অসমৰ ভৱিষ্যৎ উন্নয়নৰ বাবে নতুন চৰকাৰৰ কৰণীয়
ড° বুলজিৎ বুঢ়াগোহাঁই
আজাৰা,গুৱাহাটী
১২ মে’ ২০২৬ তাৰিখে তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অসমত শপত গ্ৰহণ কৰিব। এই বৃহৎ জনমত কেৱল এটা ৰাজনৈতিক বিজয় নহয়, ই জনসাধাৰণে চৰকাৰৰ ওপৰত প্ৰকাশ কৰা গভীৰ আস্থা, আশা আৰু দায়িত্বৰ প্ৰতিফলন। সেয়ে ৰাজ্যবাসীৰ আশা-আকাংক্ষা যথেষ্ট বেছি হোৱাটো স্বাভাৱিক। আমি জনসাধাৰণ হিচাপে নতুন চৰকাৰৰ পৰা বিশেষকৈ নিয়োগ, শিক্ষা, স্বাস্থ্য, বান নিয়ন্ত্ৰণ, উদ্যোগ আৰু স্বচ্ছ শাসনৰ ক্ষেত্ৰত দৃশ্যমান উন্নয়ন আশা কৰিছো।
অসমৰ বহু শিক্ষিত যুৱক-যুৱতী আজিও নিবনুৱাত্বৰ সমস্যাৰ সন্মুখীন হৈ আছে। সেয়ে স্বচ্ছ আৰু সময়মতে চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া নিশ্চিত কৰাটো অত্যন্ত প্রয়োজনীয়। ইয়াৰ লগতে উদ্যোগ আৰু ব্যক্তিগত খণ্ডৰ বিস্তাৰৰ জৰিয়তে অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব লাগে। ষ্টাৰ্টআপ, স্বনিয়োজন আৰু ক্ষুদ্ৰ উদ্যোগসমূহক উৎসাহিত কৰাৰ বাবে সহজ ঋণ, প্ৰশিক্ষণ আৰু কাৰিকৰী সহায় আগবঢ়োৱা উচিত। বৰ্তমান সময়ৰ চাহিদা অনুসৰি চাকৰিমুখী দক্ষতা উন্নয়ন কাৰ্যসূচীৰ জৰিয়তে যুৱসমাজক আত্মনিৰ্ভৰশীল আৰু কৰ্মক্ষম কৰি তোলাৰ ওপৰত চৰকাৰে অধিক গুৰুত্ব দিব লাগে।
অসমৰ বহু শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক বা স্নাতক শিক্ষা সম্পূৰ্ণ কৰাৰ পাছতো বহুমুখী কেৰিয়াৰ সুযোগসমূহৰ বিষয়ে স্পষ্ট ধাৰণা নাপায়। অধিকাংশই চিকিৎসা, অভিযান্ত্ৰিক, শিক্ষকতা বা চৰকাৰী চাকৰিৰ মাজতেই সীমাবদ্ধ হৈ থাকে। কিন্তু আধুনিক বিশ্বত তথ্য-প্ৰযুক্তি, ডিজিটেল সেৱা, কৃষি-প্ৰযুক্তি, পৰ্যটন, উদ্যোগীকৰণ আৰু সৃষ্টিশীল উদ্যোগৰ দৰে বহু নতুন ক্ষেত্ৰত সম্ভাৱনা বৃদ্ধি পাইছে। সেয়ে ,কেৰিয়াৰ পৰামৰ্শ কেন্দ্ৰ স্থাপন কৰি শিক্ষাৰ্থীসকলক শিক্ষা, বৃত্তি, দক্ষতা বিকাশ, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু নিয়োগৰ বিষয়ে সঠিক দিশ-নিৰ্দেশনা দিয়াটো সময়ৰ দাবী।
অসমত প্ৰতি বছৰে বানপানী আৰু নদী গৰাখহনীয়াই হাজাৰ হাজাৰ লোকৰ জীৱন-জীৱিকা ধ্বংস কৰি আহিছে। সেয়ে স্থায়ী বান নিয়ন্ত্ৰণ ব্যৱস্থা, শক্তিশালী বান্ধ নিৰ্মাণ আৰু উন্নত পানী নিষ্কাশন ব্যৱস্থা গঢ়ি তোলাটো অতি প্রয়োজনীয়। বিজ্ঞানভিত্তিক নদী ব্যৱস্থাপনা আৰু দীর্ঘম্যাদী পৰিকল্পনাৰ জৰিয়তে নদী গৰাখহনীয়াৰ স্থায়ী সমাধান বিচাৰিব লাগিব। লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ দ্ৰুত পুনৰ্সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণ নিশ্চিত কৰাটোও চৰকাৰৰ দায়িত্ব।
উন্নত শিক্ষা আৰু স্বাস্থ্যসেৱা এখন উন্নত সমাজ গঢ়াৰ মূল ভিত্তি। বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ মান উন্নয়ন কৰাৰ লগতে দক্ষ শিক্ষক নিয়োগ আৰু আধুনিক শিক্ষাসামগ্ৰীৰ ব্যৱস্থা কৰিব লাগে। আনহাতে, গ্ৰাম্য স্বাস্থ্যকেন্দ্ৰসমূহ আধুনিক সা-সুবিধাৰে শক্তিশালী কৰি চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ অভাৱ দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। কম খৰচতে উন্নত চিকিৎসা লাভৰ সুবিধা সাধাৰণ জনসাধাৰণৰ অধিকাৰ হোৱা উচিত।
ইয়াৰ উপৰিও, উদ্যোগ, পৰিকাঠামো, যোগাযোগ ব্যৱস্থা, পৰ্যটন আৰু ক্ষুদ্ৰ উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰতো চৰকাৰে অধিক মনোযোগ দিব লাগে। অসমৰ ভাষা, সাহিত্য, সংস্কৃতি আৰু থলুৱা জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত ৰখাটোও সমানেই গুৰুত্বপূর্ণ। গুৱাহাটীকে ধৰি ডাঙৰ চহৰসমূহত যানজট, কৃত্ৰিম বান আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ সমস্যাৰ স্থায়ী সমাধান বিচাৰিব লাগিব।
আমি এখন স্বচ্ছ, দায়বদ্ধ আৰু জনমুখী শাসন ব্যৱস্থাৰ আশা কৰো। দুর্নীতিমুক্ত প্ৰশাসন, সহজ জনসেৱা আৰু ডিজিটেল শাসন ব্যৱস্থাৰ উন্নয়নে জনসাধাৰণৰ আস্থা অধিক শক্তিশালী কৰিব। আগন্তুক বছৰসমূহত চৰকাৰৰ সফলতা মূল্যায়ন কৰা হ’ব বাস্তৱ উন্নয়ন, নিয়োগ সৃষ্টি, শিক্ষা-স্বাস্থ্যৰ মান উন্নয়ন আৰু সাধাৰণ মানুহৰ জীৱনমান কিমান উন্নত হৈছে তাৰ ভিত্তিত। জনকল্যাণমূলক, স্বচ্ছ আৰু দায়বদ্ধ শাসন ব্যৱস্থাইহে অসমৰ সামগ্ৰিক উন্নয়নৰ পথ অধিক সুদৃঢ় কৰিব।
