অশান্ত সময়
প্ৰভাত বণিয়া
অশান্ত সময়
মাথো ঘৃণাৰ চিন্তা চৰ্চাকলুষিত পৰিবেশ প্ৰদ্যুষিত মন মগজু
আজব কৰ্ম কাণ্ড বিচলিত জনগণ
চিন্তিত সুধীজন
স্বচ্ছ সমাজ আজি অশান্ত ,কোলাহল,
অসৌজন্যতাবোধ, অৰূচিপূৰ্ণ কথা-বাৰ্তা,
অনাকাংক্ষিত আচৰণ
অস্বস্তিত জীৱন-যৌৱন
মূল্যবোধৰ দ্ৰুত পতন
অস্থিৰ স্বাধীনতা ভাৰাক্ৰান্ত মন
জ্ঞানী লোকৰ অমৃত বচন আজি যেন অচল
কোন আপোন কোন পৰ
শত্ৰু মিত্ৰৰ স্বৰূপ চিনিব নোৱাৰি
পিছে ধৰ্ম বৰ্ণ জাতি-অজাতিৰ
দাম্ভিক অহংকাৰ অস্বীকাৰ কৰি
সকলো একলগ হোৱাৰ সুচল পথ দেখুৱাই
যোৱা পৰম পুৰুষ পিতামহৰ সদুপদেশ আছে হৃদয় ভৰি
আজিও উচ্ছাৰিত “যত জীৱ,তত শিৱ”
মানুহ মানুহৰ বাবে
শত্ৰুৰ কুটিল ৰণচালি দিম হুৰাই
ভয় শংকা, সন্দেহ,অপপ্ৰচাৰ দূৰতে বিদূৰ হ’ব
অতল বিশ্বাস, পাৰস্পৰিক বুজাবুজি
আত্মিক দয়া মমতা প্ৰেম প্ৰীতিৰে অন্তৰ জিনিম
জয় হ’ব মানৱতাৰ।
