বিদ্যালয়লৈ যোৱাৰ পথত সন্ধানহীন দুই ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ

বিদ্যালয়লৈ যোৱাৰ পথত সন্ধানহীন দুই ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কোকৰাঝাৰ জিলাৰ ঢোলমাৰা লালকুৰা চাহ বাগিচাৰ এটা পুখুৰীত দুই স্কুলীয়া ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হয়। দুই স্কুলীয়া ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই জিলাখনত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। উদ্ধাৰ হোৱা ছাত্রী দুগৰাকীক ক্ৰমে ঢোলমাৰা হাইস্কুলৰ নৱম শ্ৰেণীৰ ১৫ বছৰীয়া অনামিকা বাৰা আৰু ১৫ বছৰীয়া সৰিতা উৰাও বুলি জানিব পৰা গৈছে। প্রাপ্ত বাতৰি অনুসৰি  বিদ্যালয়লৈ যোৱাৰ পথতে ছাত্রী দুগৰাকী সন্ধানহীন হৈ পৰে। বিদ্যালয় ছুটী হোৱাৰ পিছতো দুয়ো ঘৰলৈ উভতি নোযোৱাত বিষয়টো পোহৰলৈ আহে। সন্ধানহীনতাৰ বাতৰি লাভ কৰি চৌদিশে বিচাৰ- খোঁচাৰ আৰম্ভ কৰা হয় যদিও তেওঁলোকৰ কোনো সন্ধান পোৱা নাযায়। অৱশেষত দুপৰীয়া ১.৩০ মান বজাত ছাত্রী দুগৰাকীৰ চাইকেল দুখন চাহ বাগানৰ এটা পুখুৰীৰ পাৰৰ পৰা উদ্ধাৰ হয়। চাইকেলৰ সন্মুখত থকা বাচকেটত ছাত্রী দুগৰাকীৰ চেণ্ডেল দুযোৰো উদ্ধাৰ হয়। পিছত স্থানীয় ৰাইজে পুখুৰীত ওপঙি থকা অৱস্থাত মৃতদেহ দুটা প্রত্যক্ষ কৰে। উক্ত ঘটনাৰ খবৰ লাভ কৰি আৰক্ষীয়ে ফৰেনছিক বাহনসহ ঘটনাস্থলীত উপস্থিত হয় আৰু উত্তেজিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। স্থানীয় ৰাইজে চাহ বাগিচাৰ পৰিচালকৰ ওপৰত ক্ষোভ প্রকাশ কৰাৰ লগতে গোটেই ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে।ইপিনে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰী দুগৰাকীৰ মৃতদেহ দুটা উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে আৰু এজন লোকক সোধা-পোছাৰ বাবে আটক কৰিছে। ইপিনে ঢোলমাৰা হাইস্কুলৰ প্ৰধান শিক্ষক যশোকান্ত ৰায়ে সদৰী কৰা মতে, নৱম শ্ৰেণীৰ ছাত্ৰী ক্রমে অনামিকা বাৰা আৰু সৰিতা উৰাওৰ উপস্থিতি শিক্ষাসেতুত আবদ্ধ হোৱা নাই। সেইসূত্রে তেওঁলোক বিদ্যালয়লৈ অহা নাছিল। কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্রকাশ মেধিয়ে আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তৰ পিছত সকলো কথা পৰিস্কাৰ হ’ব বুলি সদৰী কৰিছে।