ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে চাৰিগৰাকী বিধায়কে মন্ত্ৰী হিচাপে ল’ব শপত

ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে চাৰিগৰাকী বিধায়কে মন্ত্ৰী হিচাপে ল’ব শপত

ৰঙিলী বাৰ্ত্তাসেৱা- আজি ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন নতুন ৰাজ্য চৰকাৰখনে শপত গ্রহণ কৰিব। এই শপত গ্রহণ অনুষ্ঠানত মুখ্যমন্ত্রীৰূপে ড° হিমন্ত বিশ্ব শর্মাই শপত লোৱাৰ লগতে মন্ত্রী হিচাপে কোনে কোনে এই অনুষ্ঠানতে শপত ল’ব তাক লৈ জল্পনা-কল্পনা অব্যাহত থকাৰ মাজতে সোমবাৰৰ নিশা সেই উৎকণ্ঠাৰ অৱসান পৰে। দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিতশ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্রী নির্মলা সীতাৰমন, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপৰি কেইবাগৰাকী কেন্দ্রীয় মন্ত্রী, এনডিএ শাসিত ২১ খন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীসকল, তদুপৰি দেশৰ কেইবাগৰাকীও আগশাৰীৰ উদ্যোগপতি, ৰাজ্যৰ সত্ৰাধিকাৰসকল, বিজেপি আৰু অগপৰ বুথ কমিটীৰ সভাপতিসকল, ৰাজ্যৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্রতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত হ’বলগা এই শপত গ্রহণ অনুষ্ঠানত বিজেপিৰ দুগৰাকী, সহযোগী দল অগপ আৰু বিপিএফৰ এগৰাকীকে মুঠ চাৰিগৰাকী বিধায়কে কাইলে শপত ল’ব বুলি সোমবাৰে নিশা আনুষ্ঠানিক ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই ঘোষণা কৰি কয় যে আপোনালোকক পৰম উৎসাহেৰে জনাব বিচাৰো যে মঙলবাৰে  চাৰিগৰাকী সতীর্থই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গৌৰব্বময় উপস্থিতিত মোৰ সৈতে মন্ত্রী হিচাপে শপত গ্রহণ কৰিব। তেখেতসকল হ’ল- ৰামেশ্বৰ তেলী, অতুল ব্বা, চৰণ বড়ো আৰু অজন্তা নেওগ। তদুপৰি মাননীয় বিধায়ক শ্ৰীৰণজিৎ কুমাৰ দাস ডাঙৰীয়াক অসম বিধান সভাৰ সন্মানীয় অধ্যক্ষ পদৰ বাবে আমাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিবলৈ পাই অত্যন্ত আনন্দিত। প্ৰতিগৰাকী সন্মানীয় সতীৰ্থলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। আমি সকলোৱে নিশ্চিতভাৱে একেলগে পূৰ্ণ নিষ্ঠাৰে অধিক শক্তিশালী, উন্নত আৰু সমৃদ্ধ অসম গঢ়াৰ লক্ষ্যত কাম কৰি যাম। স্বাভাৱিকতে সোমবাৰৰ নিশা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ এই আনুষ্ঠানিক ঘোষণা পিছতে শপত গ্ৰহণৰ পূৰ্বে অব্যাহত থকা মন্ত্রিত্বকেন্দ্রিক জল্পনা-কল্পনাবো অৱসান ঘটে। অৱশ্যে সম্পূর্ণ মন্ত্রীসভাখন কেতিয়া ঘোষণা কৰা হয় আৰু তাত কোনে কোনে স্থান লাভ কৰে সেয়া লক্ষণীয় হ’ব।