কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বাসভৱনত ইডিৰ অভিযান
ৰঙিলী বাৰ্ত্তাসেৱা- কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বাসগৃহত ইডিৰ অভিযান। বুধবাৰে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে কেৰালাম আৰু বেংগালুৰুৰ প্ৰায় ১০ ৰ পৰা ১২ টা স্থানত সমান্তৰালভাৱে চলাই তালাচী। কোচিন মিনাৰেলছ আৰু ৰুটাইল লিমিটেড সংক্ৰান্তীয় এক গোচৰক কেন্দ্ৰ কৰি কেতবোৰ ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ স্থানত অভিযান চলাইছিল ইডিয়ে।এই গোচৰটো মূলতঃ বিজয়নৰ কন্যা বীণা থাইকাণ্ডিয়িলৰ প্ৰতিষ্ঠান এক্সাল’জিক ছলিউচনছ প্ৰাইভেট লিমিটেডৰ বিত্তীয় লেনদেনক কেন্দ্ৰ কৰি। যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত চলাইছে। সূত্ৰৰ খবৰ, ইডিয়ে তিৰুৱনন্তপুৰমত বিজয়নৰ নতুন ভাড়াঘৰতো তালাচী চলায়। এই ঘৰটোত সম্প্ৰতি থাকিবলৈ লৈছিল কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ঘৰটোতেই থাকে বিজয়নৰ কন্যা বীণা থাইকাণ্ডিয়িলো। তদন্তৰ কেন্দ্ৰবিন্দুত আছে তেওঁৰ মালিকানাধীন আইটি সংস্থা এক্সাল’জিক ছলিউচন। কেৰালা হাইক’ৰ্টে চিএমআৰএল গোচৰৰ ইডিৰ তদন্ত খাৰিজ কৰিবলৈ অস্বীকাৰ কৰাৰ এদিন পিছতে এই অভিযান চলোৱা হয়। বিচাৰপতি টিআৰ ৰবিয়ে চিএমআৰএল আৰু সংস্থাৰ চাৰি শীৰ্ষ বিষয়াই দাখিল কৰা কেতবোৰ আবেদন খাৰিজ কৰে। এই আবেদনত ইডিৰ নথিভুক্ত এনফ’ৰ্চমেণ্ট কেছ ইনফৰ্মেচন ৰিপ’ৰ্ট (ECIR)ক প্ৰত্যাহ্বান কৰা হৈছিল। এই সমগ্ৰ বিতৰ্কটো ২০১৭ চনৰ সৈতে জড়িত, যেতিয়া কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যাৰ কোম্পানী এক্সালজিকে কোচিন মিনাৰেলছ এণ্ড ৰুটাইল লিমিটেডৰ সৈতে ছফ্টৱেৰ আৰু মাৰ্কেটিং সেৱা যোগান ধৰিবলৈ এটা আনুষ্ঠানিক চুক্তি কৰিছিল। অভিযোগ উঠিছে যে এই চুক্তিৰ চলেৰে কোনো কাম নকৰাকৈয়ে ১৩৩.৮২ কোটি টকাৰ ব্যয় দেখুৱাই সন্দেহজনক লেনদেন কৰা হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত চলাইছে।
