ঘোচ লৈ গ্ৰেপ্তাৰ এচিএছ বিষয়া লাচিত কুমাৰ দাস
ৰঙিলী বাৰ্ত্তাসেৱা- মাটি বিক্ৰীৰ অনুমতিৰ বাবে প্রয়োজনীয় এনঅ’চিৰ নামত ভুক্তভোগীক ধন দাবী কৰি দুর্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ জালত পৰিল জ্যেষ্ঠ এচিএছ বিষয়া লাচিত কুমাৰ দাস। মহানগৰীৰ ৰূপনগৰস্থিত ভূমিলেখ্য সঞ্চালকালয়ৰ অতিৰিক্ত ভূমিলেখ্য অধিকর্তাৰূপে দীর্ঘসময় ধৰি কৰ্তব্যৰত হৈ থকা বিষয়া দাসে এজন লোকৰ পৰা ভূমি বিক্ৰীৰ অনুমতিৰ বাবে প্রয়োজনীয় এনঅ’চি দিয়াৰ বাবদ নগদ ১ লাখ টকা দাবী কৰিছিল। বিচৰা ধন আদায় নিদিয়ালৈকে ভুক্তভোগী লোকজনৰ কাম কৰাৰ পৰা বিৰত আছিল দাস। ভুক্তভোগী লোকজনে শেষত উপায়ান্তৰ হৈ দুর্নীতি নিবাৰকত বিষয়াজনৰ বিৰুদ্ধে এটা গোচৰ তৰে। সেইমৰ্মে দুর্নীতি নিবাৰকে দুর্নীতিগ্রস্ত বিষয়াজনক হাতে-লোটে কৰায়ত্ত কৰাৰ বেহু ৰচনা কৰে। নগদ ৪৫ হাজাৰ টকা উৎকোচ লৈ থকাৰ সময়তে দুর্নীতি নিবাৰকৰ দলে হাতে-লোটে বিষয়াজনক কৰায়ত্ত কৰে। এই সন্দৰ্ভত দুর্নীতি নিবাৰকে ১৯/২৬ নম্বৰত এটা গোচৰ ৰুজু কৰি ঘোচখোৰ বিষয়াজনক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে পূর্বে লখিমপুৰ জিলাতো জিলা আয়ুক্ত হিচাপে কার্যনির্বাহ কৰা জ্যেষ্ঠ এচিএছ বিষয়াজনে ১৯৯৯ চনত চাকৰিত যোগদান কৰিছিল। এসময়ত কামৰূপ (মহানগৰ) জিলাতো তেওঁ কার্যনির্বাহ কৰিছিল। চাকৰিত থকা সময়ছোৱাত বহু লোকৰ পৰা বলপূর্বকভাৱে উৎকোচ লোৱাৰ অভিযোগ উঠিছে বিষয়া দাসৰ বিৰুদ্ধে। কার্যালয়ত হাতে-লোটে কৰায়ত্ত কৰাৰ পাছতে বৃহস্পতিবাৰে দুর্নীতি নিবাৰকৰ এটা দলে বিষয়াজনৰ বেলতলাৰ কুইন গার্ডেন এপার্টমেন্টত থকা ফ্লেটত অভিযান চলায়। অভিযানত দলটোৱে বৃহৎ পৰিমাণৰ নগদ ধন আৰু সোণৰ অলংকাৰ উদ্ধাৰ হৈছে। দুৰ্নীতিগ্ৰস্ত বিষয়াজনৰ ঘৰত দুপৰ নিশালৈ চলা ১০ ঘণ্টীয়া অভিযানত জব্দ হৈছে নগদ ৫০ লাখ টকা। একেসময়তে অভিযান কালত লাচিত কুমাৰ দাসৰ ঘৰত আধা কেজিতকৈ অধিক সোণৰ অলংকাৰ জব্দ হৈছে। আধা কেজি তথা ৫০০ গ্ৰাম সোণৰ বৰ্তমান বজাৰ মূল্য ৭২ লাখ ৫৭ হাজাৰৰো অধিক। ইয়াৰ উপৰি লাচিত দাসৰ একাধিক জীৱন বীমা নিগমৰ বিভিন্ন নথি-পত্ৰও উদ্ধাৰ হৈছে। লগতে লাচিত কুমাৰ দাসৰ গুৱাহাটীৰ ভিন্ন স্থানত ভূমি, ফ্লেটো আছে বুলি জানিব পৰা হৈছে।
