই মাথোঁ নীৰৱ শ্ৰোতা,
এই পৰিধি হীন সভাৰ,
বক্তা প্ৰকৃতি বক্তৃতা সাৱলীল,
জীৱনৰ অৰ্থ অপাৰ।।
