ইটালীৰ প্রধানমন্ত্রী মেল’নিক অসমৰ এৰী চাদৰ উপহাৰ দিলে প্রধানমন্ত্রী মোদীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ এড়ী কাপোৰ বিশ্বৰ মঞ্চত জিলিকাই তুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ শেহতীয়াকৈ ইটালী ভ্ৰমণৰ সময়ত দেশখনৰ প্রধানমন্ত্রী জর্জিয়া মেল’নিক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমৰ এৰী চাদৰ উপহাৰ দিলে। এই উপহাৰে অসমৰ বিখ্যাত এড়ী ৰেচম পৰম্পৰাক উজ্জ্বল কৰি তুলিছে ৷ প্রধানমন্ত্রী মোদীয়ে মেল’নিক অসমৰ মুগাৰ ষ্টল উপহাৰ দিয়াৰ লগতে মণিপুৰৰ বিৰল ছিৰুই লিলি ফুলৰ আর্হিত প্ৰস্তুত কৰা ছিল্কৰ ষ্টলো উপহাৰ দিছিল। অসমৰ বয়ন শিল্পই আন্তঃৰাষ্ট্ৰীয় খ্যাতি আৰু বিশ্বাসযোগ্যতা লাভকৰাই নিশ্চিতভাৱে অসমৰ শিপিনীৰ বাবে গৌৰৱ আৰু আনন্দৰ ক্ষণ হিচাপে পৰিগণিত হ’ব। সেইদৰে প্রধানমন্ত্রী মোদীয়ে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্রধান ড°কু ডং ইউলৈ উপহাৰ হিচাপে আগবঢ়াইছে অসমৰ মাটিৰ গোন্ধেৰে সংপৃক্ত জহা চাউল। প্রধানমন্ত্রী মোদীয়ে আগবঢ়োৱা এই উপহাৰত অসমৰ নাম সংযোগ হৈ পৰাৰ পাছতে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রতিক্রিয়া প্রকাশ কৰি লিখিছে- আমাৰ স্বাভিমান এৰী বস্ত্ৰক বিশ্বমুখী কৰাত বিশেষ ভূমিকা গ্রহণ কৰিলে প্রধানমন্ত্রী মোদীয়ে। মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত এইবুলি উল্লেখ কৰিছে- বিশ্বৰ কূটনৈতিক মঞ্চতো এতিয়া উজলি উঠিছে অসমৰ পৰিচয়। আমাৰ গৌৰৱ, আমাৰ স্বাভিমান এৰী বস্ত্ৰক বিশ্বমুখী কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। ইটালী ভ্ৰমণৰ সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ মাননীয় প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীলৈ উপহাৰ হিচাপে আগবঢ়োৱা আমাৰ ঐতিহ্যমণ্ডিত এৰী চাদৰে পুনৰ এবাৰ বিশ্বদৰবাৰত তুলি ধৰিলে অসমৰ বয়নশিল্পৰ গৌৰৱ। বয়ন শিল্পৰ ক্ষেত্ৰত শান্তিৰ প্ৰতীক হিচাপে পৰিচিত এৰী হৈছে অসমৰ আত্মা, সংস্কৃতি আৰু স্বকীয়তাৰ এক উজ্জ্বল প্ৰতিচ্ছবি। একেদৰে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালকপ্রধান ড° কু ডংইউলৈ আগবঢ়োৱা সুগন্ধি জহা চাউলেও বিশ্ববাসীক চিনাকি কৰাই দিলে অসমৰ মাটিৰ অনন্য সুবাস। আমাৰ শিল্প, সংস্কৃতি আৰু ঐতিহ্যক বিশ্বমঞ্চত মৰ্যাদাপূৰ্ণ স্থান দিয়াৰ এই প্ৰয়াসৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমবাসীৰ হৈ জনাইছোঁ আন্তৰিক কৃতজ্ঞতা।
