পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজাক হত্যা
ৰঙিলী বাৰ্ত্তাসেৱা- ২০১৯ চনৰ দেশ কঁপাই যোৱা পুলুৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা বুৰহানক গুলীয়াই হত্যা। পাক অধিকৃত কাশ্মীৰত অজ্ঞাত বন্দুকধাৰীৰ গুলীত প্ৰাণ হেৰুৱায় মাষ্টাৰমাইণ্ড হামজা বুৰহান। ২০১৯ চনত সংঘটিত পুলৱামাৰ সেই আক্ৰমণত ৪০জন চিআৰপিএফ জোৱানে প্রাণ হেৰুৱাইছিল। সেই আক্রমণকাৰীসকলক বিস্ফোৰক যোগান ধৰিছিল এইগৰাকী কুখ্যাত সন্ত্রাসবাদী হামজাই। চোৰাংচোৱাৰ তদন্তত এই কথা প্রকাশ পায়। হামজা ওৰফে ডাক্তৰ পুলৱামাৰে বাসিন্দা আছিল। ২০২২ চনত কেন্দ্রীয় গৃহ মন্ত্রালয়ে তেওঁক সন্ত্রাসবাদী বুলি ঘোষণা কৰে।পাকিস্তান অধিকৃত মুজফ্ফ্ফৰবাদত অচিনাক্ত একাধিক আক্রমণকাৰীয়ে আক্ৰমণ কৰাৰ পাছত বুৰহানৰ শৰীৰৰ কেইবাস্থানতো আঘাত পায়। উল্লেখ্য যে যোৱা কেইবছৰমান ধৰি পাক অধিকৃত কাশ্মীৰত কেইবাজনো সন্ত্রাসবাদীক হত্যাৰ খবৰ পোৱা গৈছে। হামজাৰ প্ৰকৃত নাম অর্জুমন্দ বুলজাৰ ডাৰ। তেওঁৰ জন্ম পুলৱামাৰ ৰতনীপোৰা এলেকাৰ খাৰবাতপোৰাত। ২০১৭ চনত উচ্চ শিক্ষাৰ বাবে হামজাই কাশ্মীৰ এৰি পাকিস্তানলৈ যায়। তালৈ গৈয়ে হামজাই নিষিদ্ধ আল-বদৰ সংগঠনত যোগ দিয়ে । সেই সংগঠনটোৰ কমাণ্ডাৰ পদতো অধিষ্ঠিত হয়। ইয়াৰ পিছতে দক্ষিণ কাশ্মীৰৰ পুলৱামাৰ পৰা ছোপিয়ান পর্যন্ত প্রভাৱ বিস্তাৰ কৰে হামজাই। ২০১৯ চনত পুলৱামা আক্ৰমণৰ সময়ছোৱাতে কেইবাটাও আক্রমণৰ সৈতে হামজাৰ নাম জড়িত হৈ পৰিছিল। এই ঘটনাৰ পিছতে বালাকোটলৈ সোমাই গৈ ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল ভাৰতীয় বায়ুসেনাই। চোৰাংচোৱা সূত্ৰৰ পৰা জানিব পৰা গৈছে যে পুলৱামাত আক্রমণকাৰীসকলক গ্রেনেড, বিস্ফোৰক যোগান ধৰিছিল হামজাই। ২০২০ চনৰ ১৮ নৱেম্বৰত সংঘটিত চিআৰপিএফ জোৱানৰ ওপৰত আক্ৰমণৰ ঘটনাতো তেওঁৰ নাম জড়িত হৈছিল। তাৰ পিছতে চলে দীঘলীয়া তালাচী অভিযান। কিন্তু হামজাই কোনোপ্রকাৰে পাক অধিকৃত কাশ্মীৰলৈ পলাই যাবলৈ সমর্থ হয়।
