ৰিণিকি ভূঞা শৰ্মাৰ গোচৰত এইবাৰ সাংসদ ৰণদীপ সিং সূর্যেৱালালৈ জাননী অসম আৰক্ষীৰ

Pc NDTV

ৰিণিকি ভূঞা শৰ্মাৰ গোচৰত এইবাৰ সাংসদ ৰণদীপ সিং সূর্যেৱালালৈ জাননী অসম আৰক্ষীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰিণিকি ভূঞা শৰ্মাই কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে তৰা গোচৰত এইবাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰণদীপ সিং সূৰ্যেৱালাক জাননী জাৰি কৰিছে অসম আৰক্ষীৰ অপৰাধ শাখাই। অহা ২৩ মে’ৰ ভিতৰত অপৰাধ শাখাৰ সমুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে কংগ্ৰেছ নেতাগৰাকীক ৷ মুখ্যমন্ত্ৰীৰ পত্নীৰ পাছপৰ্ট তথা বিদেশত সম্পত্তি থকা বুলি কংগ্ৰেছে কৰা দাবীৰ পৰিপ্ৰেক্ষিতত এক গোচৰ তৰিছিল ৰিণিকি ভূঞাই ৷ এই সকলোবোৰ তথ্য ভুৱা বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীয়ে ৷ উল্লেখ্য যে ৰাজ্যসভাৰ কংগ্ৰেছ সাংসদ ৰণদীপ সিং সূৰ্যেৱালাৰ নাম জেৰাৰ সময়ত পৱন খেড়াই উল্লেখ কৰিছিল।  মন কৰিবলগীয়া যে ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে অনা ভুৱা অভিযোগৰ বাবে ইতিমধ্যে অপৰাধ শাখাত ৰুজু হোৱা গোচৰৰ ভিত্তিত কংগ্ৰেছ নেতা পৱন খেড়াক অসম আৰক্ষীয়ে দুবাৰকৈ জেৰা কৰিছে। অহা ২৫ মে’ত পুনৰ অসম আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব পৱন খেড়া। ইতিপূর্বে দুবাৰকৈ জেৰাৰ সন্মুখীন হোৱা পৱন খেড়াই তেওঁক যোগান ধৰা এই ভুৱা তথ্যৰ আঁৰত কোন কোন লোক আছিল, সেইসকলৰ নাম উল্লেখ কৰিছে। আৰক্ষীয়ে পৱন খেড়াৰ স্বীকাৰোক্তিৰ ভিত্তিতেই কংগ্ৰেছ সাংসদ ৰণদীপ সিং সূৰ্যেৱালাক জেৰাৰ বাবে জাননী প্ৰেৰণ কৰিছে। মন কৰিবলগীয়া যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে দিল্লীত যথেষ্ট সৰৱ হৈ থকা ৰণদীপ সিং সূর্যেৱালা ৰাহুল গান্ধীৰো যথেষ্ট ঘনিষ্ঠ।