এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ১৬ মে’ত সদৌ অসমৰ লগতে ইলোৰা বিজ্ঞান মঞ্চ,ডিব্ৰুগড় শাখাইয়ো প্রতিষ্ঠা দিবস উদ্যাপন কৰে। এই উপলক্ষে ডিব্ৰুগড়ৰ খামটিঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠানটি উদ্যাপন কৰা হয়। ডিব্ৰুগড় শাখাৰ বহুকেইজন সমল ব্যক্তিয়ে অংশগ্রহণ কৰা এই অনুষ্ঠানৰ আৰম্ভণিতে ইলোৰা ৰায়চৌধুৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বস্তি প্রজ্বলন কৰা হয়। খামটিঘাট উঃ মাঃ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অপৰাজিতা কোঁৱৰে সম্পাদনা কৰা অনুষ্ঠানত ডিব্ৰুগড় শাখাৰ সভাপতি প্ৰমুখ্যে আন সমল ব্যক্তিসকলেও অংশ লয়। সভাত সভাপতিত্ব কৰে ডিব্ৰুগড় শাখাৰ সভাপতি মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা গায়ত্রী গোস্বামীয়ে। মূল বক্তা হিচাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্রায়োগিক ভূতত্ব বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা কল্পনা ডেকা কলিতা আৰু কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা প্রাণীতত্ব বিভাগৰ মুৰব্বী আৰু উপাধ্যক্ষা সুদক্ষিণা দাস বৰদলৈয়ে বক্তব্য ৰাখে। সভাৰ আৰম্ভণিতে ইলোৰা বিজ্ঞান মঞ্চৰ সমন্বয়ৰক্ষী ড° কল্পনা ডেকা কলিতাই গ্রহ-নক্ষত্ৰ আৰু মানুহে ব্যৱহাৰ কৰা পাথৰ আদিৰ লগত জড়িত অন্ধবিশ্বাসৰ বিষয়ে তথ্যসহকাৰে বিৱৰি কয়। তেখেতে আমি পৰিধান কৰা পাথৰযুক্ত আঙুঠি আদি সম্পৰ্কত প্ৰকৃতাৰ্থত ভূগৰ্ভত কেনেকৈ শিল বা পাথৰসমূহ গঠন হয় আৰু ইয়াৰ লগত জড়িত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে বিশদভাৱে ছাত্র-ছাত্রী, শিক্ষক আৰু উপস্থিত ৰাইজৰ মাজত দাঙি ধৰে। গেলিলিঅ’, আইনষ্টাইন, সৰ্বপল্লী ৰাধাকৃষ্ণণ আদিৰ ভূমিকা সম্পৰ্কেও বক্তব্য ৰাখে। আনগৰাকী বক্তা সুদক্ষিণা দাস বৰদলৈয়ে ছাত্ৰ-ছাত্ৰীৰ মাজলৈ গৈ অন্ধবিশ্বাস- কুসংস্কাৰে বিভিন্ন ক্ষেত্রত কেনেকৈ প্ৰভাৱিত কৰি আছে আৰু এইবোৰ কেনেকৈ বিজ্ঞানমনস্কতাৰ দ্বাৰা মানুহক শিক্ষিত কৰি তুলিব পাৰি সেই সম্পৰ্কে বক্তব্য প্ৰদান কৰে। প্ৰকৃতি জগত বা মানৱ সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰ ব্যাপ্ত হৈ থকাৰ কথা ডাঙি ধৰি ইয়াৰ নিৰাময়ৰ বাবে গুৰুত্ব আৰোপ কৰে। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্রভাৱৰ বাবে কেনেকৈ প্ৰকৃতিৰ ওপৰত মানৱ জাতিয়ে অতীজৰে পৰা অত্যাচাৰ চলাই আহিছে আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে সজাগ হোৱাৰ প্ৰতি গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী বক্তাই ডাইনী সজাই মানুহক কেনেকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে, সেই সম্পৰ্কত সকলোৱে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কৱলৰ পৰা মুক্ত হ’বৰ বাবে আমি সকলোৱে সজাগতা সৃষ্টিৰ বাবে দায়বদ্ধ হ’ব লাগে বুলি মতপোষণ কৰে। তাৰোপৰি সদস্য নকুল খাউণ্ডে অন্ধবিশ্বাসৰ কৱলৰ পৰা মুক্ত হোৱা কেইবাটাও উদাহৰণ ডাঙি ধৰি এখন সুস্থ বিজ্ঞানমনস্কতাৰে প্ৰভাৱিত সমাজৰ কথা উল্লেখ কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ সমল ব্যক্তি কেইগৰাকীয়ে আগবঢ়ায়। সভাৰ আৰম্ভণিতে ইলোৰা বিজ্ঞান মঞ্চৰ মন্দিৰ সমন্বয়ৰক্ষী জগন্নাথ ফুকনে ইলোৰা বিজ্ঞান মঞ্চই অসমৰ লগতে ডিব্ৰুগড় জিলাত কৰা কামকাজ সম্পৰ্কত সবিশেষ ডাঙি ধৰে ।ইতিমধ্যে মঞ্চৰ জৰিয়তে দেহদান , নেত্ৰদান সম্পন্ন কৰি চিকিৎসাৰ ক্ষেত্ৰখনক কেনেধৰণৰ সহায়ৰ হাত আগবঢ়াই আহিছে সেই সম্পৰ্কে বিশদভাৱে বক্তব্য ৰাখে। সভাত বিজ্ঞান মঞ্চৰ মূল সংগীত পৰিবেশন কৰে সদস্য স্মৃতিৰেখা দেৱী আৰু অজন্তা ফুকনে ইলোৰা বিজ্ঞান মঞ্চৰ ডিব্ৰুগড় শাখাৰ সম্পাদক প্ৰণৱ শইকীয়াই ছাত্র-ছাত্রী, শিক্ষক- শিক্ষয়িত্ৰী সকলৰ মাজত পুস্তিকা আৰু তথ্য সম্বলিত পত্রিকা প্ৰকাশ কৰে। সভাত বিদ্যালয়ৰ শিক্ষক ৰূদ্ৰেশ্বৰ সোনোৱাল আৰু হেমন্ত কোঁৱৰে সভাখন সুচাৰুৰূপে হৈ উঠাত আগভাগ লয় আৰু আন সকল শিক্ষক-কর্মচাৰীয়ে অংশগ্ৰহণ কৰে।
ডিব্ৰুগড়ত ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা দিৱস উদ্যাপন
ডিব্ৰুগড়ত ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা দিৱস উদ্যাপন: অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধিতা
