লক্ষ্ণৌ ছুপাৰ জায়ান্টছক ৭ উইকেটত পৰাস্ত ৰাজস্থান ৰয়েলছৰ

Pc The Indian Express

লক্ষ্ণৌ ছুপাৰ জায়ান্টছক ৭ উইকেটত পৰাস্ত ৰাজস্থান ৰয়েলছৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক বেটিঙৰ সহায়ত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়ান্টছক ৭ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে ২০ অভাৰত ৫ উইকেট হেৰুৱাই ২২০ ৰান সংগ্ৰহ কৰিছিল। লক্ষ্য অনুসৰণ কৰি ৰাজস্থানে ১৯.২ অভাৰত ৩ উইকেটত জয় সাব্যস্ত কৰে। দলটোৰ হৈ বৈভৱ সূর্যবংশীয়ে সর্বাধিক ৯৩ ৰান সংগ্রহ কৰে। তেওঁ ৩৮টা বলত ৭টা চাৰি আৰু ১০টা ছয়ৰ সহায়ত এই বিধ্বংসী ইনিংছ খেলে। এই জয়ৰ লগে লগে ৰাজস্থানে প্লে-অফৰ আশা অটুট ৰাখিবলৈ সক্ষম হৈছে। এই জয়ৰ পিছত ৰাজস্থানৰ ১৩খন মেচত ১৪ পইন্ট হৈছে। এতিয়া অন্তিমখন মেচ জিকিলে দলটোৱে ১৬ পইন্টলৈ যাব পাৰিব। বর্তমান প্লে-অফৰ শেষৰটো স্থানৰ বাবে ৫টা দলৰ মাজত তীব্র প্রতিদ্বন্দ্বিতা চলি আছে। এই দলসমূহৰ ভিতৰত ৰাজস্থানেই একমাত্র দল, যিয়ে ১৬ পইন্ট লাভ কৰি পোনপটীয়াকৈ প্লে-অফত প্ৰৱেশ কৰিব পাৰে।মেচখনত ৰাজস্থানৰ অধিনায়ক জয়ছোৱালে টছ জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্রথমে বেটিং কৰা লক্ষ্ণৌৰ হৈ অপেনাৰ মার্শ্বে ৫৭টা বলত ১১টা চাৰি আৰু ৫টা ছয়ৰ সহায়ত ৯৬ ৰান সংগ্ৰহ কৰে। কিন্তু বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক বেটিঙে তেওঁৰ ইনিংছ নিষ্ফল কৰি তোলে। বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ নামি ৰাজস্থানে আৰম্ভণিৰ পৰাই দখল বজাই ৰাখে। দলটোৰ হৈ জয়ছোৱাল আৰু বৈভৱ সূর্যবংশীয়ে প্রথম উইকেটৰ বাবে ৩৯টা বলত ৭৫ ৰান গঢ়ে। তাৰ পিছত বৈভৱে ধ্রুৱ জুৰেলৰ সৈতে দ্বিতীয় উইকেটৰ বাবে ৪৫টা বলত ১০১ ৰানৰ যুটি গঢ়ি ৰাজস্থানৰ জয় প্রায় নিশ্চিত কৰি তোলে। ইয়াৰ পিছত ধ্ৰুৱ জুৰেল আৰু প্রেটোৰিয়াছে তৃতীয় উইকেটৰ বাবে ১৪টা বলত ১৬ ৰান যোগ কৰে। অন্তত ধ্ৰুৱ জুৰেল আৰু ডেনোভান ফেৰেইৰাই ১৭টা বলত অপৰাজিত ২৯ ৰান কৰি দলটোক জয়ৰ লক্ষ্যত উপনীত কৰে।