জাগীৰোডৰ ছেমি-কণ্ডাক্টৰ – আঁহতগুৰিৰ প্ৰস্তাৱিত মেগা ইণ্ডাষ্ট্ৰিয়েল পার্ক পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

জাগীৰোডৰ ছেমি-কণ্ডাক্টৰ – আঁহতগুৰিৰ প্ৰস্তাৱিত মেগা ইণ্ডাষ্ট্ৰিয়েল পার্ক পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমক দেশৰ অন্যতম অগ্ৰণী উদ্যোগ প্ৰধান ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক সৰ্বাত্মক পৰিকল্পনা । মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কার্যকালত অসমক উদ্যোগেৰে শক্তিশালী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে ৰাজ্যখনৰ বিকাশ আৰু উন্নয়নমূলক কার্যসূচী দ্রুতগতিত আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰিছে ড° হিমন্ত বিশ্ব শৰ্মাই। এই লক্ষ্যৰে মুখ্যমন্ত্রী ড° শৰ্মাই জাগীৰোডত নির্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট প্রকল্পস্থলী আৰু আঁহতগুৰি প্ৰস্তাৱিত মেগা ইণ্ডাষ্ট্ৰীৰ পাৰ্কস্থলী পৰিদৰ্শন কৰে। মৰিগাঁও জিলাৰ আঁহতগুৰিৰ বৰবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে অঞ্চলটোত উপলব্ধ চৰকাৰী ভূমি পৰিদৰ্শন কৰে । উল্লেখ্য যে জাগীৰোড সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটোত উপলব্ধ ৩৩১ বিঘাৰো অধিক চৰকাৰী ভূমি সংৰক্ষণ কৰি বিভিন্ন চৰকাৰী অনুষ্ঠান আদি স্থাপনৰ বাবে আবণ্টনৰ পৰিকল্পনা হাতত লৈছে চৰকাৰে। মুখ্যমন্ত্রী ড° শৰ্মাই আঁহতগুৰিৰ চিপিৰি-দুৰুলাডুবি ৰাজহ গাঁৱৰ ১,০৬৭ বিঘাৰো অধিক ভূমিত প্রস্তাবিত মেগা ইণ্ডাষ্ট্ৰিয়েল পার্কস্থলীত উপস্থিত হৈ প্রকল্পটোৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

মুখ্যমন্ত্ৰীয়ে উক্ত স্থানত উপস্থিত হৈ স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে। এই পৰিদৰ্শনকালত স্থানীয় বিধায়ক পীযূষ হাজৰিকাৰ লগতে মুখ্য সচিব ৰবি কোটা আৰু অন্যান্য শীর্ষ বিষয়াসকলে মুখ্যমন্ত্রীক সংগ দিয়ে। এই ভ্রমণকালতে অসমৰ অৰ্থনীতি আৰু নিয়োগৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলগীয়া জাগীৰোডস্থিত টাটা ছেমিকণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট প্রকল্পস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। এই পৰিদৰ্শনকালত টাটা ছেমিকণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট প্রকল্পস্থলীৰ জ্যেষ্ঠ বিষয়াসকলে প্রকল্পটোৰ সাম্প্ৰতিক স্থিতি সন্দর্ভত এক চমু খতিয়ান দাঙি ধৰে মুখ্যমন্ত্ৰীক। অভিলাষী এই প্রকল্পটো নিৰ্মাণৰ কামসমূহ যাতে নিয়াৰিকৈ সম্পাদন হয়, সেই দিশত মুখ্যমন্ত্রী ড° শর্মাই সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় পৰামৰ্শ প্রদান কৰে। এই পৰিদৰ্শনকালত মুখ্যমন্ত্রীক সংগ দিয়ে প্রকল্পটোৰ সঞ্চালক আশিস মিশ্রকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই। ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° শৰ্মাই জাগীৰোডৰ ঐতিহাসিক আৰু পৱিত্ৰ গোভা দেওৰজা চাৰিভাই দেওশাল শিৱ থানত উপস্থিত হৈ ৰাজ্যবাসীৰ মংগলৰ বাবে পূজা-অর্চনা আগবঢ়ায়। শিৱথান দৰ্শনৰ পাছতে শেহতীয়াকৈ ছেটেলাইট টাউনশ্বিপ গঠনৰ বাবে জনজাতীয় এলেকাত উচ্ছেদ চলিব বুলি চলি থকা প্ৰচাৰ সন্দৰ্ভত স্থানীয় দল-সংগঠনৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীয়ে।

এই বার্তালাপতে মুখ্যমন্ত্রী ড° শর্মাই প্রতিবাদকাৰী নেতৃত্বক স্পষ্ট কৰি দিয়ে যে চৰকাৰে কোনো জনজাতীয় লোকক উচ্ছেদ নকৰে। বন বিভাগৰ মাটিত পট্টা দিবলগীয়া হ’লেও জৰীপ হ’ব লাগিব। একমাত্র জনজাতীয়সকলেহে বনভূমিত পট্টা লাভ কৰিবলৈ সক্ষম হ’ব। সকলো লোককে পট্টা দিলে কোনোবাই ন্যায়ালয়লৈ গ’লে যদি উচ্ছেদৰ নিৰ্দেশ দিয়ে তেন্তে চৰকাৰে উচ্ছেদ কৰিব লাগিব। সেয়েহে জাগীৰোডৰ সিদ্ধিশ্বৰৰ মাটিত পট্টা দিবলৈ হ’লে চৰকাৰে সমপৰিমাণৰ মাটি বন বিভাগক চমজাই দিব লাগিব। গতিকে স্থানীয় লোকসকলে জৰীপৰ কামত চৰকাৰক সহযোগ কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে আজি ইয়াকো স্পষ্ট কৰে যে সিদ্ধিশ্বৰৰ ২,৭০০ বিঘা মাটি মুকলি কৰি তিৱা লোকক পট্টা দিবলৈ হ’লে বেলেগ স্থানত সমপৰিমাণৰ ভূমি বন বিভাগক দিব লাগিব। তিৱা ৰাইজক পট্টা দিয়াৰ পিছত ৰৈ যোৱা চৰকাৰী ভূমিত মহাবিদ্যালয়, চিকিৎসালয় স্থাপন হ’ব, কিন্তু কোনো কাৰণতে ছেটেলাইট টাউনশ্বিপ নহয়।