২ লাখ টকা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ডিএফঅ’ 

২ লাখ টকা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ডিএফঅ’ 

ৰঙিলী বাৰ্ত্তাসেৱা- দুই লাখ টকা উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ এগৰাকী ডি এফ অ’। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন সংমণ্ডল বিষয়া অবিনাশ বসুমতাৰীক নিজ কার্যালয় কক্ষত দুই লাখ টকা উৎকোচ লোৱাৰ সময়ত  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পৰ্বতঝোৰা বন সংমণ্ডল বিষয়া অবিনাশ বসুমতাৰী দীর্ঘদিনৰ পৰা পৰ্বতঝোৰাৰ বনজ সম্পদ ৰক্ষাৰ নামত দুর্নীতিত লিপ্ত হৈছিল। চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ পৰা প্ৰাপ্য ধন আদায় দিয়াৰ নামত অভিযোগকাৰী ঠিকাদাৰ এজনৰ পৰা দুই লাখ টকা উৎকোচ বিচাৰে। উপায়ান্তৰ হৈ অভিযোগকাৰী ঠিকাদাৰৰ্জনে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত অভিযোগ দাখিল কৰে। এই অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ দুর্নীতি নিবাৰক শাখাৰ দলে মঙলবাৰে পর্বতঝোৰা মহকুমাৰ অন্তৰ্গত সুপাৰীঘাটত থকা পর্বতঝোৰা বন সংমণ্ডল কার্যালয়ত অতর্কিতে অভিযান চলাই দুই লাখ টকা উৎকোচ গ্রহণ কৰা অৱস্থাত অবিনাশ বসুমতাৰীক কৰায়ত্ত কৰে। বৰ্তমানে বন বিষয়া অবিনাশ বসুমতাৰীক মুখ্যমন্ত্ৰীৰ দুর্নীতি নিবাৰক শাখাৰ দলে কাৰ্যালয় কক্ষত সোধা-পোছা কৰি আছে। লগতে বিভিন্ন সময়ত তেওঁৰ বিৰুদ্ধেউত্থাপিত হৈ থকা দুর্নীতি সন্দৰ্ভত তন্ন তন্নকৈ পৰীক্ষা-নিৰীক্ষা কৰি আছে। মুখ্যমন্ত্ৰীৰ দুর্নীতি নিবাৰক শাখাৰ দলটোৱে আৰক্ষীৰ সহযোগত দুর্নীতিগ্ৰস্ত বিষয়াজনৰ চিৰাঙত থকা নিজা বাসগৃহত অভিযান চলায়।